যোৰহাট: সোমবাৰে যোৰহাট জিলা পৰিষদৰ উদ্যোগত চন্দ্ৰকমল বেজবৰুৱা বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'বিকশিত ভাৰত - গেৰাণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) আইন, ২০২৫' (VBGRAMG) সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যৰে এখন জিলা পৰ্যায়ৰ "পঞ্চ সন্মিলন" অনুষ্ঠিত হয়।
অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ আয়ুক্তৰ নিৰ্দেশনামৰ্মে আয়োজিত এই সন্মিলনৰ মূল উদ্দেশ্য আছিল ত্ৰি-স্তৰীয় পঞ্চায়তী ৰাজ ব্যৱস্থাৰ নিৰ্বাচিত প্ৰতিনিধি আৰু বিষয়া-কৰ্মচাৰীসকলক 'বিকশিত ভাৰত - গেৰাণ্টী ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন (গ্ৰামীণ) আইন, ২০২৫'ৰ বিভিন্ন ধাৰা তথা কাৰ্যকৰীকৰণৰ গাঁথনি সম্পৰ্কে সবিশেষ অৱগত কৰা।
অনুষ্ঠানত বিষয় বিশেষজ্ঞ লখী সন্দিকৈ আৰু পাৰ্থ প্ৰতিম দত্তই উপস্থিত প্ৰতিনিধিসকলক প্ৰশিক্ষণ প্ৰদান কৰে। প্ৰশিক্ষণত 'VBGRAMG' আইনখনৰ বিষয়ে বিস্তৃত আলোচনাৰ লগতে ইয়াৰ মূল উদ্দেশ্যসমূহ, মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ নিয়োগ গেৰাণ্টী আইন (MGNREGA) আৰু VBGRAMG-ৰ মাজৰ প্ৰভেদ, 'বিকশিত গাঁও পঞ্চায়ত পৰিকল্পনা' (VGPP) তথা অন্যান্য বহুতো গুৰুত্বপূৰ্ণ বিষয় সামৰি লোৱা হয়।
অনুষ্ঠানৰ শেষত জিলা পৰিষদৰ সভাপতি সুৰজিত শইকীয়াই শলাগৰ শৰাই আগবঢ়ায়। তেওঁ উপস্থিত সকলোকে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে 'বিকশিত ভাৰত'ৰ সপোন বাস্তৱায়িত কৰিবলৈ সকলোকে সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবলৈ আহ্বান জনায়।
আজিৰ এই অনুষ্ঠানত সন্মিলনত যোৰহাট জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ বৰুৱা ,খণ্ড উন্নয়ন বিষয়াসকল, ১৬ খন গাঁও পঞ্চায়তৰ সদস্যসকল, আঞ্চলিক পঞ্চায়তৰ সভাপতি-সভানেত্ৰীসকল, গাঁও পঞ্চায়তৰ সভাপতি-সভানেত্ৰীসকলৰ লগতে সংশ্লিষ্ট অন্যান্য বিভাগীয় বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।