নগাঁও : "কথাতে কয় যে, ছৱিয়ে কেতিয়াও মিছা নকয়। আলোকচিত্ৰই সত্যক যথাৰ্থ ৰূপত তুলি ধৰে"। আজি 'বিশ্ব আলোকচিত্ৰ দিৱস' উপলক্ষে নগাঁৱৰ প্ৰণৱ বৰুৱা কলাক্ষেত্ৰত অনুষ্ঠিত আলোকচিত্ৰ প্ৰদৰ্শনী এখন উদ্ধোধন কৰি দিয়া ভাষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এইদৰে কয়। তেওঁ কয় যে, আধুনিক কলা হিচাপেও আলোকচিত্ৰৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই আমাক সমাজৰ হকে, মানৱতাৰ হকে ভাবিবলৈ শিকাই, চিন্তাৰ খোৰাক যোগায়।
ভিউফাইণ্ডাৰ ফটোগ্ৰাফী প্ৰতিষ্ঠান আৰু কেনন প্ৰতিষ্ঠানৰ যৌথ উদ্যোগত অনুষ্ঠিত এই আলোকচিত্ৰৰ প্ৰদৰ্শনী তথা কৰ্মশালাখন মুকলি কৰি দিয়া ভাষণত জিলা আয়ুক্তগৰাকীয়ে আলোকচিত্ৰ কলাৰ গুৰুত্ব আৰু সমাজত ইয়াৰ প্ৰভাৱৰ বিষয়ে আলোকপাত কৰে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে নগাঁও পৌৰসভাৰ উপ-সভাপতি সীমান্ত বৰাও দুআষাৰ কয়। আজি আৰু কাইলৈ , অৰ্থাৎ ১৯ আৰু ২০ আগষ্টত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই আলোকচিত্ৰ প্ৰদৰ্শনীখনি প্ৰতিদিনে পুৱা ১১ বজাৰ পৰা নিশা ৮ বজালৈ দৰ্শকসকলৰ বাবে মুকলি থাকিব।
আয়োজক সকলে জানিবলৈ দিয়া মতে, এই প্ৰদৰ্শনীত দৃষ্টি আকৰ্ষণকাৰী আলোকচিত্ৰসমূহৰ উপৰিও কেমেৰাৰ লাইভ ডেম', কাৰিগৰী কৰ্মশালা, ফটো ৰিভিউ, প্ৰশ্নোত্তৰ খণ্ড আৰু বিভিন্ন ধৰণৰ আমোদজনক কাৰ্যসূচী অন্তৰ্ভুক্ত কৰা হৈছে।উদ্বোধনী অনুষ্ঠানত ভিউফাইণ্ডাৰৰ পৰিচালন সঞ্চালক নৃপেন শইকীয়াৰ লগতে ব্যৱস্থাপনা সমিতিৰ সদস্যসকল আৰু প্ৰদৰ্শনীত অংশগ্ৰহণ কৰা আলোকচিত্ৰশিল্পীসকল উপস্থিত থাকে।