₹17.5 Crore Worth Drugs Destroyed in NagaonDrug Destruction in Nagaon: নগাঁৱত জ্বলাই ধ্বংস ১৭ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ

নগাঁওঃ নগাঁও জিলাত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ বৃহৎ পদক্ষেপ হিচাপে বুধবাৰে প্ৰায় ১৭ কোটি ৫০ লাখ টকাৰ নিচাজাতীয় সামগ্ৰী ধ্বংস কৰা হয়। বিগত দুটা বৰ্ষত নগাঁও আৰক্ষীয়ে বিভিন্ন স্থানত চলোৱা অভিযানত জব্দ কৰা এই ড্ৰাগছসমূহ নগাঁও জিলাৰ তেলীয়া বৰজহা অঞ্চলত থকা ইটা ভাটাত নিয়ন্ত্ৰিত পদ্ধতিত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ উপস্থিতিত জ্বলাই সম্পূৰ্ণৰূপে ধ্বংস কৰা হয় (Drug Destruction in Nagaon)।

ধ্বংস কৰা নিচাজাতীয় সামগ্ৰীৰ ভিতৰত আছিল ৬ কেজি ৩৪৫ গ্ৰাম হেৰুইন, প্ৰায় ২৪৮ কেজি গাঞ্জা, লগতে বিপুল পৰিমাণৰ নিচাজাতীয় চিৰাপ, টেবলেট, ভাং আদি। আৰক্ষীৰ মতে, এই সকলোবোৰ সামগ্ৰীৰ বজাৰমূল্য প্ৰায় ১৭ কোটি ৫০ লাখ টকা(Nagaon Police Drug Action)।

এই ধ্বংস প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে আইনী বিধি অনুসৰি সম্পন্ন কৰা হয়। নগাঁও আৰক্ষীৰ শীৰ্ষ বিষয়াসকলৰ উপস্থিতিত আৰু প্ৰয়োজনীয় প্ৰশাসনিক অনুমতি লৈ বুধবাৰে এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ড্ৰাগছ ধ্বংস কৰাৰ সময়ত পৰিবেশ সুৰক্ষাৰ প্ৰতিও বিশেষ গুৰুত্ব দিয়া হয় বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে (Assam Drug News)।

নগাঁও আৰক্ষীয়ে জনায় যে, বিগত দুটা বৰ্ষত জিলাখনত ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যৱসায়ীৰ বিৰুদ্ধে একাধিক বৃহৎ অভিযান চলোৱা হৈছিল। সেই অভিযানসমূহৰ ফলস্বৰূপে এই বিপুল পৰিমাণৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী। বহু কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰি আইনৰ আওতালৈ অনা হৈছে আৰু তদন্ত প্ৰক্ৰিয়া এতিয়াও অব্যাহত আছে(Drugs Burnt in Nagaon)।

জিলা আয়ুক্তৰ মন্তব্য:
নগাঁও জিলাক ড্ৰাগছ মুক্ত কৰাৰ বাবে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে। নতুন প্ৰজন্মক পংগু কৰাৰ প্ৰচেষ্টা ড্ৰাগছ ব্যৱসায়ীক কৰিবলৈ দিয়া নহ’ব বুলি মন্তব্য কৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
এই সন্দৰ্ভত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই স্পষ্ট কৰি কয় যে, নগাঁও জিলাক ড্ৰাগছমুক্ত কৰাৰ লক্ষ্যৰে অভিযান আৰু কঠোৰ হ’ব। ড্ৰাগছ ব্যৱসায়ৰ সৈতে জড়িত কোনো লোককেই ৰেহাই দিয়া নহ’ব বুলি আৰক্ষীয়ে কঠোৰ সকিয়নি প্ৰদান কৰে। একেদৰে, সমাজৰ সকলো স্তৰৰ লোকক ড্ৰাগছ বিৰুদ্ধে যুঁজত আৰক্ষীক সহযোগিতা কৰিবলৈও আহ্বান জনায়।

বুধবাৰে নগাঁৱত দাহন কৰা নিচাজাতীয় সামগ্ৰীৰ পৰিমাণঃ

হেৰ’ইন- ৬ কেজি ৩৪৫ গ্ৰাম,

গাঞ্জা- ২৪৮ কেজি ৮৯৫ গ্ৰাম,

নিচাজাতীয় কফ চিৰাপ- ৩,৬২৩ টা,

ড্ৰাগছ ধ্বংসৰ এই বৃহৎ পদক্ষেপে নগাঁও জিলাত নিচাজাতীয় ব্যৱসায়ীৰ মাজত আতংক সৃষ্টি কৰাৰ লগতে সাধাৰণ ৰাইজৰ মাজত আৰক্ষীৰ প্ৰতি বিশ্বাস আৰু আশাৰ সৃষ্টি কৰিছে(Anti Drug Operation Assam)।

লগতে পঢ়কঃ Witch Hunting Assam – ভয়ংকৰ: ডাইনী সন্দেহত দম্পতিক জ্বলাই হত্যা


Advertisement