নিউজ ডেস্কঃ Time and tide wait for none.. কোৱা হয় সময় আৰু নদীৰ সোঁত কাৰোৰে বাবে নৰয়। এনেদৰেই সময়ৰ গতিত পুনৰ এটা বৰ্ষক বিদায় জনাবলৈ আগবাঢ়িছো। আজি বুধবাৰ। ৩১ ডিচেম্বৰ,২০২৫ (Assam Year in Review 2025) । বছৰৰ অন্তিমটো দিন। কাইলৈৰ পৰা আমি এটা নতুন বছৰক আদৰণি জনাম। বহু প্ৰত্যাশা,আকাংক্ষাৰে নতুন বছৰটোকলৈ বিভিন্ন পৰিকল্পনা কৰিম। পুৰণি বৰ্ষটোৰ বিদায়খনত আমি উভতি চালে দেখিম, প্ৰাপ্তি আৰু অপ্ৰাপ্তিৰে ভৰি আছে এই বিদায়ী বৰ্ষটো। সঁচা অৰ্থত কবলৈ গ’লে ২০২৫ বৰ্ষৰ শেষৰ সময়ছোৱা অসমীয়াৰ বাবে অতিকৈ দুখৰ বছৰ।
কি সতৰেনো বিদায় দিও তোমাক, জুবিন গাৰ্গঃ
এই বছৰটোৰে ১৯ ছেপ্টেম্বৰত আমি হেৰুৱালো প্ৰতিজন অসমীয়াৰ হৃদয়ৰ নিভৃত কোণত থকা মৰমৰ শিল্পী জুবিন গাৰ্গক। ছিংগাপুৰত সংঘটিত এক ৰহস্যজনক ঘটনাই জনতাৰ শিল্পী জনক আমাৰ মাজৰ পৰা লৈ গ’ল। ৩৮ হাজাৰ গীত পৰিবেশন কৰা, ৪৪ খন চিনেমাত সংগীত পৰিচালনা কৰা জনতাৰ শিল্পীজনৰ মৃত্যুত অসমবাসীয়েই নহয়, বিশ্ববাসীয়েও চকুলো টুকিলে। যদিও প্ৰিয় শিল্পীজনক হেৰুওৱা বছৰটোৱে বিদায় লব ,কিন্তু কি সতৰেনো বিদায় দিও প্ৰিয় শিল্পীজনক (Zubeen Garg Death News)।
২০২৫ বৰ্ষত অসমে হেৰুওৱালে বহু প্ৰথিতযশা,অসমক ভালপোৱা ব্যক্তিকঃ
বিদায়ী বৰ্ষটোতে আমি হেৰুওৱা আন কেইবাজনো প্ৰথিতযশা ব্যক্তিৰ ভিতৰত বিশিষ্ট সাহিত্যিক শিক্ষাবিদ ডঃ বসন্ত কুমাৰ ভট্টাচাৰ্য, অভিনেত্ৰী- কণ্ঠশিল্পী জ্ঞানদা কাকতি, শংকৰী সাহিত্যৰ গৱেষক পণ্ডিত তিলক চন্দ্ৰ মজুমদাৰ, বিশিষ্ট সাহিত্যিক,কবি পৰাণ কুমাৰ বৰুৱা, নাগাৰা নামৰ বিশিষ্ট শিল্পী ৰামচৰণ ভৰালী, গৱেষক তথা ব্যাকৰণবিদ খগশ চন্দ্ৰ ডেকা, গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ দিলীপ কুমাৰ চৌধুৰী, বিশিষ্ট বাঁহী বাদক দীপক শৰ্মা, কণ্ঠশিল্পী গায়ত্ৰী হাজৰিকা, বিশিষ্ট কবি অনুভৱ তুলসী, ‘দ্যা আছাম ট্ৰিবিউন’ গোষ্ঠীৰ পৰিচালন সঞ্চালক পছ প্ৰফুল্ল গোবিন্দ বৰুৱা, ভাস্কৰ্য শিল্পী নগেন ঠাকুৰ কণ্ঠশিল্পী ৰাজীৱ শদিয়া, নাট্যকাৰ;গীতিকাৰ হেমন্ত দত্ত, বিশিষ্ট ছৱি নিৰ্মাতা পৰিচালক সমৰেন্দ্ৰ নাৰায়ণ দেৱ, গীতিকাৰ-সুৰকাৰ চৈয়দ চাদুল্লা,চলচ্চিত্ৰ পৰিচালক অৰূপ বৰঠাকুৰ আদি (Assam Major Incidents 2025)।
২০২৫ বৰ্ষৰ আন এক মৰ্মান্তিক ঘটনাঃ
২০২৫ বৰ্ষৰে ৬ জানুৱাৰীত সংঘটিত হয় এক মৰ্মান্তিক ঘটনা। ওমৰাংছৰ ৰেট হ’ল কয়লাখনিত পানী সোমোৱাৰ ফলত ৯ জনকৈ শ্ৰমিক আবদ্ধহৈ পৰে। ৪০ দিন উদ্ধাৰ অভিযান চলোৱা হয়।শ্ৰমিক কেইজনৰ ভিতৰত ৫ জনৰ মৃতদেহ উদ্ধাৰ হয় যদিও বাকী কেইজন সন্ধানহীন হৈ থাকে।
বিদায়ী বৰ্ষটোৰে ১৮ আগষ্টত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত বিচনাৰ পৰা পৰি নৱজাতকৰ মৃত্যু হৈছিল। এই ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছিল। চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ তথা ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ দায়িত্বজ্ঞানহীনতা সমালোচিত হৈছিল।
এই বৰ্ষটোৰ বিদায়ী পৰত ২৯ ডিচেম্বৰত হাওৰাঘাটৰ ১ নং বেলগুৰি মুণ্ডা গাৱত ডাইনীৰ সন্দেহত ঘৰত অগ্নি সংযোগ কৰি দম্পতীক জ্বলাই দিয়ে অন্ধবিশ্বাসৰ বলি হোৱা একাংশই (Assam Year End Analysis)।
২০২৫ বৰ্ষৰ প্ৰাপ্তিঃ
২০২৫ বৰ্ষই অসমৰ বাবে দুখৰ মাজতো কিছু সুখৰ মূহুৰ্তও কঢ়িয়াই আনিছিল । এই বৰ্ষটোৰে ২৪ ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সন্মুখত ৯ হাজাৰ চাহ জনগোষ্ঠীৰ শিল্পীয়ে ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰিছিল।
ফেব্ৰুৱাৰী মাহৰে ২৫ আৰু ২৬ তাৰিখে অসম চৰকাৰে এডভান্টেজ অসম ২.০ আয়োজন কৰি বিনিয়োগ তথা অৰ্থনৈতিক উন্নয়নৰ নতুন বাট মুকলি কৰিছিল।
এই বৰ্ষৰে ৩১ অক্টোবৰত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অভিনীত অন্তিমখন ছবি ‘ৰৈ ৰৈ বিনালে’ মুক্তি লাভ কৰি আন এক অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।
১৭ নৱেম্বৰত বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত বৃটিছ সংগ্ৰহালয়ৰ লগত অসম চৰকাৰে চুক্তি স্বাক্ষৰ কৰে।
২৯ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বটদ্ৰৱাৰ সাংস্কৃতিক প্ৰকল্প আবিৰ্ভাৱ ক্ষেত্ৰ আৰু গুৱাহাটীত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলামন্দিৰ উদ্বোধন কৰে (Batadrava Cultural Project)।
ৰাষ্ট্ৰীয় পৰ্যায়ৰ ঘটনাঃ
২০২৫ বৰ্ষৰ ১৫ ফেব্ৰুৱাৰীত দিল্লীত পদপিষ্টহৈ ১৮ গৰাকী যাত্ৰীৰ মৃত্যু হৈছিল।
এই বৰ্ষৰে ১২ মাৰ্চত প্ৰখ্যাত ক্ৰিকেটাৰ চৈয়দ আবিদ আলীৰ মৃত্যু হৈছিল।
৪ এপ্ৰিলত বলিউডৰ প্ৰখ্যাত অভিনেতা মনোজ কুমাৰৰ পৰলোক প্ৰাপ্তি ঘটিছিল।
২২ এপ্ৰিলত জম্মু কাশ্মীৰৰ পহলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৬ গৰাকী পৰ্যটক নিহত হৈছিল।
বৰ্ষটোৰে মে’ত পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন ‘সিন্দুৰ’ আৰম্ভ হৈছিল। ১০ মে’ত যুদ্ধ বিৰতি হৈছিল।
৪ জুনত বেংগালুৰুৰ চিন্নস্বামী ষ্টেডিয়ামত পদপিষ্টহৈ ১১ জনৰ মৃত্যু হৈছিল ।
১২ জুনত আহমেদাবাদৰ পৰা লণ্ডন অভিমুখী এয়াৰ ইণ্ডিয়াৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। যাত্ৰী, বিমান কৰ্মী সহ ২৬০ গৰাকীৰ মৃত্যু ঘটিছিল।
১৪ আগষ্টত জম্মু-কাশ্মীৰৰ কিচ্ছৱাৰ জিলাত হোৱা ডাৱৰ বিস্ফোৰণত ৬৮ গৰাকী লোকৰ মৃত্যু হয় আৰু ৩৮ গৰাকী সন্ধানহীন হয়।
২৬ আগষ্টত জম্মু-কাশ্মীৰৰে কাটৰাত ডাৱৰ বিস্ফোৰণত ৩০ গৰাকী যাত্ৰীৰ মৃত্যু হয়।
৩০ ছেপ্টেম্বৰত চেন্নাইত তাপ বিদ্যুৎ প্ৰকল্পৰ অট্টালিকা খহি অসমৰ ৯ জন শ্ৰমিকৰ মৃত্যু হয়।
এই বৰ্ষৰে ২৪ নৱেম্বৰত বলিউডৰ অভিনেতা ধৰ্মেন্দৰো পৰলোকপ্ৰাপ্তি ঘটে।
এনেদৰেই বিভিন্ন ঘটনা পৰিঘটনাৰে ২০২৫ বৰ্ষৰ সমাপ্তি ঘটে।
লগতে পঢ়কঃ Witch Hunting Assam – ভয়ংকৰ: ডাইনী সন্দেহত দম্পতিক জ্বলাই হত্যা
লগতে পঢ়কঃ Batadrava Project Inauguration: বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

