নতুন দিল্লীঃ কেন্দ্ৰীয় তথ্য আৰু প্ৰচাৰ (I&B) আৰু সংসদীয় দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী ড° এল. মুৰুগনে আজি ভাৰত চৰকাৰৰ ২০২৬ বৰ্ষৰ কেলেণ্ডাৰ উন্মোচন কৰে। এই সম্পৰ্কত Press Information Bureau চমুকৈ PIB ৰ ৱেবছাইটত দিয়া এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ থকা মতে ২০২৬ বৰ্ষৰ এই কেলেণ্ডাৰখনৰ প্ৰতিটো মাহতে ৰাষ্ট্ৰৰ সমৃদ্ধিৰ মুখ্য বিষয় সমূহ উপস্থাপন কৰিছে। কেলেণ্ডাৰৰ বিষয়বস্তু “ভাৰত, ২০২৬ঃ সেৱা,সুশাসন আৰু সমৃদ্ধি”। উল্লেখযোগ্য যে এই কেলেণ্ডাৰখন ১৩ টা ভাৰতীয় ভাষাত প্ৰকাশ হৈছে(India Government 2026 Calendar)।
সেই অনুযায়ী জানুৱাৰী মাহত ‘আত্মনিৰ্ভৰতাৰ পৰা আত্মবিশ্বাস’ বিষয় হিচাপে উপস্থাপন কৰা হৈছে(PIB Calendar 2026)। এই বিষয়ত বিভিন্ন ক্ষেত্ৰৰ আত্মনিৰ্ভৰ বিষয় সমূহ উল্লেখ আছে। একেদৰে ফেব্ৰুৱাৰী মাহত ‘সমৃদ্ধ কৃষক, সমৃদ্ধ ভাৰত ‘ থীম উপস্থাপন কৰা হৈছে। মাৰ্চ মাহত ‘নাৰী শক্তিঃ নতুন ভাৰতৰ বাবে’ উপস্থাপন কৰা হৈছে। এপ্ৰিল মাহত উপস্থাপন কৰা হৈছে ‘সৰলীকৰণেৰে সশক্তিকৰণ’ বিষয়।
মে’ মাহত অপাৰেচন সিন্দুৰ কেন্দ্ৰ হিচাপেলৈ ‘বীৰত্বৰ পৰা বিজয়লৈঃ অপাৰেচন সিন্দূৰ ‘ বিষয়বস্তু হিচাপে লোৱা হৈছে। এই থীমত ভাৰতীয় সেনাৰ সাহস আৰু ত্যাগক সন্মান জনোৱা হৈছে। জুন মাহত ‘স্বাস্থ্যবান ভাৰত, সমৃদ্ধ ভাৰত’ থীম হিচাপে লোৱা হৈছে । জুলাই মাহত লোৱা হৈছে ‘বঞ্চিতসকলৰ সন্মান’ থীম। ‘যুৱ শক্তি, ৰাষ্ট্ৰ শক্তি’ বিষয় হিচাপে লোৱা হৈছে আগষ্ট মাহত। ‘গতি, শক্তি, প্ৰগতি’ থীম বা বিষয়বস্তু হিচাবে লোৱা হৈছে ছেপ্টেম্বৰ মাহত। অক্টোবৰ মাহৰ বিষয় বস্তু হৈছে ‘পৰম্পৰাৰ পৰা প্ৰগতিলৈ ‘। ‘সবকা সাথ, সবকা সম্মান ‘ বিষয় বস্তু লোৱা হৈছে নৱেম্বৰ মাহত। ‘বিশ্ব বন্ধু ভাৰত বিষয়বস্তু লোৱা হৈছে ডিচেম্বৰ মাহত (Government of India New Year Calendar)।
মন্ত্ৰী ড° এল. মুৰুগনে কেলেণ্ডাৰখন উদ্বোধন কৰি দিয়া ভাষনত উল্লেখ কৰে যে,” এই কেলেণ্ডাৰ কেৱল তাৰিখ আৰু মাহৰ এটা বাৰ্ষিক প্ৰকাশ নহয়; ই ভাৰতৰ ৰূপান্তৰৰ যাত্ৰাক প্ৰতিফলিত কৰা এক গুৰুত্বপূৰ্ণ মাধ্যম।”
‘কেলেণ্ডাৰখনে ২০৪৭ চনৰ ভিতৰত “বিকশিত ভাৰত” গঢ়াৰ লক্ষ্যৰ প্ৰতি দেশবাসীৰ সামূহিক সংকল্প পুনৰ নবীকৰণ কৰে।”- মন্ত্ৰী মুৰুগনে কয়। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে এই কেলেণ্ডাৰখনে সেৱা প্ৰদান ব্যৱস্থাৰ সৱলীকৰণ আৰু প্ৰক্ৰিয়াসমূহ সৰল কৰি নাগৰিক আৰু ৰাষ্ট্ৰৰ মাজত বিশ্বাস বৃদ্ধি কৰাৰ লক্ষ্যৰে গ্ৰহণ কৰা সংস্কাৰসমূহৰ প্ৰতিফলন ঘটাইছে (India 2026 Service Governance Prosperity)।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ৰ সচিব সঞ্জয় জাজুৱে কয় যে ভাৰত চৰকাৰৰ এই কেলেণ্ডাৰখনে আচলতে চৰকাৰৰ উন্নয়নক স্পষ্টভাৱে উপস্থাপন কৰে । ই দেশৰ অগ্ৰাধিকাৰ আৰু মূল্যবোধ প্ৰতিফলিত কৰা এক শক্তিশালী যোগাযোগ মাধ্যম হিচাপে বিকশিত হৈছে (Bharat 2026 Theme)।
চিবিচিৰ সঞ্চালক প্ৰধান (ডিজি) কাঞ্চন প্ৰসাদে উল্লেখ কৰে যে এই কেলেণ্ডাৰৰ বিষয় বস্তুৱে প্ৰতিটো ভাষিক আৰু সাংস্কৃতিক পটভূমিৰ নাগৰিকৰ সৈতে সংযোগ স্থাপনৰ চৰকাৰৰ দৃষ্টিভংগীক প্ৰতিফলিত কৰে। অনুষ্ঠানত তথ্য আৰু প্ৰচাৰ মন্ত্ৰালয়ৰ অতিৰিক্ত সচিব প্ৰভাত, পিআইবিৰ সঞ্চালক প্ৰধান অনুপমা ভাটনাগৰ আৰু মন্ত্ৰালয়খনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়কঃ Batadrava Project Inauguration: বটদ্ৰৱা প্ৰকল্প শুভাৰম্ভ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ

