Dr Prayag Saikia wins Assamese Poetry Award 2025 for ‘Kalika Loga Kothar Batere’প্ৰয়াগ শইকীয়াৰ 'কালিকা লগা কথাৰ বাটেৰে' শীৰ্ষক গ্ৰন্থলৈ অসমীয়া কাব্য সাহিত্য বঁটা-২০২৫

নগাঁওঃ ইংৰাজী নৱ-বৰ্ষৰ আৰম্ভণিতে এটা ভাল লগো খবৰ। কবি ডাঃ প্ৰয়াগ শইকীয়াৰ ‘কালিকা লগা কথাৰ বাটেৰে’ শীৰ্ষক গ্ৰন্থই লাভ কৰিবলৈ সক্ষম হৈছে ‘অসমীয়া কাব্য সাহিত্য বঁটা-২০২৫’। ‘ৰাজপথৰ কবিতা’ৰ প্ৰকাশন সমিতিৰ সভাপতি কবি প্ৰদীপ শইকীয়া আৰু সম্পাদক কবিন পাটৰে এই বিষয়ে অৱগত কৰিছে (Assamese Poetry Award 2025)।

এই বঁটা ঘোষণাৰ বাবে গ্ৰন্থ নিৰ্বাচনৰ ক্ষেত্ৰত তেখেতসকলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি লক্ষ্যধৰ চৌধুৰীয়ে সভাপতিৰ আসনৰ পৰা কোৱা- ”সঁচা কথা সাহসেৰে সোৱাদ লগাকৈ লিখিব পৰাটোৱে আজিৰ যুগৰ শ্ৰেষ্ঠ সাহিত্য” কথাষাৰকেই গুৰুত্ব প্ৰদান কৰিছে বুলি জনাইছে (Assamese literature award)।

উল্লেখ্য যে, কা আন্দোলনৰ সময়ৰে পৰা প্ৰকাশ হৈছিল এটকীয়া ক্ষুদ্ৰ আলোচনী ‘ৰাজপথৰ কবিতা’। বঁটাৰ বাবে নিৰ্বাচিত হোৱা ‘কালিকা লগা কথাৰ বাটেৰে’ শীৰ্ষক গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে পাঞ্চজন্য প্ৰকাশনে (Assamese poetry book)।

প্ৰথম ২০২৫ চনৰ অক্টোবৰ মাহত আৰু দ্বিতীয় প্ৰকাশ ডিচেম্বৰ মাহত প্ৰকাশিত ৯৪ পৃষ্ঠাৰ পকাবন্ধা গ্ৰন্থখনত মুঠ ৫৪ টা কবিতা আছে। গ্ৰন্থ খনত সাহিত্য অকাডেমীৰ যুৱ বঁটা প্ৰাপক বিশিষ্ট সাহিত্য- সমালোচক অৰিন্দম বৰকটকীৰ আগকথা, বিশিষ্ট সমলোচক ড° আনন্দ বৰমুদৈ, কবি- সমালোচক কবীন ফুকনৰ আলোচনা সংযোজিত হৈছে । কিতাপ খনৰ মূল্য এশ পঞ্চাশ টকা (Kalika Loga Kothar Batere book)।

ইয়াৰ পূৰ্বে এই অসমীয়া কাব্য সাহিত্য বঁটা* কবি নীলিম কুমাৰ আৰু ধন দাসলৈ আগবঢ়োৱা হৈছিল।

লগতে পঢ়কঃ Pranab Barua Artist Award 2025 : ২০২৫ বৰ্ষৰ প্ৰণৱ বৰুৱা শিল্পী বঁটা ঘোষণা


Advertisement