গুৱাহাটীঃ ইংৰাজী নৱ বৰ্ষৰ প্ৰথম দিনটোতেই অবৈধ বিদেশীৰ বিৰুদ্ধে একপ্ৰকাৰৰ সকীয়নী প্ৰদান কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। বছৰৰ প্ৰথম দিনটোতেই সাংবাদিকৰ সন্মুখত বছৰটোত ২,০০০ অবৈধ বিদেশীক বিতাড়ণ কৰাৰ তথ্য সদৰী কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Illegal Immigrants Deportation Assam)।
নৱ-বৰ্ষৰ প্ৰথম দিনটোতেই সাংবাদিকৰ সন্মুখত অবৈধ বিদেশী নাগৰিক বিতাড়ণ সন্দৰ্ভত উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “বিগত কেইটামান দিনত বিদেশী নাগৰিকৰ বিতাড়ণৰ প্ৰচেষ্টা আৰম্ভ কৰিছিলোঁ। বিগত কেইটামান মাহত ২,০০০ অবৈধ বিদেশীক চিনাক্ত কৰি বিতাড়ণ কৰিবলৈ সক্ষম হৈছোঁ। এই ব্যৱস্থাৰ ফলত অসমত নতুনকৈ অহা বিদেশীৰ সংখ্যা হ্ৰাস পাব (Foreigners deportation Assam)।”
বিদেশী নাগৰিকৰ ক্ষেত্ৰত এক নতুন জিদ5লোৱাৰ কথাও উল্লেখ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “যিসকল ব্যক্তি বিদেশী বুলি চিনাক্ত হ’ব তেওঁলোকক এসপ্তাহৰ ভিতৰত বিতাড়ণ কৰা হ’ব, যাতে তেওঁলোকে উচ্চ ন্যায়ালয় অথৱা উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ’ব নোৱাৰে। ৰাজ্যত এই ব্যৱস্থা গ্ৰহণ কৰাৰ লগে লগে বিদেশী নাগৰিকৰ ক্ষেত্ৰত আপোচহীন স্থিতি আৰু উচ্চতম ন্যায়ালয়ৰ এক ৰায়ৰ পাছত এই ব্যৱস্থা চৰকাৰৰ এক নীতিলৈ পৰিণত কৰিছোঁ (Himanta Biswa Sarma statement)।”
লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু কয়, “কেইটামান মাহ ধৰি আমি এই প্ৰচেষ্টা আৰম্ভ কৰাত নতুনকৈ অনুপ্ৰবেশকাৰীৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাব (Assam illegal immigrants)।”
উল্লেখযোগ্য যে, বিগত বৰ্ষৰ শেষৰ ভাগত ৰাজ্যৰ নগাঁও জিলাৰ উপৰিও, কাৰ্বি আংলং, হোজাই আদি জিলাৰ পৰাও অবৈধ বিদেশী ঘোষিত ব্যক্তিক বিতাড়ণ কৰা হৈছিল।
শেহতীয়াকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ অবৈধ বিদেশী নাগৰিকৰ ক্ষেত্ৰত গ্ৰহণ কৰা কঠোৰ পদক্ষেপে ৰাজ্যখনক বিদেশী মুক্ত কৰাৰ সম্ভাৱনা আছে।
লগতে পঢ়কঃ Illegal Immigrant Deportation: অসমৰ পৰা পুনৰ বিদেশী বহিষ্কাৰৰ নিৰ্দেশ

