নগাঁওঃ ইংৰাজী নতুন বছৰৰ প্ৰথম দিনটোতে ঘোষণা কৰা হৈছে ক্ৰান্তিকাল সন্মান ২০২৫। নগাঁৱৰ শিৱকান্ত-ক্ৰান্তিকাল ন্যাসে প্ৰতিবছৰে আগবঢ়াই অহা ক্ৰান্তিকাল সন্মান ২০২৫ বৰ্ষৰ বাবে নিৰ্বাচিত হৈছে বিশিষ্ট ঔপন্যাসিক , সমালোচক ,শিক্ষাবিদ ,অনুবাদক, অধ্যাপক ডঃ তিলোত্তমা মিশ্ৰ (Krantikal Award 2025)।
স্বৰ্ণলতা নামৰ উপন্যাসখনেৰে অসমীয়া পাঠক সমাজক নতুন সোৱাদেৰে আলোড়িত কৰা ডঃ তিলোত্তমা মিশ্ৰই পৰবৰ্তী সময়ত লৌহিত্য সিন্ধু আৰু কা মেইখাৰ ঘৰৰ দৰে উচ্চ মাত্ৰা সম্পন্ন উপন্যাস ৰচনাৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰিছিল (Shivakanta Krantikal Nyas) । ১৯৮৭ চনত প্ৰকাশ পোৱা ড: মিশ্ৰৰ Literature and Society in Assam: A Study of the Assamese Renaissance 1826-1926 অসমীয়া সমাজ সাহিত্যক লৈ ৰচিত হোৱা এখন আলোক সন্ধানী গ্ৰন্থ (Tilottama Mishra Award)। ২০০৭ চনত প্ৰকাশ পোৱা Ramnabami Natak: the Story of Ram and Nabami তেখেতৰ আন এটা গুৰুত্বপূৰ্ণ কৰ্ম (Swarnalata Novel)।
নীৰৱে সাহিত্য আৰু সমাজ চেতনাত নিজকে ব্ৰতী কৰি ৰখা তিলোত্তমা মিশ্ৰই ১৯৪৭ চনত শ্বিলঙত জন্ম গ্ৰহণ কৰি প্ৰাথমিক শিক্ষা শ্বিলঙতে গ্ৰহণ কৰি পৰবৰ্তী সময়ত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক আৰু দিল্লী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত অধ্যাপনা কৰা তিলোত্তমা মিশ্ৰৰ গৱেষণা ধৰ্মী প্ৰৱন্ধ দেশ বিদেশৰ উচ্চ পৰ্য্যায়ৰ জৰ্ণেল সমূহত প্ৰকাশ পাইছে ।
উল্লেখযোগ্য যে, শিৱকান্ত-ক্ৰান্তিকাল ন্যাসে আগবঢ়োৱা ক্ৰান্তিকাল সন্মান আগবঢ়োৱা হৈছিল কবীন ফুকন , আনন্দ চন্দ্ৰ দত্ত, প্ৰণৱজ্যোতি ডেকা, বসন্ত ডেকা, জ্ঞান পূজাৰী , সনন্ত তাতি, ৰফিকুল হোছেইন , অনিল ৰায়চৌধুৰী, খগেন গগৈ , জ্যোতিষ শিকদাৰ মনোৰম গগৈ, ধনী বৰা আৰু নৌচাদ আখতাৰ হাজৰিকালৈ (Assamese Literature Award)।

