Orunodoi Divas Nagaon Celebrated, Tribute Paid to Assam’s Journalism LegacyOrunodoi Divas Nagaon: নগাঁৱত অৰোণোদই দিৱসত সাংবাদিকক সম্বৰ্ধনা

নগাঁওঃ১৮৪৬ চনৰ আজিৰ দিনটোতে অসমত আমেৰিকান বেপ্তিষ্ট মিছনেৰীসকলে শিৱসাগৰৰ পৰা প্ৰথম অসমীয়া বাৰ্তালোচনী অৰুণোদই প্ৰকাশ কৰি অসমীয়া ভাষা সাহিত্যৰ উত্তৰণত এক যুগান্তকাৰী অধ্যায়ৰ সূচনা কৰিছিল। শিৱসাগৰ মিছন প্ৰেছৰ পৰা প্ৰকাশ পোৱা অসমৰ প্ৰথমখন অসমীয়া ভাষাৰ আলোচনী হৈছে অৰুণোদই । অৰোণোদই প্ৰকাশৰ আৰত নাথান ব্ৰাউন, মাইলছ ব্ৰনছন, আদিৰ নাম উল্লেখযোগ্য। -Orunodoi Divas Nagaon

এই আলোচনীখনৰ প্ৰথম গৰাকী সম্পাদক আছিল নাথান ব্ৰাউন। প্ৰথম প্ৰকাশৰ পৰা ১৮৫০ চনলৈকে মুদ্ৰক আৰু প্ৰকাশক হিচাপে ও টি কট্টৰৰ নাম উল্লেখ আছিল যদিও সম্পাদকৰ নাম নাছিল। ১৮৫০ চনত এই সংবাদ পত্ৰখনৰ সম্পাদকৰ নাম হিচাপে নাথান ব্ৰাউনৰ নাম উল্লেখ হয়। পৰৱৰ্তী সময়ত এ,এইচ, ডেনফোৰ্থ, এছ,কে,হুইটটিং, মাইলচ ব্ৰনছন, মিছেছ ৱাৰ্ড, ৰেভাৰেণ্ড ক্লাৰ্ক আৰু এ.কে. গাৰ্নি আদি কেইবাজনো সম্পাদকৰ দায়িত্ব লয় (Assam Journalism History)।

এই আলোচনীখনৰ বিৰল ইতিহাস তথা ইয়াৰ লগত জড়িত লোক সকলৰ প্ৰতি শ্ৰদ্ধা জনাই স্মৰণৰ উদ্দেশ্যৰে প্ৰতিবছৰে পহিলা জানুৱাৰীত অসম সাহিত্য সভাই অৰুণোদই দিৱস অনুষ্ঠিত কৰে। বৃহস্পতিবাৰে নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ব্যৱস্থাপনাত বিদ্যালয়খনৰ নৱ নিৰ্মিত সভাগৃহত আজি অৰুণোদই দিৱস উদযাপন কৰা হয় (Ramanujan senior secondary school)। নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড: শৰৎ বৰকটকীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত ‘ অসমীয়া সাহিত্যৰ ইতিহাসত অৰুণোদই যুগ আৰু মাইলছ ব্ৰনচন’ শীৰ্ষক মুল বক্তৃতা প্ৰদান কৰে ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উপাধ্যক্ষ্যা সংগীতা বৰুৱা বৰাই ।

অৰুণোদয়ে মানুহৰ মুকুতিৰ গান গাইছিলঃ সংগীতা বৰুৱা বৰা

সংগীতা বৰুৱা বৰাই তেওঁৰ ভাষনত কয়, “মিছনেৰী সকল এক উদ্যেশ্য লৈ অসমলৈ অহা এক শক্তি। অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰত মিছনেৰী সকলৰ অৱদান উল্লেখনীয়। আত্মাৰাম শৰ্মাৰ জৰিয়তে বাইবেল অসমীয়ালৈ অনুবাদ কৰি তেওঁলোকে অসমীয়া ভাষাৰ জয়যাত্ৰা আৰম্ভ কৰিছিল।”

ইতিহাসৰ বিভিন্ন দিশ উল্লেখ কৰি সংগীতা বৰুৱা বৰাই কয়,” ইতিহাসৰ কথাবোৰ ৰামধেনুৰ ৰঙৰ দৰে। ঐতিহ্যই এটা জাতিক কটকটীয়া কৰি ৰাখে। অৰুণোদয়ে অসমীয়া জাতিক এটা নতুন বাটেৰে বাট বুলাইছে। আদিযুগ ,মধ্যযুগ আৰু বৰ্তমান যুগৰ কথা উল্লেখ কৰি তেওঁ কয় যে মধ্যযুগ অসমীয়া জাতিৰ সোণসেৰীয়া যুগ।”

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱৰ বিষয়ে উল্লেখ কৰি তেওঁ,” এই দুজনা মহাপুৰুষক মনত ৰাখিলে অসমীয়া জাতিক কোনেও ঠেলিব নোৱাৰিব। অৰুণোদয়ে মানুহৰ মুকুতিৰ গান গাইছিল বুলি উল্লেখ কৰি তেওঁ কয় যে অৰুণোদয়ে বহু অসমীয়া ডেকাক আবিস্কাৰ কৰিছিল। অৰুণোদয়ে অসমীয়া জাতিৰ অন্তৰত বিজ্ঞান সন্মত চেতনা ,চিন্তা আৰু মন ডাঙি ধৰিছিল।”

মাইলছ ব্ৰনছনৰ কথা উল্লেখ কৰি তেওঁ,” অসমীয়া অভিধান প্ৰণয়ন কৰি ব্ৰনছনে অসমীয়া ভাষালৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই গৈছে। মাইলছ ব্ৰনছনৰ অৱদানক স্মৰণ কৰি অসমীয়া ভাষা- সংস্কৃতি ৰক্ষাৰ বাবে আমি সকলো আগ্ৰহী হব লাগিব। মাইলছ ব্ৰনছনৰ লগতে মিছনেৰী সকলে যুক্তাক্ষৰ সৰল ভাষাত প্ৰকাশ কৰিছিল।”

নগাঁও জিলা সাহিত্য সভাৰ সম্পাদক ৰাজীৱ কুমাৰ হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা সভাখনত ৰামানুজন উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিলীপ বৰাই আদৰণি ভাষণ প্ৰদান কৰে (Nagaon Zila Sahitya Sabha)।

অৰুণোদই আছিল অসমীয়া নবজাগৰণৰ সূৰ্যোদয়ঃ ডঃ শৰৎ বৰকটকী

সভাত সভাপতিত্ব কৰি দিয়া ভাষণত নগাঁও জিলা সাহিত্য সভাৰ সভাপতি ড: শৰৎ বৰকটকীয়ে কয়, “অৰুণোদ ই আছিল অসমীয়া নবজাগৰণৰ অগ্নিশিখাৰ‌‌ দৰে।অসমীয়া ভাষা, সাহিত্য আৰু সমাজ জীৱনৰ ইতিহাসত এক যুগান্তকাৰী ভূমিকা পালন কৰা ‘অৰুণোদই’ পত্রিকা আৰু ইয়াৰ আঁৰত প্ৰধানকৈ আছিল ৰেভাৰেণ্ড নাথান ব্রাওন অলিভাৰ কট্টাৰ,মাইল্‌ছ ব্ৰনছন‌ আদি।উনবিংশ শতিকাৰ আৰম্ভণিত অসমীয়া ভাষা যেতিয়া অৱহেলিত আৰু অস্তিত্ব সংকটৰ মুখামুখি হৈছিল, তেতিয়াই এক নতুন পোহৰৰ সূচনা কৰিছিল ‘অৰুণোদই’ পত্রিকাই। ১৮৪৬ চনত শিৱসাগৰত আমেৰিকান ব্যাপটিষ্ট মিছনেৰীসকলৰ উদ্যোগত প্ৰকাশিত এই পত্রিকাখন কেৱল সংবাদ-পত্র নহয়, ই আছিল অসমীয়া ভাষাৰ পুনৰুত্থানৰ এক শক্তিশালী মাধ্যম।এই অৰুণোদই যুগৰ আটাইতকৈ উজ্জ্বল নক্ষত্ৰ আছিল মাইল্‌ছ ব্ৰনছন।

ডঃ বৰকটীয়ে কয়,” মাইলছ ব্ৰন্সন কেৱল এজন বিদেশী মিছনেৰী নহয়, তেওঁ আছিল অসমীয়া ভাষাৰ এজন নিষ্ঠাবান সাধক। ব্ৰনছনে অসমীয়া ভাষাক হৃদয়েৰে ভাল পাইছিল, শিকিছিল, লিখিছিল আৰু ইয়াক বিজ্ঞানসম্মত আৰু আধুনিক ৰূপত গঢ়ি তোলাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াইছিল। ‘অৰুণোদই’ পত্রিকাৰ জৰিয়তে ব্ৰনছনে প্ৰবন্ধ, ইতিহাস, বিজ্ঞান, ধৰ্ম, নৈতিক শিক্ষা আৰু সামাজিক বিষয়ত লেখাৰ মাধ্যমে অসমীয়া সমাজক নতুন চিন্তাধাৰাৰে উদ্বুদ্ধ কৰিছিল। এই পত্রিকাখনেই প্ৰথমবাৰৰ বাবে অসমীয়া গদ্য ভাষাক সুসংগঠিত আৰু প্ৰকাশযোগ্য ৰূপ প্ৰদান কৰিছিল বুলি ক’লে ভুল নহ’ব।মাইল্‌ছ ব্ৰনছনৰ এক গুৰুত্বপূৰ্ণ অৱদান হৈছে অসমীয়া ভাষাৰ ব্যাকৰণ আৰু শব্দভঁৰাল গঢ়ি তোলাত তেওঁৰ নিষ্ঠা। অসমীয়া ভাষাক তেতিয়াৰ বঙালী ভাষাৰ প্ৰভাৱৰ পৰা মুক্ত কৰি এক স্বতন্ত্ৰ সত্তা প্ৰদান কৰাত তেওঁ অগ্ৰণী ভূমিকা পালন কৰিছিল।”

তেওঁ কয়,”অৰুণোদই পত্রিকাই অসমীয়া সমাজত যুক্তিবাদ, নৱচিন্তা, শিক্ষা আৰু সামাজিক সচেতনতাৰ বীজ ৰোপণ কৰিছিল। এই পত্রিকাৰ প্ৰভাৱতেই পৰৱৰ্তী সময়ত অসমীয়া সাহিত্যত আধুনিক গদ্য, সাংবাদিকতা আৰু বৌদ্ধিক চেতনাৰ বিকাশ ঘটিছিল।আজিৰ যুগত আমি যি সমৃদ্ধ অসমীয়া সাহিত্য আৰু ভাষা দেখিছোঁ, তাৰ শিপা বহু পৰিমাণে অৰুণোদই যুগতেই নিহিত। সেয়েহে ক’ব পাৰি – অৰুণোদই আছিল অসমীয়া নবজাগৰণৰ সূৰ্যোদয়, আৰু মাইল্‌ছ ব্ৰনছন আছিল সেই সূৰ্যৰ অন্যতম দীপ্ত কিৰণ।অৰুণোদয় পত্রিকা আৰু মাইল্‌ছ ব্ৰনছনৰ অৱদান স্মৰণ কৰাটো কেৱল অতীতচৰ্চা নহয়; ই হৈছে আমাৰ ভাষা আৰু সংস্কৃত সংৰক্ষণৰ প্ৰতি এক দায়িত্ববোধৰ পৰিচয়।”

সভাত নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি থগিত মহন্ত , নগাঁও আঞ্চলিক কাৰ্যালয়ৰ সম্পাদক ৰেৱত কুমাৰ হাজৰিকা ,জিলা সাহিত্য সভাৰ উপদেষ্টা ঘনকান্ত বৰা ,নগাঁও প্ৰেছ ক্লাৱৰ সভাপতি জিতেন বৰকটকী , জেষ্ঠ সাংবাদিক কনক হাজৰিকা , আদিয়ে অংশগ্ৰহণ কৰে।

সভাৰ আৰম্ভণিতে মাইলছ ব্ৰনছনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে জিলা সাহিত্য সভাৰ সভাপতি ড:শৰৎ বৰকটকীয়ে আৰু অমৃতকণ্ঠ জুবিন গাৰ্গৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে অধ্যক্ষ দিলীপ বৰাই।

বিদ্যালয়ৰ ছাত্ৰী সকলে পৰিবেশন কৰা চিৰচেনেহী মোৰ ভাষা জননী গীতেৰে আৰম্ভ কৰা সভাত বিদ্যালয়খনৰ ছাত্ৰী নয়না নন্দিনী বৰা আৰু ইস্মিতা বৰাই ঘোষা নৃত্য পৰিবেশন কৰে। সভাত অৰুণোদয় দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ বিভিন্ন প্ৰান্তত কৰ্মৰত ৫৩ গৰাকী সাংবাদিকক সম্বৰ্ধনা জনোৱা হয়। সভাত নগাঁও জিলা সাহিত্য সভাৰ বিষয়ববীয়া মহেশ নাথ ,সুৰজিৎ গোস্বামী , প্ৰদীপ দাস ,মনোজ শৰ্মা ,চিনু ৰাজখোৱা কাকতি ,প্ৰাঞ্জল বৰদলৈ ,বিদ্যালয়ৰ শিক্ষক , শিক্ষয়িত্ৰী ,শিক্ষাৰ্থী সকলে অংশগ্ৰহণ কৰে। শলাগৰ শৰাই আগবঢ়াই বিদ্যালয়খনৰ অসমীয়া বিভাগৰ শিক্ষয়িত্ৰী মমী দেৱী শৰ্মাই।

লগতে পঢ়ক: Krantikal Award 2025: ডঃ তিলোত্তমা মিশ্ৰলৈ ২০২৫ বৰ্ষৰ ক্ৰান্তিকাল সন্মান


Advertisement