crans-montana-bar-fire-switzerland-dead-injured-news-assameseCrans-Montana bar fire: ছুইজাৰলেণ্ডৰ ক্ৰান্স-মন্টানাৰ এখন বাৰত ভয়াৱহ অগ্নিকাণ্ড; প্ৰায় ৪০ গৰাকী লোকৰ মৃত্যু

ইন্টাৰনেশ্যনেল ডেস্ক: ছুইজাৰলেণ্ডৰ ক্ৰান্স-মন্টানাৰ এখন বাৰত সংঘটিত ভয়াৱহ অগ্নিকাণ্ডৰ (Crans-Montana bar fire) ঘটনাই ছুইজাৰলেণ্ডত নৱবৰ্ষৰ আনন্দক মুহূৰ্ততে ম্লান কৰি পেলালে। ছুইজাৰলেণ্ডৰ জনপ্ৰিয় পৰ্যটন নগৰী ক্ৰান্স-মন্টানাৰ “Le Constellation” নামৰ এখন বাৰত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডটোত প্ৰায় ৪০ গৰাকী লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০০ জনতকৈ অধিক লোক আহত হোৱাৰ আশংকা প্ৰকাশ কৰিছে ইটালীৰ বিদেশ মন্ত্ৰালয়ে।

ইটালীৰ বিদেশ মন্ত্ৰালয় (Italian MFA)-এ ভেলেইছ কেণ্টনেল আৰক্ষীৰ উদ্ধৃতিৰে জনোৱা অনুসৰি, এই অগ্নিকাণ্ডটো অগ্নিসংযোগৰ ঘটনা নহয়, বৰঞ্চ ই এক আকস্মিক দুৰ্ঘটনাহে। ভয়ংকৰভাৱে জ্বলি যোৱাৰ ফলত নিহতসকলক এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই। পৰিয়ালৰ সদস্যসকলৰ বাবে ক্ৰান্স-মন্টানাৰ Regent Conference Centre-ত এটা সহায় কেন্দ্ৰ স্থাপন কৰা হৈছে।

ভেলেইছ কেণ্টনেল আৰক্ষীৰ কমাণ্ডাৰ ফ্ৰেডেৰিক জিছলাৰে কয় যে এই শোকাৱহ দুৰ্ঘটনাটোত বহু সংখ্যক লোক নিহত হৈছে যদিও সঠিক সংখ্যা এতিয়াও নিশ্চিত কৰিব পৰা নাই। ঘটনাৰ পিছতে আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনীৰ দলে ঘটনাস্থলীক উপস্থিত হৈ ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে।

আৰক্ষীৰ মতে, এই শোকাৱহ ঘটনাটো নৱবৰ্ষৰ নিশা প্ৰায় ১:৩০ বজাত সংঘটিত হৈছিল। ইয়াৰ পিছতে ঘটনাস্থলীত সাধাৰণ লোকৰ প্ৰৱেশ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ লগতে আকাশমাৰ্গতো no-fly zone ঘোষণা কৰা হৈছে।

চিএনএনৰ প্ৰতিবেদন অনুসৰি, দুজন প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়া মতে শ্বেম্পেইনৰ বটলত লগোৱা স্পাৰ্কলাৰৰ ফলতেই হয়তো এই অগ্নিকাণ্ডটো সংঘটিত হ’বলৈ পালে। আন এগৰাকী প্ৰত্যক্ষদৰ্শীয়ে কয়, “বাৰখনৰ একাংশ মহিলা কৰ্মচাৰীয়ে চিলিঙৰ একেবাৰে কাষলৈ স্পাৰ্কলাৰ লগোৱা বটল লৈ যোৱাৰ ফলতেই এই অগ্নিকাণ্ডটো সংঘটিত হ’বলৈ পালে।” ঘটনাৰ সময়ত বাৰখনত প্ৰায় ২০০ গৰাকী লোক উপস্থিত আছিল বুলি তেওঁলোকে অনুমান কৰিছে (European nightclub fire)।

ছুইজাৰলেণ্ডৰ ৰাষ্ট্ৰপতি গাই পাৰ্মেলিনে এই ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰি কয় – “নৱবৰ্ষক আদৰাৰ আনন্দই মুহূৰ্ততে ভয়ংকৰ দুৰ্ঘটনাত পৰিণত হ’ল।” ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰোঁৱেও নিহতসকলৰ পৰিয়ালৰ প্ৰতি গভীৰ সমবেদনা জনাইছে।

ইফালে, আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ব্ৰিটেইনৰ দূতাবাসে তেওঁলোকৰ নাগৰিকসকলক সুৰক্ষিত থকাৰ তথ্য নিশ্চিত কৰাৰ বাবে পৰিয়ালৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে। দূতাবাসসমূহে জনাইছে যে এই ঘটনাত বিভিন্ন দেশৰ নাগৰিক থকাৰ সম্ভাৱনা আছে।

বৰ্তমানেও উদ্ধাৰ অভিযান চলি আছে আৰু Valais Cantonal Police-এ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

লগতে পঢ়ক: Rajdhani Express Elephant Accident Assam: কামপুৰৰ ৰেলৰ খুন্দাত নিহত সাতটা হাতীৰ এটা আছিল গৰ্ভৱতী


Advertisement