হোজাইঃ মধ্য অসমৰ বেদখলকৃত ভূমিত পুনৰ চলিল প্ৰশাসনৰ বুল্ড’জাৰ। এইবাৰ হোজাই জিলাৰ বনাঞ্চলৰ ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে উচ্ছেদ অভিযান আৰম্ভ কৰিছে জিলা প্ৰশাসনে (Hojai Eviction Drive)।
হোজাই জিলাৰ যমুনামুখৰ মৌডংগা সংৰক্ষিত বনাঞ্চলৰ প্ৰায় ৬ হাজাৰ বিঘা ভূমিত একাংশ লোকে ঘৰ বাৰী নিৰ্মাণ কৰি বসবাস কৰি অহাৰ উপৰিও একাংশ লোকে সাজিছিল বৃহৎ তামোলবাৰী। বনাঞ্চলৰ ভূমিত ঘৰ, তামোলবাৰীত অৱশেষত প্ৰশাসনে বুল্ড’জাৰ চলাই বেদখলমুক্ত কৰাৰ অভিযান আৰম্ভ কৰিছে শুক্ৰবাৰে পুৱাৰ পৰাই (Hojai forest eviction)।
হোজাই জিলাৰ যমুনা মৌডংগা বনাঞ্চলৰ ৫ হাজাৰ ৬ শ বিঘা ভূমিত ১২৫০ টা পৰিয়ালে বেদখল কৰি কেইবাবছৰ ধৰি বসবাস কৰি আহিছিল। কিন্তু বেদখলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ অংশ হিচাপে শুক্ৰবাৰৰ পৰা এই ৫ হাজাৰ ৬ শ বিঘা ভূমি বেদখলমুক্ত কৰাৰ উদ্দেশ্যে আৰম্ভ কৰিছে উচ্ছেদ অভিযান। প্ৰশাসনৰ বুল্ড’জাৰে এই পৰ্য্যন্ত বনভূমি বেদখল কৰি নিৰ্মাণ কৰা বিশাল অট্টালিকাও উচ্ছেদ কৰা হৈছে। লগতে বিশাল তামোলবাৰীতো উচ্ছেদ অভিযান অব্যাহত ৰাখিছে হোজাই জিলা প্ৰশাসনে (Assam eviction drive)।
পুৱাৰ পৰা চলোৱা উচ্ছেদ অভিযান শান্তিপূৰ্ণ ভাৱেই চলি আছে যদিও তামোলবাৰীত উচ্ছেদ চলোৱাৰ সময়ত স্থানীয় এ আই ইউ ডি এফ এগৰাকী নেতাই বাধা প্ৰদানৰ চেষ্টা কৰি অতিৰিক্ত আয়ুক্তৰ ধমক খলগীয়াও হৈছে (Betel nut plantation eviction)।
উচ্ছেদ অভিযানত যাতে কোনো অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয় তাৰ বাবে প্ৰশাসনে পৰ্যপ্ত আৰক্ষী, নিৰাপত্তাৰক্ষী মোতায়েন কৰিছে (Central Assam eviction news)।
ইপিনে, উচ্ছেদৰ পূৰ্বে প্ৰশাসনে জাৰি কৰা জাননী লাভ কৰাৰ পাছতেই একাংশ লোকে বেদখলকৃত ভূমি ত্যাগ কৰি আঁতৰি গৈছে যদিও ভূমিহীন আন একাংশ লোকৰ মাজত উচ্ছেদৰ পাছতেই এক হাহাকাৰ পৰিস্থিতিত সৃষ্টি হৈছে।
লগতে পঢ়কঃ Nagaon Eviction Drive : মধ্য অসমত চতুৰ্থ দিনাও অব্যাহত উচ্ছেদ অভিযান

