Major Eviction Drive to Begin in Dhing Revenue Circle from December 16১৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ'ব উচ্ছেদ অভিযানঃ সাজু নগাঁও জিলা প্ৰশাসন

নগাঁও: নগাওঁ জিলাৰ ধিং ৰাজহ চক্ৰৰ অন্তৰ্গত একাংশ অঞ্চলত অহা ১৬ ডিচেম্বৰত এক বৃহৎ উচ্ছেদ অভিযান চলিব বুলি ধিং ৰাজহ চক্ৰৰ পৰা জানিব পৰা গৈছে(Major Eviction Drive) । ইতিমধ্যে বেদখলকাৰীক চৰকাৰী ভুমি মুক্ত কৰাৰ নিৰ্দেশ জাৰি কৰিছে ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসে(Dhing Revenue Circle)। উচ্ছেদ চলিব লগা ঠাই সমূহ হল ধিঙৰ সালনাবৰী , ভেৰভেৰী বিল , টুকটুকী , আহোম গাওঁ , কটহগুৰি , ৰৌমাৰী বিল , মৈৰাধ্বজ , মাগুৰমাৰী বিল। এই তথ্য অৱগত কৰিছে স্থানীয় চক্ৰ বিষয়াই।

উল্লেখ্য যে, ধিঙৰ সালনাবড়ী গাঁৱৰ ভেৰভেৰি বিলৰ পৰা টুকটুকি, আহোম গাঁও, কটহগুৰি, ৰৌমাৰি বিল, মৈৰাধ্বজ হৈ মাগুৰমাৰি বিললৈকে প্ৰাকৃতিক ভাবে পানী চলাচলৰ সূঁতি আছিল । কিন্তু এই সূতিটো একাংশ বেদখলকাৰীয়ে বিভিন্ন ঠাইত বান্ধ বনাই পুখুৰী আৰু ফিচাৰি বনাই বেদখল কৰি আহিছে ।যাৰ ফলত পানীৰ চলাচল বন্ধ হৈ গোটেই এলেকাৰ গাৱঁৰ ৰাইজৰ লগতে বাট-পথৰ বিস্তৰ ক্ষতি সাধন হৈ আহিছিল ।

ইতিমধ্যে এই বৃহৎ উচ্ছেদ অভিযানৰ বাবে সম্পুৰ্ণ সাজু হৈছে নগাওঁ জিলা আৰক্ষী প্ৰশাসন । উল্লেখ্য যে ৰাজনৈতিক আৰ্শীবাদপুষ্ট একাংশ দালালক আৰু ধিং ৰাজহ চক্ৰৰ একাংশ লাটমণ্ডলক ধন দিয়েই বেদখলৰ সুবিধা লাভ কৰিছিল বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰিছে ।


Advertisement