নগাঁওঃ এক ৰহস্যজনক পৰিস্থিতিত কচুৱাৰ এগৰাকী কণ্যা শিশু অগ্নিদগ্ধ হোৱা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। ঘটনাটোক লৈ বিভিন্নজনে কৰিছে নানা সন্দেহ । স্থানীয় একাংশই শিশুটোক দুৰ্বৃত্তই অগ্নিদগ্ধ কৰাৰ সন্দেহ কৰাৰ বিপৰীতে আৰক্ষীয়ে এই সন্দেহ নস্যাৎ কৰিছে। ঘটনাটো সংঘটিত হৈছে বৃহস্পতিবাৰে (Child Burn Incident in Assam)।
কেনেকৈ ঘটিল ঘটনাটোঃ
কচুৱা লুটুমাৰীৰ এগৰাকী ৯ বছৰীয়া কণ্যা শিশু শুকুৰবাৰে ঘৰৰ পদূলিতে খেলি থকা অৱস্থাত অগ্নিদগ্ধ হয়। শিশুগৰাকীৰ শৰীৰৰ প্ৰায় ৮০ শতাংশ অগ্নিদগ্ধ হোৱা বুলি জানিব পৰা গৈছে। বিশেষকৈ ,পিঠি আৰু হাত, চুলি, মুৰৰ বহু অংশ ভয়ংকৰভাৱে দগ্ধ হৈছে (Kachua child burn case)।
কি হৈছিল ঘটনাটোঃ
স্থানীয় একাংশ লোকৰ মতে, শিশুটোৱে নিজৰ ঘৰৰ পদূলিতে খেলি আছিল। ডিফুৰ পৰা পেহীয়েক অহাৰ কথা আছিল। সেই আনন্দতে পদূলিলৈ ওলাই আহিছিল শিশুটো। আকস্মিকভাবে শিশুটোৰ দেহত জুই লাগে। জুইত শিশুটোৰ শৰীৰৰ পিঠি, হাত ,চুলি আদি অগ্নিদগ্ধ হয় । স্থানীয় লোকে তাৎক্ষণিক ভাবে শিশুটোক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা হিচাপে এল’ভেৰা, কণী আদি সানি দিয়ে। পিচত কণ্যা শিশু গৰাকীক কচুৱা মডেল হাস্পতাললৈ লৈ যায়। অৱস্থা অতি সংকটজনক হোৱাত চিকিৎসকে প্ৰাথমিক চিকিৎসাৰ অন্তত শিশুটোক উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে। বৰ্তমান শিশুগৰাকী চিকিৎসাধীন হৈ আছে (Nagaon child fire accident)।
কি কয় স্থানীয় লোকেঃ
স্থানীয় লোকৰ মতে শিশুটো কেনেদৰে অগ্নিদগ্ধ হ’ল সেই ঘটনাৰ প্ৰত্যক্ষদৰ্শী নাই। অৱশ্যে শিশুটোৱে বাইক বুলি চিঞৰাৰ পৰা বাইকত অহা কোনো দুৰ্বৃত্তই শিশুটোক অগ্নিদগ্ধ কৰা বুলি তেওঁলোকে সন্দেহ প্ৰকাশ কৰিছে (Kachua mysterious incident)।
আৰক্ষীৰ মন্তব্যঃ
কচুৱাৰ শিশু অগ্নিদগ্ধ হোৱা ঘটনা সন্দৰ্ভত প্ৰাথমিক তদন্তৰ অন্তত নগাঁও জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনোৱা মতে – এই ঘটনা এক আকস্মিক দুৰ্ঘটনাহে। ৰাইজে আশংকা কৰাৰ দৰে কোনো দুৰ্বৃত্তই কণ্যা শিশুটোক অগ্নি সংযোগ কৰা নাই। শিশুটোৰ লগত থকা এটা লাইটাৰৰ পৰাহে শিশুটো অগ্নিদগ্ধ হৈছে। শৰীৰত অগ্নিসংযোগ হোৱাৰ লগে লগেই শিশুটি দৌৰিবলৈ চেষ্টা কৰাত অধিক অগ্নিদগ্ধ হোৱাৰো সন্দেহ পেৰকাশ কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। অৱশ্যে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলিও জ্যেষ্ঠ আৰক্ষী অধীক্ষক জনে জনায় (Nagaon police statement)।
ঘটনাটোকলৈ সমগ্ৰ কচুৱা অঞ্চলত সৃষ্টি হৈছে ব্যাপত চাঞ্চল্যৰ।
লগতে পঢ়কঃ Dhing family murder: ধিঙত পত্নী আৰু দুই কন্যাক কুঠাৰেৰে ঘপিয়াই হত্যা পিতৃৰ

