এণ্টাৰটেইনমেণ্ট ডেস্ক: দেশভক্তিমূলক ছবি বর্ডাৰ 2 এতিয়া ছবিগৃহত মুক্তিৰ বাবে সাজু(Border 2)। এই সময়তে, ছবিখনৰ নিৰ্মাতাই ২ জানুৱাৰীত ৰাজস্থানৰ জেচলমেৰত ছবিখনৰ বহু প্ৰতীক্ষিত গীত ‘घर कब आओगे’ৰ ভিডিঅ’ সংষ্কৰণ মুকলি কৰিছে।
একেটা দিনতে কেইঘণ্টামানৰ পূৰ্বে গানটোৰ অডিঅ’ সংস্কৰণো মুক্তি দিয়া হৈছিল, যি মুক্তিৰ কেইমুহূৰ্তমানৰ ভিতৰতে ছ’চিয়েল মিডিয়াত ট্ৰেণ্ডিঙত আহি পৰে।
জেচলমেৰত বিশেষ অনুষ্ঠান, উপস্থিত ছবিখনৰ তাৰকাসকল
‘घर कब आओगे’ গীতটোৰ ভিডিঅ’ মুকলি অনুষ্ঠানত বর্ডাৰ 2 ছবিখনৰ সম্পূৰ্ণ টীম উপস্থিত আছিল। এই গীটটোত ছবিখনৰ চাৰিওজন মুখ্য অভিনেতা—
চানী দেউল, বৰুণ ধাৱন, দিলজিৎ দোসাঞ্জ আৰু আহান শেঠী—আটাইকে একেটা ফ্ৰেমত দেখা যায়, যাৰ ফলত গীতটোৰ প্ৰতি দৰ্শকৰ আগ্ৰহ আৰু বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।
“এক ৰাষ্ট্ৰ, এক অনুভৱ, এক প্ৰশ্ন”
ভিডিঅ’ গীতটো ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰি প্ৰযোজকে কেপচনত লিখিলে এইদৰে—
“एक इमोशन. एक नेशन. एक क्वेश्चन – घर कब आओगे—घर कब आओगे।”
এই বাক্যশাৰীয়ে গীতটোৰ গভীৰ দেশপ্ৰেম আৰু সেনা জোৱানসকলৰ অনুভৱক স্পষ্টকৈ ফুটাই তুলিছে।
‘‘संदेशे आते हैं’ৰ নতুন সংস্কৰণ
‘घर कब आओगे’ মূলত ১৯৯৭ চনৰ আইকনিক ছবি বর্ডাৰৰ অতি জনপ্ৰিয় গীত ‘संदेशे आते हैं’ৰ ৰিমেক অৰ্থাত নতুন সংস্কৰণ।
এই নতুন সংস্কৰণটোত কণ্ঠদান কৰিছে—
- চনু নিগম
- অৰিজিৎ সিং
- বিশাল মিশ্ৰ
- দিলজিৎ দোসাঞ্জ
গীতটোৰ সংগীত পুনৰ নিৰ্মাণ কৰিছে মিথুনে, আৰু কথা লিখিছে মনোজ মুণ্টশিৰে।
‘संदेशे आते हैं’ – এই অৰিজিনেল গানটো গাইছিল চনু নিগম আৰু ৰূপ কুমাৰ ৰাঠৌড়ে । সুৰ আৰু কথাৰ বাবে এই গীতটো আজিও সকলোৰে হৃদয়ত এক আইকনিক স্থান দখল কৰি আছে।
‘বর্ডাৰ’ৰ ঐতিহাসিক পটভূমি
১৯৯৭ চনত মুক্তি পোৱা বর্ডাৰ ছবিখন জে.পি. দত্তই পৰিচালনা কৰিছিল। ছবিখনত চানী দেউল আছিল মুখ্য ভূমিকাত, লগতে জেকি শ্ৰফ, সুনীল ছেঠী আৰু অক্ষয় খন্নাইও অভিনয় কৰিছিল। এই ছবিখনে ভাৰতীয় সেনাৰ বীৰত্বক দেশবাসীৰ মনত গভীৰভাৱে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছিল।
‘‘বর্ডাৰ 2’: দেশভক্তিৰ আন এক নতুন অধ্যায়
বর্ডাৰ 2 ছবিখন গুলশন কুমাৰ আৰু টি-চিৰিজে, জে.পি. দত্তৰ জে.পি. ফিল্মছৰ সহযোগত নিৰ্মাণ কৰিছে।
এই ছবিখনৰ প্ৰযোজকৰ দলটোত আছে—
- ভূষণ কুমাৰ
- কৃষ্ণ কুমাৰ
- জে.পি. দত্ত
- নিধি দত্ত
ছবিখনৰ পৰিচালনা কৰিছে অনুৰাগ সিঙে। ছবিখনে ভাৰতীয় সেনাৰ বীৰত্ব, ত্যাগ আৰু সাহসৰ কাহিনীক পুনৰ এবাৰ ৰূপালী পৰ্দাত উন্মোচন কৰিব।
কেতিয়া মুক্তি পাব ‘বর্ডাৰ 2’?
দেশভক্তিৰ এই বহুল প্ৰতীক্ষিত ছবিখন অহা ২৩ জানুৱাৰীত, গণতন্ত্ৰ দিৱসৰ প্ৰাক্মুহূৰ্তত, দেশজুৰি ছবিগৃহসমূহত মুক্তি পাব।
লগতে পঢ়ক: Sailadhar Barua Film Award 2025: অষ্টম শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ঘোষণা

