A Unique Velaghar Built in Memory of Zubeen Garg at RahaZubeen Garg Velaghar Tribute: জুবিন গাৰ্গৰ অন্তিম স্মৃতিত ভগৱানৰ হাতৰ পৰশত প্ৰাণ পাইছে ভেলাঘৰ

ৰহাঃ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্তিম স্মৃতিত নিৰ্মাণ হৈ আছে ভেলাঘৰ। ভগৱানৰ হাতৰ পৰশত জুবিন গাৰ্গৰ অন্তিম স্মৃতিৰ আৰ্হিত নিৰ্মাণ হৈ আছে ভেলাঘৰ। সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অন্তিম সাক্ষী বহন কৰা য়টৰ আৰ্হিত নিৰ্মাণ হৈ আছে ভেলাঘৰ (Zubeen Garg Velaghar Tribute)।

ৰহাৰ বিশিষ্ট ভাস্কৰ্য শিল্পী ভগৱান সেনাপতিৰ একক প্ৰচেষ্টাত ৰহাৰ আমনিশালিত প্ৰাণ পাই উঠিছে এখন য়ট (পানী জাহাজ)। প্ৰতি বছৰে গাঁঠিৰ ধন খৰচ কৰি নৰা, বাঁহ আৰু খেৰেৰে ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজলৈ এক বাৰ্তা প্ৰেৰণৰ উদ্দেশ্য ভগৱান সেনাপতিয়ে নিৰ্মাণ কৰি আহিছে ভিন্নৰূপী ভেলাঘৰ (Zubeen Garg Tribute Assam)।

উল্লেখ্য, ২০১১ চনৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে ধাৰাবাহিকভাৱে নিৰ্মাণ কৰি আহিছে ভেলাঘৰ। এই বৰ্ষটো শিল্পী ভগৱান সেনাপতিয়ে নৰা,খেৰ,বাঁহেৰে নিৰ্মাণ কৰিছে ব্যতিক্ৰমধৰ্মী ভেলাঘৰ (Bhagwan Senapati Artist)।

শিল্পী ভগৱান সেনাপতিয়ে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই প্ৰায় ৮০ ফুট দৈৰ্ঘৰ আৰু ৪০ ফুট উচ্চতাৰে নৰা,খেৰ,বাঁহেৰে নিৰ্মাণ কৰিছে এখন য়ট। ছিংগাপুৰত যিখন য়টত অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সাগৰলৈ নিছিল । শিল্পী সেনাপতিৰ ভাষ্য অনুসৰি এই অভিশপ্ত য়ট খনক প্ৰতীক হিচাপে ব্যৱহাৰ কৰি নিৰ্মাণ কৰিছে ভেলাঘৰ।

য়টখনৰ ওপৰত শোকস্তব্ধ হৈ বহি আছে জুবিন গাৰ্গৰ প্ৰিয় চৰাই উদাসীন গাৰ্গ(বগলী), কাকু গাৰ্গ (কাউৰী) লগতে নিৰ্মাণ কৰিছে এখন গীটাৰ, শিল্পী গৰাকীয়ে পৰিধান কৰা টুপী। যিখন অভিশপ্ত য়ট যাত্ৰাত চিৰদিনৰ বাবে স্তব্ধ হৈ পৰিল প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অমিয়া ঝংকাৰ (Velaghar Raha)।

এইবছৰৰ কাম ইতিমধ্যে প্ৰায় ৬০ শতাংশ সমাপ্ত হৈছে। সম্পূৰ্ণ একক প্ৰচেষ্টাৰে কোনো চৰকাৰী সহায় নোহোৱাকৈ ভগৱান সেনাপতিয়ে স্থানীয় যুৱক সকলৰ সহায়ত পূৰ্ণগতিত নিৰ্মাণ কৰি উলিওৱা আমনিশালীৰ এই ভেলাঘৰ এতিয়া সকলোৰে বাবে হৈ উঠিছে আৰ্কষণৰ কেন্দ্ৰ ।

নৰাৰে নিৰ্মাণ কৰা য়টখনৰ ভিতৰতে ভোগালীৰ নিশা উৰুকা পালন কৰিব গাঁওবাসীয়ে। কিন্তু পুৱাতে অগ্নিদেৱতাক পূজা কৰি প্ৰতীকীভাৱে জ্বলাই দিয়া হ’ব ভেলাঘৰ। এফালেদি পৰম্পৰা আৰু এফালেদি প্ৰতীকী প্ৰতিবাদ প্ৰকাশ কৰিছে শিল্পী গৰাকীয়ে। শিল্পী ভগৱান সেনাপতিয়ে নৰা, খেৰ,বাঁহ আৰু গাঁঠিৰ ধন ভাঙি এনেদৰে সমাজক দি আহিছে নতুন নতুন চিন্তাৰ খোৰাক আৰু বাৰ্তা।

২০১১ চনত প্ৰথমবাৰৰ বাবে নৰা-খেৰ-বাঁহেৰে নিৰ্মাণ কৰিছিল এটা বৃহৎ আকাৰৰ “ৰংঘৰ” আকৃতিৰ ভেলাঘৰ। ২০১২ চনত টাইটানিক আকৃতিৰে নিৰ্মাণ কৰে ভেলাঘৰ। সেনাপতিৰ এনে কৰ্ম বহুজনৰ হৃদয় জয় কৰিছে। কেৱল খেৰ, বাঁহেৰে নিৰ্মাণ কৰা ভেলাৰঘৰটি নিৰ্মাণৰ বাবে কেতিয়াবা যদি পুখুৰীৰ মাছ বিক্ৰী কৰিছে, কেতিয়াবা আকৌ ফাৰ্মৰ হাঁহ বিক্ৰী কৰিছে। কেতিয়াবা আকৌ বন্ধন বেংক অথবা মাইক্ৰ’ফাইনেন্সৰ পৰা ঋণ লৈ সাজিছে ভেলাঘৰ (Bhogali Bihu Velaghar)।

কিন্তু এবাৰ মাত্ৰ চৰকাৰৰ পৰা ৫০ হাজাৰ টকা এককালীন সাহাৰ্য লাভ কৰিছে শিল্পী গৰাকীয়ে। অতি পৰিতাপৰ বিষয় যে, তিৱা স্বায়ত্ব পৰিষদৰ এলেকাধীন শিল্পী গৰাকীক স্বায়ত্ব পৰিষদৰ পৰা কেইবাবাৰো সহায় কৰাৰ আশ্বাস দিছিল যদিও আজিও নাপালে সহাৰি। কিন্তু ৰাইজৰ বাবে প্ৰতি বছৰে বছৰে নতুন নতুন বাৰ্তা লৈ গাঁঠিৰ ধন ভাঙি ৰাইজক কৰিছে সজাগতা। তেনে সময়তে শিল্পী ভগৱান সেনাপতিয়ে নিজৰ গাঁথিৰ ধন ভাগি অসমবাসীক কৰি আহিছে সজাগতা।

আৰ্থিক নাটনিৰ স্বত্বেও শিল্পী ভগৱান সেনাপতিয়ে অৱ্যাহত ৰাখিছে সৃষ্টি কৰ্ম।

লগতে পঢ়কঃ Zubeen Garg death justice: জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় প্ৰক্ৰিয়াৰ বাবে বিশেষ পদক্ষেপ অসম চৰকাৰৰ


Advertisement