Kaziranga Royal Bengal Tiger DeathRoyal Bengal Tiger Death: দুই বাঘৰ যুঁজত কাজিৰঙাত ঢেঁকীয়াপতীয়া বাঘৰ মৃত্যু!

কাজিৰঙাঃ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ পশ্চিমাঞ্চলৰ বাগৰী ৰেঞ্জৰ অন্তৰ্গত পশ্চিম বিমলী অঞ্চলত শনিবাৰে পুৱাই উদ্ধাৰ হয় এটা ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ (Royal bengal tiger death)। শনিবাৰে পুৱা প্ৰায় ১০ বজাত এটা মাইকী ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহ উদ্ধাৰ হয়। বন বিভাগৰ তহলদাৰী দলৰ সদস্যসকলে এই মৃতদেহ প্ৰথমে প্ৰত্যক্ষ কৰি তৎক্ষণাত কৰ্তৃপক্ষক খবৰ দিয়ে।

তহলদাৰী বনকৰ্মীৰ লগে বন বিভাগক খবৰ দিয়াত লগে ঘটনাস্থলীত বন বিভাগৰ এটা দল উপস্থিত হৈ ঢেঁকীয়াপতীয়া বাঘৰ মৃতদেহটো উদ্ধাৰ কৰে (Assam wildlife news)। বন বিভাগৰ উচ্চপদস্থ বিষয়াসহ বন বিভাগৰ এটা উপস্থিত হৈ বাঘটো উদ্ধাৰ কৰাৰ লগতে ঘটনাৰ তদন্ত আৰম্ভ কৰে।

প্ৰাথমিক তদন্তত দুটা বাঘৰ মাজত হোৱা সংঘাতৰ ফলত বাঘটোৰ মৃত্যু হোৱা বুলি সন্দেহ প্ৰকাশ কৰে বন বিভাগৰ লোকে। উদ্ধাৰ হোৱা বাঘটোৰ মৃতদেহত গভীৰ আঘাতৰ চিন, নখৰ দাগ আৰু অন্যান্য চিহ্ন প্ৰত্যক্ষ কৰি দুই বাঘৰ মাজত হোৱা সংঘাতত বাঘটোৰ মৃত্যু হোৱাৰ সন্দেহ প্ৰকাশ কৰে বন বিভাগৰ লোকে।

অৱশ্যে উদ্ধাৰ হোৱা বাঘৰ মৃতদেহ মৰুণোত্তৰ পৰীক্ষাৰ অন্তত সৎকাৰৰ ব্যৱস্থা কৰে বন বিভাগৰ লোকে(Kaziranga forest department investigation)।

প্ৰাথমিক তদন্তত বাঘটোৰ দুই বাঘৰ মাজত হোৱা সংঘাতৰ ফলত মৃত্যু হোৱা বুলি ধাৰণা কৰিলেও মৃতদেহৰ অংশ ফৰেঞ্চিক পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে বন বিভাগৰ উচ্চ পদস্থ বিষয়াই (Tiger clash in Kaziranga)।

দুই বাঘৰ মাজত হোৱা সংঘাতত বাঘটোৰ মৃত্য হোৱাৰ সন্দেহ কৰিলেও তদন্তৰ ব্যৱস্থা কৰিছে বন বিভাগে।

উল্লেখযোগ্য যে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্বৰ অন্যতম গুৰুত্বপূৰ্ণ ইউনেস্ক’ বিশ্ব ঐতিহ্য স্থান আৰু এশিঙীয়া গঁড়ৰ লগতে বাঘ সংৰক্ষণৰ এক প্ৰধান কেন্দ্ৰ (Kaziranga National Park )।

লগতে পঢ়কঃ Rajdhani Express Elephant Accident Assam: কামপুৰৰ ৰেলৰ খুন্দাত নিহত সাতটা হাতীৰ এটা আছিল গৰ্ভৱতী


Advertisement