নগাঁওঃ সোমবাৰে পুৱতি নিশা কপাঁই যোৱা আক ভয়ংকৰ ভূমিকম্পৰ সময়ত কৰ্তব্যনিষ্ঠাৰ এক নিদৰ্শন দেখুৱালে নগাঁৱৰ কেইবৰাকীমান নাৰ্ছে। নগাঁৱৰ নেমচি হস্পিতালৰ নাৰ্ছৰ দায়িত্ববোধ দেখিলে আচৰিত হ’ব আপুনিও। নিজৰ প্ৰাণতকৈয়ো আই চি ইউত ভৰ্তি নৱজাতকৰ চিন্তা কৰি নৱজাতকৰ ৱকাষত দৌৰি উপস্থিত হ’ল কৰ্তব্যৰত নাৰ্ছ (Nagaon nurses earthquake rescue)।
অসমত ভয়ংকৰ ভূমিকম্পৰ জোকাৰণি অনুভূত হৈছিল সোমবাৰে পুৱতি নিশা প্ৰায় ৪.১৭ মিনিটত। ৰিখটাৰ স্কেলত প্ৰায় ৫.৬ প্ৰাবল্যৰ আছিল ভূমিৰসম্প। এই ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল মৰিগাঁও জিলাৰ ওচৰত। গুৱাহাটী, নগাঁও, তেজপুৰকে ধৰি উত্তৰ-পূৰ্বৰ বহু অঞ্চলত এই কম্পন তীব্ৰভাৱে অনুভূত হৈছিল। যদিও বৃহৎ ক্ষয়ক্ষতি বা হতাহতৰ খবৰ এতিয়ালৈকে ওলোৱা নাই, তথাপিও এই ভয়ংকৰ মুহূৰ্তত মানৱীয় কৰ্তব্যপৰায়ণতাৰ এক উজ্জ্বল দৃষ্টান্ত দেখা গৈছে নগাঁৱত (Assam earthquake nurses)।
নগাঁওৰ নেমচি নামৰ নাৰ্চিং হোমত কৰ্তব্যৰত নাৰ্ছসকলে নিজৰ প্ৰাণৰক্ষাৰ চিন্তা কৰাৰ পৰিৱৰ্তে আই চি ইউত ভৰ্তি হৈ থকা নৱজাত শিশুসকলক সুৰক্ষা দিয়াৰ বাবে দৌৰি গৈছিল নৱজাতকৰ কাষত। ভূমিকম্পৰ জোকাৰণিত যেতিয়া সমগ্ৰ অট্ৰালিকা কঁপি উঠিছিল, তেতিয়া ওপৰৰ যন্ত্ৰপাতি বা অন্যান্য বস্তু পৰি শিশুসকলৰ ক্ষতি হ’ব পাৰে বুলি ভবি নাৰ্ছসকলে তৎক্ষণাত শিশুকেইটাক নিজৰ শৰীৰেৰে ঢাকি ধৰি সুৰক্ষা প্ৰদানৰ চেষ্টা কৰে (NEMCI Hospital Nagaon)।
এই মুহূৰ্তৰ দৃশ্য চি চি টি ত বন্দী হৈ থাকে, যিয়ে সকলোৰে মন জয় কৰিছে। নিজৰ নিৰাপত্তাৰ চিন্তা এৰি দি নৱজাতকৰ প্ৰতি দেখুওৱা এই ত্যাগ আৰু দায়িত্ববোধ অসমৰ স্বাস্থ্যসেৱাৰ ক্ষেত্ৰত এক অনন্য নিদৰ্শন হৈ পৰিছে (ICU newborn rescue)।
এনে পৰিস্থিতিতো কৰ্তব্যত অটল থকা এই নাৰ্ছসকলক সকলোৱে সাহসী বীৰাঙ্গনা বুলি প্ৰশংসা কৰিছে (nurse bravery Assam)। তেওঁলোকৰ এই কৰ্মই প্ৰমাণ কৰিছে যে সঁচা কৰ্তব্যপৰায়ণতাৰ সন্মুখত ভয় বা বিপদ কোনো বাধা নহয়।
এই ঘটনাই আমাক সকলোকে সোঁৱৰাই দিয়ে যে চিকিৎসক-নাৰ্ছসকল কেৱল পেছাদাৰী নহয়, তেওঁলোক হৈছে সমাজৰ প্ৰকৃত ৰক্ষক।
নগাঁৱৰ এই নাৰ্ছসকলক এতিয়া সকলোৱে কৰিছে প্ৰশংসা।
লগতে পঢ়কঃ বছৰৰ আৰম্ভণিতেই ভূমিকম্পৰ তীব্ৰ জোকাৰণি
