গুৱাহাটীঃ Peoples pulse নামৰ এটা সংগঠনে মাত্ৰ ৫০০০ নমুনা সংগ্ৰহৰে চলোৱা প্ৰাকনিৰ্বাচনী সমীক্ষাত বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰাটো পোহৰলৈ আহিছে। সমীক্ষা মতে বিজেপিয়ে প্ৰায় ৭৪ খন আসন লাভ কৰাৰ লগতে মুখ্যমন্ত্ৰী পদত পুনৰ অধিষ্ঠিত হব ডঃ হিমন্ত বিশ্ব শৰ্মা। অৱশ্যে খোদ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মায়েই এই ফলাফলক বিশেষ গুৰুত্ব প্ৰদান কৰা নাই। ইয়াৰ সমান্তৰাল ভাবে কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীইও এই সমীক্ষা শুদ্ধ নহয় বুলি মন্তব্য কৰিছে (Peoples Pulse Assam Survey)।
কি আছে Peoples Pulseৰ সমীক্ষাত
Peoples Pulse নামৰ সংগঠনটোৱে যোৱা ১৫ নৱেম্বৰৰ পৰা ৩১ ডিচেম্বৰলৈ এই সমীক্ষা চলাইছিল। সংগঠনটোৱে অসমক চাৰিটা Region ত ভাগ কৰি এই সমীক্ষা চলাইছিল। এই চাৰিটা Region হৈছে -উজনি অসম, বৰাক ভেলী, মধ্য অসম আৰু নামনি অসম। তদুপৰি অসমক ৫টা প্ৰশাসনীয় সংমণ্ডলত ভাগ কৰি তেওঁলোকে সমীক্ষাৰ প্ৰতিবেদন প্ৰস্তুত কৰিছিল। সেই প্ৰশাসনীয় সংমণ্ডল সমূহ হৈছে-বৰাক ভেলী, কেন্দ্ৰীয় অসম, নামনি অসম, উত্তৰ অসম আৰু উজনি অসম।সংগঠনটোৱে সমগ্ৰ অসমত ৫০০০ নমুনা সংগ্ৰহ কৰিছিল। প্ৰতিটো সমষ্টিৰ পৰা ৪০-৫০ টা নমুনা সমীক্ষাৰ বাবে সংগ্ৰহ কৰিছিল (Assam Assembly Election Survey)।
কিহৰ ওপৰত সমীক্ষা
সমীক্ষাত উল্লেখ থকা মতে Peoples pulseৰ গৱেষণাকাৰী দলে আগন্তুক অসম বিধানসভা নিৰ্বাচনত প্ৰভাৱ পেলাব পৰা জনসাধাৰণৰ সমস্যা তথা অভিযোগসমূহৰ ওপৰত বিশেষ গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত NDA চৰকাৰৰ শাসন ব্যৱস্থাৰ প্ৰতি ৰাইজৰ ধাৰণা আৰু মুখ্য বিৰোধী দল কংগ্ৰেছৰ প্ৰতি জনসাধাৰণৰ মনোভাৱ সম্পৰ্কেও অধ্যয়ন কৰা হৈছিল (Himanta Biswa Sarma Reaction)। লগতে AGP, BPF, AIUDF, ৰাইজৰ দল, AJP, UPPL, CPI(M) আদি অন্যান্য ৰাজনৈতিক দলসমূহৰ বিষয়ে ৰাইজৰ মতামতো গৱেষণা দলে সংগ্ৰহ কৰিছিল (BJP Seat Prediction Assam)।
কি কি জিলাত সমীক্ষা কৰিছিল সংগঠনটোৱে
সংগঠনটোৱে সমীক্ষা কৰা নামনি অসমৰ জিলা সমূহ হৈছে-বাক্সা, বজালী, বৰপেটা, বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, কোকৰাঝাৰ, নলবাৰী, দক্ষিণ, শালমাৰা–মানকাচৰ আৰু তামুলপুৰ।
উত্তৰ অসমৰ জিলা সমূহ হৈছে-বিশ্বনাথ, দৰং, শোণিতপুৰ আৰু ওদালগুৰি(Pre Poll Survey Assam) ।
উজনি অসমৰ জিলা সমূহ হৈছে-চৰাইদেউ, ধেমাজি, ডিব্ৰুগড়, গোলাঘাট, যোৰহাট, লখিমপুৰ, মাজুলী, শিৱসাগৰ আৰু তিনিচুকীয়া ।
কেন্দ্ৰীয় অসমৰ জিলা সমূহ হৈছে- ডিমা হাছাও, হোজাই, মৰিগাঁও, নগাঁও, কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং ।
বৰাকভেলীৰ জিলা কেইখন হৈছে-কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ ।
সংগঠনটোৰ সমীক্ষাৰ ফলাফলঃ
সংগঠনটোৰ সমীক্ষা অনুযায়ী বিজেপিয়ে ৬৯ ৰ পৰা ৭৪ খন আসন, কংগ্ৰেছে ২৫ ৰ পৰা ২৯ খন আসন, অগপই ৮ ৰ পৰা ১০ খন আসন, বি পি এফে ৮ ৰ পৰা ১০ খন আসন, ইউ পি পি এলে ০ ৰ পৰা ২ খন, এ আই ইউ ডি এফে ০ ৰ পৰা ২ খন, ৰাইজৰ দলে ১ ৰ পৰা ২ খন, অসম জাতীয় পৰিষদে ০ ৰ পৰা ১ খন আৰু চি পি আই (এম) য়ে ০ ৰ পৰা ১খন আসন লাভ কৰিব।
ভোটৰ শতাংশঃ
সংগঠনটোৰ সমীক্ষা অনুযায়ী বিজেপিয়ে ৩৯.০ শতাংশ ভোট, কংগ্ৰেছে ৩৭.০ শতাংশ, অগপই ৭.০ শতাংশ, বিপিএফে ৫.৫ শতাংশ, ইউ পি পি এলে ১.২ শতাংশ, এ আই ইউ ডি এফে ২.৫ শতাংশ, ৰাইজৰ দলে ০.৯ শতাংশ, অসম জাতীয় পৰিষদে ০.৭ শতাংশ, চিপিআই(এম) য়ে ০.৮ শতাংশ আৰু অন্যান্য ৫.০ শতাংশ ভোট লাভ কৰিব।
কোন হব মুখ্যমন্ত্ৰীঃ
সংগঠনটোৰ সমীক্ষাত উল্লেখ কৰা মতে, ডঃ হিমন্ত বিশ্ব শৰ্মাই পুনৰ মুখ্যমন্ত্ৰী হব। প্ৰতিবেদনত উল্লেখ থকা মতে ডঃ হিমন্ত বিশ্ব শৰ্মাক ৩০ শতাংশ মানুহে বিচাৰে। ইয়াৰ বিপৰীতে সৰ্বানন্দ সোনোৱালক ২৮ শতাংশ, গৌৰৱ গগৈক ২৭ শতাংশ ,দেৱব্ৰত শইকীয়াক ৩ শতাংশ, হাগ্ৰামা মহিলাৰীক ১ শতাংশ, অতুল বৰাক ১ শতাংশ, দিলীপ শইকীয়াক ১ শতাংশ, বদৰুদ্দিন আজমলক ১ শতাংশ, অখিল গগৈক ১ শতাংশ আৰু এই বিষয়ত নীৰৱতা অৱলম্বন কৰছ ১ শতাংশই ।
সমীক্ষাক বিশেষ গুৰুত্ব দিয়া নাই মুখ্যমন্ত্ৰীয়েঃ
People s Pulse ৰ এই প্ৰতিবেদনক বিশেষ গুৰুত্ব দিয়া নাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয়, সমীক্ষা দিছে বিজেপিৰ ভালেই দেখুৱাইছে। কিন্তু এতিয়াই সমীক্ষা দিয়াৰ সময় হোৱা নাই। কাৰণ অগপক ৯ টা দেখুৱাইছে, বিজেপিক ৭৫ টা দেখুৱাইছে। আমি ৭৫ টাত প্ৰতিদ্বন্দিতা কৰোনে নকৰো সেইটোৱেই থিক হোৱা নাই। মই ভাবো ফেব্ৰুৱাৰী মাহৰ আগলৈকে অৰ্থাৎ যেতিয়ালৈকে আমি কাৰ কাৰ লগত প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হম বা নহম, কংগ্ৰেছেও কাৰ কাৰ লগত প্ৰতিদ্বন্দিতা কৰিব বা নকৰিব, কেইখন আসনত প্ৰতিদ্বন্দিতা কৰিম সেইবোৰ পৰিস্কাৰ নোহোৱালৈকে সমীক্ষাত চাই মনত ভাল পাই থাকিব নালাগে। কষ্ট কৰি যাব লাগিব, কাম কৰি যাব লাগিব। সমীক্ষা ওলাই থাকিব। কিন্তু প্ৰকৃত উত্তৰ মেচিনতহে ওলাব।
কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়াঃ
কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়াৰ মন্তব্য, ” পিপলচ পালচে ভাল সমীক্ষা দিয়ে মই স্বীকাৰ কৰো। কিন্তু কালিৰ সমীক্ষাই হতাশ কৰিছে। কাৰণ তেওঁলোকে অসমত প্ৰায় আঢ়ৈ কোটি ভোটাৰৰ ভিতৰত সমীক্ষাৰ নমুনা সংগ্ৰহ কৰিছে মাত্ৰ ৫ হাজাৰ ভোটাৰৰ। এটা এটা সমষ্টিৰ পৰা মাত্ৰ ৪০-৪৫ জন মানুহৰহে মতামত লৈছে। সমষ্টিও মাত্ৰ ৭৫ টাহে কৰিছে। সেয়ে মই এই প্ৰতিবেদনক গ্ৰহণ নকৰো। বিজেপিৰ সহায়ক হব এই প্ৰতিবেদন। তেওঁলোকে বিৰোধীৰ মনোবল ভাঙিবলৈ ঢোল পিটি থাকিব। আমাৰ মনোবল ভাঙিব নোৱাৰে। কাৰণ আমি জানো বৰ্তমান চৰকাৰৰ অপশাসনৰ বিৰুদ্ধে ন্যায় বিচাৰি ৰাইজে বিকল্প বিচাৰি ভোট দিব।
লগতে পঢ়কঃ বিজেপিৰ টিকট কৰ্তনৰ তালিকাত কোন কোন বিধায়কৰ নাম ?
