Bangladesh Hindu Killing: Hindu Businessman and Journalist Shot Dead in Jashoreবাংলাদেশত পুনৰ হিন্দু হত্যা: যশোৰত হিন্দু ব্যৱসায়ী তথা সাংবাদিকক গুলীয়াই হত্যা

ইণ্টাৰনেশ্যনেল ডেস্ক: বাংলাদেশত পুনৰ হিন্দু সম্প্ৰদায়ৰ ওপৰত নৃশংস আক্ৰমণৰ ঘটনা সংঘটিত হৈছে। এইবাৰ দেশখনৰ দক্ষিণ প্ৰান্তৰ যশোৰ জিলাত এজন হিন্দু ব্যৱসায়ী তথা সংবাদপত্ৰৰ সম্পাদকক ঘৰৰ পৰা মাতি নি মূৰত গুলীয়াই হত্যা কৰে অজ্ঞাত দুষ্কৃতিকাৰীয়ে। এই হত্যাকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ দেশখনৰ হিন্দু লোকসকলৰ মাজত তীব্ৰ চাঞ্চল্য আৰু উদ্বেগৰ সৃষ্টি হৈছে।

বাংলাদেশত শেহতীয়াভাৱে বৃদ্ধি পোৱা হিন্দু নিৰ্যাতনৰ ঘটনাক লৈ সংখ্যালঘু হিন্দুসকলৰ মাজত পুনৰ আতংক আৰু উত্তেজনা বিয়পি পৰিছে। চলিত বৰ্ষত বাংলাদেশত হিন্দু ব্যক্তিৰ ওপৰত হোৱা এয়া চতুৰ্থটো হত্যাকাণ্ড বুলি ৰাজনৈতিক পৰ্যবেক্ষকসকলে উল্লেখ কৰিছে।

যশোৰত হিন্দু ব্যৱসায়ী তথা সাংবাদিকক গুলীয়াই হত্যা

সোমবাৰে যশোৰ জিলাৰ কেশবপুৰ উপজিলত এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয়। নিহত ব্যক্তিজনৰ নাম ৰাণা প্ৰতাপ বৈৰাগী (৩৮)। কেশবপুৰৰ আৰোৱা গাঁৱৰ বাসিন্দা ৰাণা প্ৰতাপ মণিৰামপুৰৰ কোপালিয়া বজাৰৰ এটা বৰফ কাৰখানাৰ স্বত্বাধিকাৰী আছিল। ইয়াৰ উপৰিও তেওঁ নড়াইলৰ পৰা প্ৰকাশিত ‘দৈনিক বিডি খবৰ’ নামৰ সংবাদপত্ৰখনৰ ভাৰপ্ৰাপ্ত সম্পাদক হিচাপে কৰ্মৰত আছিল।

বাংলাদেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান ‘প্ৰথম আলো’ৰ তথ্য অনুসৰি, সোমবাৰে আবেলি প্ৰায় ৫:৪৫ বজাত এখন মটৰচাইকেলত অহা তিনিজনীয়া এটা দুষ্কৃতিকাৰীৰ দলে ৰাণা প্ৰতাপ বৈৰাগীক তেওঁৰ বৰফ কাৰখানাৰ পৰা বাহিৰলৈ মাতি আনে। তাৰ পিছত তেওঁক কোপালিয়া বজাৰৰ পশ্চিম দিশে থকা এখন ক্লিনিকৰ কাষৰ এটা গলিলৈ লৈ গৈ অতি ওচৰৰ পৰা মূৰত গুলীয়ায়।

আৰক্ষীৰ তথ্য অনুসৰি, দুষ্কৃতিকাৰীয়ে ৰাণা প্ৰতাপৰ মূৰত তিনিজাঁয় গুলী চলোৱাৰ লগতে তেওঁৰ ডিঙিও কাটি দিছিল। ফলত ঘটনাস্থলীতেই তেওঁৰ মৃত্যু হয়।

আৰক্ষীৰ তদন্ত আৰু প্ৰাথমিক সন্দেহ

হত্যাকাণ্ডৰ পাছতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু দুষ্কৃতিকাৰীসকলক কৰায়ত্ত কৰিবলৈ অভিযান চলাই আছে। অতিৰিক্ত আৰক্ষী অধীক্ষক আবুল বাশাৰৰ ভাষ্য অনুসৰি, এই হত্যাকাণ্ডৰ আঁৰত নিষিদ্ধ ঘোষিত ‘পূৰ্ব বাংলা কমিউনিষ্ট পাৰ্টি’ৰ আভ্যন্তৰীণ বিবাদ থকাৰ সম্ভাৱনা আছে।

আৰক্ষীয়ে জনোৱা মতে, নিহত ৰাণা প্ৰতাপ বৈৰাগী উক্ত দলটোৰ এজন সক্ৰিয় সদস্য আছিল আৰু তেওঁৰ বিৰুদ্ধে দুখনকৈ থানাত চাৰিটা গোচৰ ৰুজু আছিল। অৱশ্যে এই গোচৰসমূহৰ সবিশেষ এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই।

বাংলাদেশত বৃদ্ধি পাইছে হিন্দু নিৰ্যাতনৰ ধাৰা

শেহতীয়া কেইসপ্তাহত বাংলাদেশত সংখ্যালঘু হিন্দু সম্প্ৰদায়ক লক্ষ্য কৰি কেইবাটাও ভয়াৱহ হিংসাত্মক ঘটনা সংঘটিত হৈছে—

  • ৩ জানুৱাৰী, ২০২৬: খোকন চন্দ্ৰ দাস (৫০) নামৰ এজন ব্যক্তিক নৃশংসভাৱে ঘপিয়াই আৰু জ্বলাই হত্যা কৰা হয়।
  • ২৪ ডিচেম্বৰ, ২০২৫: ৰাজবাড়ীত অমৃত মণ্ডল নামৰ এজন ব্যক্তিক পিটাই হত্যা কৰা হয়।
  • ১৮ ডিচেম্বৰ, ২০২৫: ময়মনসিংহত দীপু চন্দ্ৰ দাসক ধৰ্ম অবমাননাৰ অভিযোগত গণপিটুনি দিয়া হয়।
  • ২৩ ডিচেম্বৰ, ২০২৫: চট্টগ্ৰামৰ এটা হিন্দু পৰিয়ালৰ ঘৰত দুষ্কৃতিকাৰীয়ে অগ্নিসংযোগ কৰে।

এই ধাৰাবাহিক ঘটনাসমূহে ‘Bangladesh Hindu Killing’ বিষয়টোক পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চৰ্চাৰ কেন্দ্ৰলৈ আনিছে।

সংখ্যালঘুৰ সুৰক্ষাক লৈ উদ্বেগ

ৰাজনৈতিক বিশ্লেষকসকলৰ মতে, দেশখনৰ পৰিৱৰ্তিত ৰাজনৈতিক প্ৰেক্ষাপটত গণপিটুনি, লক্ষ্যভিত্তিক হত্যা আৰু গুপ্ত আক্ৰমণ এক ভয়ংকৰ প্ৰৱণতালৈ ৰূপান্তৰিত হৈছে। ২০২২ চনৰ লোকপিয়ল অনুসৰি, বাংলাদেশত প্ৰায় ১ কোটি ৩১ লাখ হিন্দু লোক বাস কৰে, যি দেশখনৰ মুঠ জনসংখ্যাৰ প্ৰায় ৭.৯৫ শতাংশ। এনে ধাৰাবাহিক আক্ৰমণে এই বিশাল সংখ্যালঘু জনসংখ্যাৰ নিৰাপত্তাক লৈ গভীৰ উদ্বেগৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক: Anti-India Sentiment Rises in Bangladesh: কট্টৰপন্থী নেতাৰ উচতনি, হিন্দুৰ ওপৰত ভয়ংকৰ অত্যাচাৰ


Advertisement