নগাঁও : অসমত আৰম্ভ হোৱা ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণ প্ৰক্ৰিয়াক কেন্দ্ৰ কৰি একাংশ ঠাইত বিসংগতি আৰু গাফিলতিৰ অভিযোগ উঠিছে। গুৱাহাটীৰ দীঘলীপুখুৰী পাৰৰ তৈয়বুল্লা পথত অচিনাকি লোকৰ নাম ভোটাৰ তালিকাত সন্নিবিষ্ট হোৱাৰ ঘটনাৰ পিছতেই শেহতীয়াকৈ নগাঁও জিলাৰ ধিঙৰ ডুমডুমীয়াত এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে (Assam Voter List Discrepancy)।
ধিঙৰ ডুমডুমীয়াৰ শ্ৰী শ্ৰী নৰোৱা বালিসত্ৰৰ ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীৰ পৰিয়ালৰ লগত অচিনাকি তিনিগৰাকী লোকৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হোৱা বুলি অভিযোগ উঠিছে। এই ঘটনাই নগাঁও জিলাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে (Voter List Special Revision Assam)।
জানিব পৰা মতে, ভোটাৰ তালিকাৰ বিশেষ পুনৰীক্ষণত হোৱা ব্যাপক বিসংগতিৰ ফলতেই ডেকা সত্ৰীয়াৰ পৰিয়ালৰ নামৰ লগত জহুৰা খাতুন, ছহিদুল ইছলাম আৰু ছামিম আনিচা নামৰ তিনিগৰাকী মুছলমান পুৰুষ-মহিলাৰ নাম অন্তৰ্ভুক্ত হয় ((Electoral Roll Error)।
উল্লেখযোগ্য যে, ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামী ৫৫ নং ধিং বিধানসভা সমষ্টিৰ অন্তৰ্গত ডুমডুমীয়া বালিসত্ৰৰ ১০ নং ৱাৰ্ডৰ স্থায়ী বাসিন্দা। তেওঁৰ ঘৰৰ নম্বৰ ১৬৩ বুলি জানিব পৰা গৈছে। একেটা ঘৰৰ বিপৰীতে কেনেকৈ সম্পূৰ্ণ অচিনাকি লোকৰ নাম সন্নিবিষ্ট হ’ল সেয়া লৈ প্ৰশ্ন উত্থাপন হৈছে ((Nagaon Voter List Issue)।
এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ডেকা সত্ৰীয়া যাদৱ চন্দ্ৰ দেৱগোস্বামীয়ে কয়, “আমি ডুমডুমীয়া বালিসত্ৰৰ পুৰণি বাসিন্দা। আমাৰ পৰিয়ালৰ লগত কোনো মুছলমান লোকৰ সম্পৰ্ক নাই। তথাপি কেনেকৈ আমাৰ ঘৰৰ বিপৰীতে অচিনাকি মানুহৰ নাম ভোটাৰ তালিকাত আহিল, সেয়া বুজি নাপাওঁ। এই বিসংগতি তৎকাল সংশোধনৰ বাবে আমি আবেদন জনাইছো (Illegal Voter Entry Allegation)।”
স্থানীয় লোকসকলেও সমগ্ৰ বিষয়টোত গভীৰ উদ্বেগ প্ৰকাশ কৰি ভোটাৰ তালিকাৰ এই ভুল তৎকালে সংশোধন কৰিবলৈ প্ৰশাসনৰ হস্তক্ষেপ দাবী কৰিছে।
লগতে পঢ়কঃ বিজেপিৰ SR-ৰ ফান্দত বিপন্ন খিলঞ্জীয়াৰ ভৱিষ্যতঃ দেৱব্ৰত শইকীয়াৰ অভিযোগ
