গুৱাহাটী: ৰাইজৰ দলৰ বিধায়ক অখিল গগৈৰ ফেচবুক লাইভক লৈ পুনৰ মন্তব্য কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই (Akhil Gogoi Facebook Live controversy)। ৰাতি ৰাতি অখিল গগৈৰ ফেচবুক লাইভ চোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “ অখিল গগৈৰ ফেচবুক লাইভ চাই ভাল লাগে। অখিল গগৈয়ে গুৰুত্বপূৰ্ণ কোনো বিষয়ত ফেচবুক লাইভ নিদিয়ে। অখিল গগৈয়ে মনোৰঞ্জন দিবলৈহে ফেচবুক লাইভ দিয়ে। সেইকাৰণে ৰাতি ৰাতি মই অখিল গগৈৰ ফেচবুক লাইভ চাওঁ (Himanta Sarma statement)।”
সোমবাৰে নিশা আৰু মঙলবাৰে পুৱা বিধায়ক অখিল গগৈয়ে ফেচবুক লাইভৰ জৰিয়তে বিজেপিৰ অসম ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে বিজেপিৰ ভোটাৰ চিনাক্ত কৰা বুলি চোকা সমালোচনা কৰিছিল (BJP voter identification)। বিধায়ক অখিল গগৈয়ে বিজেপিয়ে ভোটাৰ চিনাক্তকৰণ সন্দৰ্ভত ফেচবুক লাইভৰ জৰিয়তে বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল বিধায়ক অখিল গগৈয়ে।
অখিল গগৈৰ এই বিস্ফোৰক অভিযোগ সন্দৰ্ভত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰে বিধায়ক অখিল গগৈক (Assam political controversy)। অখিল গগৈক কটাক্ষ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “কালি মই অখিল গগৈৰ ফেচবুক লাইভ চাইছোঁ। তেওঁ এজন দুজনক কুকুৰ বুলিও গালি পাৰে। যেতিয়া আপোনাৰো মনটো বেয়া লাগি থাকিব তেতিয়া অখিল গগৈৰ ভাষণ, সংবাদ মেল আৰু ফেচবুক লাইভ শুনিব। ৰাতি তেওঁৰ ফেচবুক লাইভটো চালে মনটো এঞ্জয় কৰিব পাৰে। অখিল গগৈ এজন ভাল মনোৰঞ্জক। গতিকে আপুনিও মনোৰঞ্জন কৰক।”
ফেচবুক লাইভত কি কৈছিল অখিল গগৈয়ে?
ফেচবুক লাইভৰ জৰিয়তে বিজেপিত ভোট নিদিয়া ভোটাৰ চিনাক্ত কৰি নাম কৰ্তনৰ বাবে এগৰাকী মন্ত্ৰীক দায়িত্ব দিয়া বুলি বিস্ফোৰক অভিযোগ উত্থাপন কৰিছিল বিধায়ক অখিল গগৈয়ে (voter list controversy Assam)।
লগতে পঢ়কঃ বিজেপিত আছে কংগ্ৰেছৰ এজেণ্ট!
