ইন্টাৰনেশ্যনেল ডেস্কঃ এটা ভিডিঅ’ক কেন্দ্ৰ কৰি ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপালত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ইতিমধ্যে সোমবাৰৰ পৰা মংগলবাৰ পৰ্যন্ত নেপালৰ পাৰ্সা জিলাৰ প্ৰশাসনে জিলাখনৰ বীৰগঞ্জ এলেকাত সান্ধ্য আইন জাৰি কৰিছে। উল্লেখযোগ্য যে এই বীৰগঞ্জ এলেকা ভাৰতবৰ্ষৰ বিহাৰৰ সীমামূৰীয়া (Nepal Religious Violence)।
কি হৈছিল ঘটনাটোঃ
জানিব পৰামতে ধনুষা জিলাৰ কামলা পৌৰসভাৰ এলেকাত হাইদৰ আনছাৰী আৰু আমানত আনছাৰী নামৰ দুজন মুছলমান যুৱকে ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰিছিল। সেই ভিডিঅটোত হিন্দু ধৰ্মক উদ্দেশ্যি অপমানসূচক মন্তব্য থকাৰ অভিযোগ উঠিছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে ধনুষা আৰু পাৰ্সা জিলাত দেওবাৰে সাম্প্ৰদায়িক উত্তেজনাৰ সৃষ্টি হয়(Nepal Communal Tension) । আইন-শৃঙ্খলা পৰিস্থিতি অৱনতি ঘটে। স্থানীয় লোকে এই ভিডিঅ’টোৱে সাম্প্ৰদায়িক সম্প্ৰীতি বিনষ্ট কৰাৰ অভিযোগ উত্থাপন কৰি অভিযুক্ত হাইদৰ আনছাৰী আৰু আমানত আনছাৰীক ধৰি আৰক্ষীৰ হাতত গতাই দিয়ে।
কিন্তু উত্তেজিত একাংশলোকে ধনুষা জিলাৰ কামলা পৌৰসভাৰ সাখুৱা মৰাণ এলেকাত এটা মছজিদ ভাঙি পেলোৱাৰ অভিযোগ উঠে। পৰৱৰ্তী সময়ত সাম্প্ৰদায়িক উত্তেজনা বৃদ্ধি পায় (Birgunj Violence)। আনকি হিংসাত্মক ঘটনাও সংঘটিত হয়।আনকি একাংশ লোকে হিন্দু ধৰ্মৰ দেৱ দেৱীৰ সম্পৰ্কত অপমান সূচক মন্তব্য কৰাৰ অভিযোগ উত্থাপন কৰি পৰিস্থিতি উত্তপ্ত কৰি তুলে।
প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰী একাংশই আৰক্ষীৰ ওপৰতো আক্ৰমণ কৰে। উপায়ন্তৰহৈ আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ কন্দুৱা গেছ প্ৰয়োগ কৰিবলগীয়া হয়।
জানিব পৰামতে ঘটনাটোৰ পৰিপ্ৰেক্ষিতত সোমবাৰে নিষেধাজ্ঞামূলক আদেশ জাৰি কৰা হৈছিল যদিও বিবাদত জড়িত দুয়োটা পক্ষই সেই আদেশ অমান্য কৰি একে সময়তে প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ ফলস্বৰূপে পৰিস্থিতি অধিক অৱনতি ঘটে। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰশাসনে সম্পূৰ্ণ সান্ধ্য আইন বলৱৎ কৰে (Nepal Curfew News)।
পাৰ্সা জিলা প্ৰশাসন কাৰ্যালয় (DAO)-এ সোমবাৰে (৫ জানুৱাৰী) সন্ধ্যা ৬ বজাৰ পৰা মঙলবাৰে (৬ জানুৱাৰী) পুৱা ৮ বজালৈ বীৰগঞ্জত সান্ধ্য আইন জাৰি কৰিছিল। কিন্তু উত্তেজনা অব্যাহত থকাত প্ৰশাসনে এই সান্ধ্য আইন মঙলবাৰে সন্ধিয়া ৬ বজালৈকে বৃদ্ধি কৰে।
সান্ধ্য আইন সম্পৰ্কীয় আদেশত উল্লেখ কৰা অনুসৰি, পাৰ্সা জিলাৰ বীৰগঞ্জ মহানগৰ এলেকাৰ অন্তৰ্গত চাৰিটা সীমা/এলেকাত এই নিষেধাজ্ঞা বলৱৎ আছে । সেই স্থান সমূহ হৈছে, বাছ পাৰ্ক, নাগৱা, ইনাৰৱা (পূব), ছিৰছিয়া নদী (পশ্চিম), গণ্ডক চৌক (উত্তৰ) আৰু শংকৰাচাৰ্য গেট (দক্ষিণ)।
সান্ধ্য আইন চলি থকা সময়ছোৱাত নিৰাপত্তা কৰ্মীক ‘দেখিলেই গুলি’ চলোৱা (Shoot on Sight)ৰ অনুমতি দিয়া হৈছে (Nepal Shoot on Sight Order)। সেয়ে অতি প্ৰয়োজনীয় কাম বাদ দি কোনো লোককে ঘৰৰ পৰা ওলাই নাযাবলৈ অনুৰোধ জনোৱা হৈছে। অত্যাৱশ্যকীয় কাৰণত বাহিৰলৈ ওলাব লাগিলে ওচৰৰ নিৰাপত্তা কৰ্মীৰ সৈতে যোগাযোগ কৰিবলৈ অথবা ১০০ নম্বৰত ফোন কৰিবলৈ আহ্বান জনোৱা হৈছে।
ভাৰত-নেপাল সীমান্ত ছীলঃ
নেপালত সংঘটিত এনেধৰণৰ হিংসাত্মক ঘটনাৰ পৰিপ্ৰেক্ষিতত ভাৰত-নেপাল সীমান্ত ছীল কৰা হৈছে। জৰুৰী সেৱা বাদ দি অন্য সকলো ধৰণৰ সীমান্ত অতিক্ৰম কৰা কাৰ্য নিষিদ্ধ কৰা হৈছে। ভাৰত আৰু নেপালক সংযোগ কৰা মৈত্ৰী সেঁতুৰ ওপৰতো বিশেষ সতর্কতা অৱলম্বন কৰা হৈছে। সীমান্ত পাৰ হোৱা প্ৰত্যেকজন লোকক কঠোৰভাৱে পৰীক্ষা কৰা হৈছে। আনকি পৰীক্ষাৰ ক্ষেত্ৰত ডগ স্কুৱাড ব্যৱহাৰ কৰা হৈছে।
ভাৰত -নেপাল সীমান্তবৰ্তী সাহাদেৱা, মহাদেৱা, পানটোকা, শিৱান টোলা আৰু মুশৰৱা আদি এলেকাতো নিৰাপত্তা বাহিনীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলাৰ লগতে তহলৰ ব্যৱস্থা কৰিছে। কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি যাতে উদ্ভৱ নহয় আৰু তাৰ প্ৰভাৱ যাতে ভাৰতত নপৰে সেই দিশতো সতৰ্ক দৃষ্টি ৰখা হৈছে।
