Two dreaded dacoits arrested with Chinese-made pistol in RupahihatChinese-made pistol seized in Rupahihat : চীনত নিৰ্মিত পিষ্টলসহ আৰক্ষীৰ জালত দুই দুধৰ্ষ ডকাইত

ৰূপহীহাটঃ অপৰাধ ৰোধ কৰাৰ লক্ষ্যৰে চলোৱা এক বিশেষ নাকা চেকিং অভিযানত ৰূপহীহাট আৰক্ষীয়ে বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হয় । নগাঁও–নলতলী ৰাজ্যিক ঘাইপথৰ ঔঅনা অঞ্চলত চলোৱা এই অভিযানত আৰক্ষীয়ে পিষ্টলসহ দুজন দুধৰ্ষ ডকাইতক আটক কৰিবলৈ সক্ষম হয় (Chinese-made pistol seized in Rupahihat)।

প্ৰাপ্ত তথ্য অনুসৰি, ৰূপহীহাট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰুজ দত্তৰ নেতৃত্বত আৰক্ষীৰ এটা দলে গোপন খবৰৰ ভিত্তিত ঔঅনাৰ নায়াৰা প্ৰেটল পাম্পৰ সমীপত নাকা চেকিং চলাইছিল মঙলবাৰে সন্ধিয়া (Rupahihat police operation)। সেই সময়তে AS12AH1637 নম্বৰৰ এখন মটৰ চাইকেলত অহা দুজন সন্দেহজনক লোকক ৰ’বলৈ সংকেত দিয়ে আৰক্ষীয়ে। আৰক্ষীক দেখি পলাবলৈ চেষ্টা কৰোঁতেই দুয়োকে কৰায়ত্ব সক্ষম হয় আৰক্ষীৰ দলটো (Assam dacoit arrest)।

আৰক্ষীয়ে ধৃত দুয়োজনৰ পৰা তালাচী চলাই চীনত নিৰ্মিত 0.32 (পইণ্ট থ্ৰী টু) এমএম এটা পিষ্টল, এটা মেগজিন, সক্ৰিয় গুলী, লগতে খুকুৰীসহ কেইবাটাও চোকা অস্ত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় (illegal arms seized Assam)। এই অস্ত্ৰসমূহেৰে অঞ্চলটোত এক বৃহৎ অপৰাধ সংঘটিত কৰাৰ পৰিকল্পনা আছিল বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে।

আটকাধীন ডকাইত দুজন কালিয়াডিঙা অঞ্চলৰ বাসিন্দা মোছাব্বিৰ আলী আৰু আব্দুল হাই বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীৰ প্ৰাথমিক অনুসন্ধান অনুসৰি, নিশা কোনো ঠাইত ডকাইতি কৰাৰ উদ্দেশ্যৰে অস্ত্ৰসহ অঞ্চলটোত ঘূৰি আছিল দুই দুধৰ্ষ ডকাইত (police naka checking Assam)।

বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে ধৃত ডকাইত দুজনক অধিক তথ্য উদ্ধাৰৰ বাবে মাৰাথান জেৰা অব্যাহত ৰাখিছে। লগতে এই ডকাইত দুজনৰ সৈতে আন কোনো সংগঠিত ডকাইতি চক্ৰ জড়িত আছে নেকি সেয়া জানিবলৈ তদন্ত অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষীয়ে।

২৬ জানুৱাৰীৰ পূৰ্বে এই সফল অভিযানক লৈ স্থানীয় ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে আৰক্ষীৰ তৎপৰতাক শলাগ লৈছে। ৰূপহীহাট আৰক্ষীৰ এই পদক্ষেপে অঞ্চলটোত সম্ভাৱ্য ডকাইতি আৰু অপৰাধ ৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বুলি মন্তব্য কৰিছে সচেতন মহলে।

লগতে পঢ়কঃ Assam STF Jihad Arrest: ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল অসম, উত্তৰ-পূৱ


Advertisement