AMSU Demands Rehabilitation for Evicted Families, Warns of ProtestAAMSU eviction rehabilitation demand: উচ্ছেদিতক পুনৰসংস্থাপনৰ দাবী আমছু'ৰ

হোজাইঃ হোজাই জিলাৰ যমুনামুখ মৌডাংগা সংৰক্ষিত বনাঞ্চলত যোৱা ২ আৰু ৩ জানুৱাৰীত প্ৰশাসন, বন বিভাগে চলোৱা উচ্ছেদ অভিযানত গৃহহীন হোৱা লোকসকলৰ পুনৰসংস্থাপনৰ দাবী উত্থাপন কৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছু’য়ে (AMSU eviction rehabilitation demand)। উচ্ছেদিত লোকসকলক পুনৰ সংস্থাপনৰ লগতে মৌলিক অধিকাৰ সুৰক্ষা আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্তিৰ দাবীত আমছু’ৰ হোজাই জিলা সমিতিয়ে জিলা আয়ুক্তলৈ এখন স্মাৰক-পত্ৰ প্ৰদান কৰে ((AAMSU memorandum Hojai)।

আমছুৰ স্মাৰক-পত্ৰত উল্লেখ কৰা অনুসৰি, উচ্ছেদ অভিযানৰ ফলত শতাধিক পৰিয়াল সম্পূৰ্ণৰূপে গৃহহীন হৈ পৰিছে আৰু খাদ্য, বস্ত্ৰ, বাসস্থানৰ দৰে মৌলিক অধিকাৰৰ পৰা বঞ্চিত হৈছে। সেইবাবে উচ্ছেদিত লোকসকলৰ তৎকালীন পুনৰসংস্থাপন, অস্থায়ী আশ্ৰয়, খাদ্য সামগ্ৰীৰ যোগান নিশ্চিত কৰাৰ লগতে চলিত ভোটাৰ তালিকাৰ বিশেষ নিৰীক্ষণত প্ৰতিগৰাকী বৈধ ভাৰতীয় উচ্ছেদিত নাগৰিকৰ নাম অন্তৰ্ভুক্ত কৰাৰ দাবী উত্থাপন কৰে (eviction rehabilitation Assam)।

আমছুৰ হোজাই জিলা সভাপতি কবিৰ আহমেদ লস্কৰে আক বিবৃতিত কয় , “উচ্ছেদিত লোকসকলৰ ঘৰ-দুৱাৰ উচ্ছেদিত স্থানত নথকাৰ বাবে তেওঁলোক এতিয়া সম্পূৰ্ণ গৃহহীন। এনে অৱস্থাত জিলা প্ৰশাসনে মানৱীয় দৃষ্টিভংগীৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগে।

লগতে আমছুৰ নেতাসকলে স্পষ্ট কৰি দিয়ে যে, সংগঠনটোৱে উচ্ছেদিত সকলৰ ন্যায়, নিৰাপত্তা আৰু সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ বাবে বৌদ্ধিক আৰু আইনী যুঁজ অব্যাহত ৰাখিব। প্ৰয়োজন হ’লে গণতান্ত্ৰিক পদ্ধতিৰে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈও আমছুৱে কুণ্ঠাবোধ নকৰে বুলি হুংকাৰ প্ৰদান কৰে (minority students union protest)।

এই প্ৰসংগত আমছু’ৱে সকলো ৰাজনৈতিক দলৰ নেতালৈ আহ্বান জনাই কয় যে, উচ্ছেদত সৰ্বহাৰা হোৱা লোকসকলক সহায় কৰিবলৈ প্ৰতিজন নেতাই অন্ততঃ ১০ লেছাকৈ ভূমি দান কৰিলে তেতিয়াহে কোনজন নেতা সঁচাকৈ সংখ্যালঘু মুছলমানৰ দুখ-দৰদ বুজে সেয়া স্পষ্ট হ’ব ।

এই আহ্বানৰ পাছতে কেৱল এ আই ইউ ডি এফ দলৰ নেতা-পালিনেতাসকলেই অসন্তোষ প্ৰকাশ কৰি সামাজিক মাধ্যমত আমছুৰ বিৰুদ্ধে অপপ্ৰচাৰ চলোৱা বুলি অভিযোগ উত্থাপন কৰে আমছুৰ হোজাই জিলা সমিতিয়ে। বিশেষকৈ এ আই ইউ ডি এফৰ সভাপতি বদৰ উদ্দিন আজমলক লক্ষ্য কৰি আমছুৰ পক্ষৰ পৰা প্ৰশ্ন উত্থাপন কৰি কোৱা হয় যে, বিন্নাকান্দি (পূৰ্ব যমুনামুখ) সমষ্টিৰ এই উচ্ছেদিত লোকসকলৰ বাবে দলটোৱে সামান্য সহায়ো আগবঢ়াব নোৱাৰে নে (Jamunamukh forest eviction)?

আমছুৰ অভিযোগ অনুসৰি, সংগঠনটোৱে উচ্ছেদিত মুছলমানৰ স্বাৰ্থত মাত মতা বাবেই কিছুমান শক্তিয়ে সামাজিক মাধ্যমত মিছা প্ৰচাৰ কৰি আমছুক হেয় প্ৰতিপন্ন কৰাৰ চেষ্টা চলাইছে। এইধৰণৰ অপপ্ৰচাৰে কিছুমান ৰাজনৈতিক শক্তিৰ প্ৰকৃত চৰিত্ৰ ৰাইজৰ আগত উন্মোচিত কৰিছে বুলিও মন্তব্য কৰে আমছুৰ হোজাই জিলা সমিতিয়ে।

শেষত আমছু’ৱে স্পষ্ট কৰি দিয়ে যে, সংগঠনটোৱে উচ্ছেদিত সকলৰ সাংবিধানিক অধিকাৰ সাব্যস্ত কৰাৰ সংগ্ৰাম চলাই যাব। কোনো ৰাজনৈতিক দল বা নেতা-পালিনেতাই এই সংগ্ৰামক বাধা দিব নোৱাৰিব বুলি দৃঢ় সংকল্প ব্যক্ত কৰে।

উল্লেখযোগ্য যে, স্মাৰক-পত্ৰ দাখিলৰ সময়ত সংঠনটোৰ হোজাই জিলা সভাপতি কবিৰ আহমেদ লস্কৰ ,সাধাৰণ সম্পাদক ৰাজিব লস্কৰ উপদেষ্টা মনোৱাৰ হুছেইন আৰু কেন্দ্ৰীয় সমিতিৰ সহকাৰী সাধাৰণ সম্পাদক ৱাহিদুৰ ৰহমানৰ নেতৃত্বত সংগঠনৰ বহু নেতা-কৰ্মী উপস্থিত থাকে।

লগতে পঢ়কঃ Hojai Eviction Drive: মধ্য অসমত পুনৰ উচ্ছেদ প্ৰশাসনৰ


Advertisement