Manipur Police destroying illegal poppy cultivation in Kangpokpi districtমণিপুৰ আৰক্ষীৰ বৃহৎ অভিযান: কাংপোকপিত ৫৩ একৰ ভূমিৰ পপি খেতি ধ্বংস

ইম্ফল (মণিপুৰ): মণিপুৰ আৰক্ষী আৰু নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰোৰ (NCB) এক যুটীয়া অভিযানত কাংপোকপি জিলাৰ পাহাৰীয়া অঞ্চলত প্ৰায় ৫৩ একৰ ভূমিৰ পপি খেতি(Manipur Poppy Cultivation) ধ্বংস কৰা হয়। মণিপুৰ আৰক্ষীৰ এগৰাকী শীৰ্ষ বিষয়াই এই তথ্য সদৰী কৰিছে।

বুধবাৰে মণিপুৰ আৰক্ষী, চিআৰপিএফ (CRPF), বন বিভাগ আৰু এনচিবি-ৰ দ্বাৰা ম’লজ’ল (Moljol), টুছাম (Tusam), ভাইচেই-নাফাই (Vaichei-Naphai) আৰু ইয়াৰ আশে-পাশে থকা পাহাৰীয়া অঞ্চলসমূহত এই যুটীয়া অভিযান চলোৱা হৈছিল।

অভিযানৰ সময়ত নিৰাপত্তাৰক্ষীয়ে পপি খেতিৰ বাবে ব্যৱহাৰ কৰা আন্তঃগাঁথনি আৰু সামগ্ৰীসমূহো জ্বলাই দিয়ে। এই অভিযানত মুঠ ৭টা জুপুৰী ঘৰ, ১১ বেগ সাৰ, ২৩ বটল ৰাউণ্ডআপ (Roundup) অপতৃণনাশক আৰু ১৪ বেগ নিমখ ধ্বংস কৰা হয়।

মণিপুৰ আৰক্ষীয়ে জনোৱা মতে, পপি খেতিৰ বাবে ব্যৱহাৰ কৰা স্প্ৰে’ পাম্প, পাইপ, অপতৃণনাশক দ্ৰব্য আৰু অন্যান্য আনুসংগিক সামগ্ৰীসমূহো এই অভিযানত ধ্বংস কৰা হয়।

ইফালে, মটৰ চাইকেলত অবৈধভাৱে লগোৱা যন্ত্ৰাংশৰ বিৰুদ্ধে চলোৱা এক অভিযানত মণিপুৰ আৰক্ষীয়ে চুৰাচান্দপুৰৰ পৰা যোৱা দুদিনত জব্দ কৰা ২৩ টা মডিফাইড ছাইলেন্সাৰ পাইপ বৃহস্পতিবাৰে (৮ জানুৱাৰী, ২০২৬) নষ্ট কৰি পেলায়।

উল্লেখ্য যে, যোৱা ডিচেম্বৰ মাহত মণিপুৰ আৰক্ষী আৰু নিৰাপত্তাৰক্ষীয়ে ৰাজ্যজুৰি কেইবাটাও অভিযান চলাই বুজন পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু বিস্ফোৰক সামগ্ৰী উদ্ধাৰ কৰাৰ লগতে এজন ধন দাবীকাৰীতো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল।

মণিপুৰ আৰক্ষীয়ে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, টেংনৌপাল জিলাৰ মাচী থানাৰ অন্তৰ্গত কোনাইতং আৰু পেলিয়াং পাহাৰীয়া অঞ্চলৰ পৰা নিৰাপত্তাৰক্ষীয়ে দুটা উন্নত মানৰ মৰ্টাৰ (Improvised mortars) আৰু তিনিটা ৱাকি-টকি (WT set) উদ্ধাৰ কৰিছে।

নিৰাপত্তাৰক্ষীয়ে ইম্ফল পশ্চিম জিলাত চোৰাংচোৱাৰ খবৰৰ ভিত্তিত তালাচী অভিযান চলাই নিষিদ্ধ ঘোষিত সংগঠন RPF/PLA-ৰ এজন সক্ৰিয় সদস্যকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে।

অভিযানকাৰী দলে ইম্ফল পশ্চিম জিলাৰ লামফেল থানাৰ অন্তৰ্গত নিজ বাসগৃহৰ পৰা RPF/PLA-ৰ এজন সক্ৰিয় সদস্য তথা ধনদাবীকাৰী নংমাইথেম নৰেন্দ্ৰ মেইটেইক গ্ৰেপ্তাৰ কৰে। তেওঁৰ জিম্মাৰ পৰা দুখন চিম কাৰ্ডসহ দুটা ম’বাইল ফোন আৰু এখন আধাৰ কাৰ্ড জব্দ কৰা হৈছে।

আন এক অভিযানত নিৰাপত্তাৰক্ষীয়ে ক্ষেত্ৰীময়ুম নীলকান্ত সিং নামৰ RPF/PLA-ৰ আন এজন সক্ৰিয় সদস্যকো গ্ৰেপ্তাৰ কৰে। আৰক্ষীৰ প্ৰেছ বিজ্ঞপ্তি অনুসৰি, তেওঁৰ পৰা দুটা ম’বাইল ফোন আৰু এখন ড্ৰাইভিং লাইচেন্স উদ্ধাৰ কৰা হৈছে।

লগতে পঢ়ক: মণিপুৰত আৰক্ষীৰ বৃহৎ অভিযান, অস্ত্ৰ-শস্ত্ৰৰ লগতে বিস্ফোৰক উদ্ধাৰ, PLA কেডাৰ গ্ৰেপ্তাৰ


Advertisement