Dhurandhar film faces ban in Middle East countriesDhurandhar Film Ban in Middle East: প্ৰধানমন্ত্ৰী মোদীৰ হস্তক্ষেপ বিচাৰিছে ছবি নিৰ্মাতা সন্থাই

এণ্টাৰটেইনমেণ্ট ডেস্ক: ভাৰতীয় ছবি ‘ধুৰন্ধৰ’ (Dhurandhar) মধ্য-প্ৰাচ্যৰ কেইবাখনো দেশত নিষিদ্ধ কৰাৰ পিছতে ইণ্ডিয়ান মচন পিকচাৰ প্ৰডিউচাৰ্ছ এছ’চিয়েশ্যনে (IMPPA) চৰকাৰী হস্তক্ষেপ বিচাৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ প্ৰেৰণ কৰিছে পত্ৰ । বাতৰি অনুসৰি, সংযুক্ত আৰৱ আমিৰশ্বাহী (UAE), বাহৰেইন, কুৱেইট, কাটাৰ, ওমান আৰু চৌদি আৰৱত ছবিখনৰ প্ৰদৰ্শনত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

প্ৰধানমন্ত্ৰীলৈ লিখা এই পত্ৰখনত IMPPA-ই এই নিষেধাজ্ঞাক “একপক্ষীয় আৰু অহেতুক” বুলি অভিহিত কৰিছে। সন্থাই গুৰুত্ব আৰোপ কৰি কয় যে এনে পদক্ষেপে ছবি নিৰ্মাতাসকলৰ মত প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰিছে। এছ’চিয়েশ্যনে লগতে উল্লেখ কৰে যে ‘ধুৰন্ধৰ’ ছবিখনে ভাৰতীয় চিনেমা পৰীক্ষণ পৰিষদৰ (CBFC) পৰা প্ৰমাণপত্ৰ লাভ কৰিছে আৰু বৰ্তমান ই ভাৰতীয় চলচ্চিত্ৰ জগতৰ অন্যতম বৃহৎ সফল ছবি হিচাপে পৰিগণিত হৈছে।

প্ৰধানমন্ত্ৰীলৈ লিখা পত্ৰখনত উল্লেখ কৰা হৈছে যে, “আমি আপোনাক ইউ.এ.ই., বাহৰেইন, কুৱেইট, কাটাৰ, ওমান আৰু চৌদি আৰৱে ‘ধুৰন্ধৰ’ ছবিখনৰ ওপৰত জাপি দিয়া একপক্ষীয় তথা অহেতুক নিষেধাজ্ঞা সন্দৰ্ভত হস্তক্ষেপ কৰিবলৈ বিনম্ৰ অনুৰোধ জনাইছোঁ। আমাৰ সদস্য প্ৰযোজকজনে চিনেমা পৰীক্ষণ পৰিষদৰ (CBFC) পৰা প্ৰমাণপত্ৰ লাভ কৰাৰ পিছতহে এই ছবিখন মুক্তি দিছিল। যিহেতু এই ছবিখন ভাৰতীয় চিনেমাৰ ইতিহাসত অন্যতম সফল ছবি হিচাপে পৰিগণিত হৈছে, গতিকে উক্ত দেশসমূহে আৰোপ কৰা এই নিষেধাজ্ঞা আমাৰ সদস্যজনৰ মত প্ৰকাশৰ স্বাধীনতা খৰ্ব কৰাৰ এক প্ৰয়াস।”

মুক্তিৰ দিনৰে পৰা ছবিখনে সমালোচক, চলচ্চিত্ৰ জগতৰ সৈতে জড়িত ব্যক্তিসকল আৰু দৰ্শকৰ পৰা ব্যাপক প্ৰশংসা লাভ কৰিছে। এই সপ্তাহৰ আৰম্ভণিতে ‘ধুৰন্ধৰ’ ছবিখনে এক নতুন অভিলেখ গঢ়ি ভাৰতত ৮০০ কোটি টকাৰ নেট সংগ্ৰহ (net collections) কৰা প্ৰথমখন হিন্দী ছবি হিচাপে পৰিগণিত হৈছে।

যিহেতু ইউ.এ.ই., বাহৰেইন, কুৱেইট, কাটাৰ, ওমান আৰু চৌদি আৰৱ ভাৰতৰ “বন্ধুত্বপূৰ্ণ” ৰাষ্ট্ৰ, সেয়েহে এই স্পৰ্শকাতৰ বিষয়টোত প্ৰধানমন্ত্ৰী মোদীয়ে হস্তক্ষেপ কৰি সমস্যাটো সমাধান কৰিব বুলি IMPPA-ই আশা প্ৰকাশ কৰিছে।

পত্ৰখনত লগতে কোৱা হৈছে, “আটাইতকৈ বৃহৎ আৰু পুৰণি প্ৰযোজক সন্থা IMPPA-ৰ প্ৰতিনিধি হিচাপে আমি আপোনাক কৰযোৰে অনুৰোধ জনাইছোঁ যে আপুনি এই বিষয়ত হস্তক্ষেপ কৰক। যিহেতু ইউ.এ.ই., বাহৰেইন, কুৱেইট, কাটাৰ, ওমান আৰু চৌদি আৰৱ ভাৰতৰ বন্ধুত্বপূৰ্ণ দেশ আৰু এই দেশসমূহৰ সৈতে আমাৰ বিভিন্ন খণ্ডত নিয়মীয়া ব্যৱসায়িক সম্পৰ্ক আছে। গতিকে আমি ভাৰত চৰকাৰক বিনম্ৰ অনুৰোধ জনাইছোঁ যাতে এই দেশসমূহৰ সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে কথা পাতি মত প্ৰকাশৰ স্বাধীনতাৰ প্ৰতি সন্মান জনোৱাৰ লগতে এই নিষেধাজ্ঞা যিমান পাৰি সোনকালে প্ৰত্যাহাৰ কৰাটো সুনিশ্চিত কৰে।”

“যিহেতু এইটো দেশৰ বাবে অতি গুৰুত্বপূৰ্ণ বিষয়, সেয়েহে আপুনি যিমান পাৰি সোনকালে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিলে আমি নথৈ আনন্দিত হ’ম,” বুলি পত্ৰখনৰ সামৰণি মৰা হয়।

এই পত্ৰখনত IMPPA-ৰ সভাপতি অভয় সিনহাই স্বাক্ষৰ কৰিছে। আনহাতে, ৰণবীৰ সিঙৰ ছবি ‘ধুৰন্ধৰ’-এ ‘পুষ্পা ২: দ্য ৰুল’ৰ অভিলেখ ভংগ কৰি ভাৰতীয় চিনেমাৰ ইতিহাসত সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি হিচাপে পৰিগণিত হৈছে।

বৰ্ষীয়ান বাণিজ্য বিশেষজ্ঞ তৰণ আদৰ্শৰ মতে, ‘ধুৰন্ধৰ’ ছবিখনে মুক্তিৰ পঞ্চম সপ্তাহত ৮৩১.৪০ কোটি টকা সংগ্ৰহ কৰি আল্লু অৰ্জুন অভিনীত ছবিখনৰ সৰ্বমুঠ উপাৰ্জনৰ অভিলেখ ভংগ কৰিছে।

তৰণ আদৰ্শে ‘X’-ত কৰা এটা পোষ্টত লিখে—
“হিন্দী ছবিৰ ব্যৱসায়ৰ ইতিহাসৰ বাবে ই আটাইতকৈ ডাঙৰ মুহূৰ্ত। অলপ আগলৈকে হিন্দী বজাৰৰ সৰ্বাধিক উপাৰ্জনকাৰী ছবি #Pushpa2 #Hindi-ৰ সৰ্বমুঠ ব্যৱসায়ক অতিক্ৰম কৰাটো অসম্ভৱ যেন লাগিছিল। কিন্তু অভিলেখবোৰ ভংগ কৰিবলৈহে সৃষ্টি কৰা হয় – আৰু #Dhurandhar-এ ঠিক সেয়াই কৰি দেখুৱালে। পঞ্চম মঙলবাৰে [৩৩ তম দিন], #Dhurandhar-এ অৱশেষত #Pushpa2 #Hindi-ৰ সৰ্বমুঠ উপাৰ্জনক অতিক্ৰম কৰি সৰ্বকালৰ সৰ্বাধিক উপাৰ্জনকাৰী হিন্দী ছবি হিচাপে আত্মপ্ৰকাশ কৰিছে।”

আদিত্য ধৰৰ পৰিচালনাত নিৰ্মিত ‘ধুৰন্ধৰ’ ছবিখনত ৰণবীৰ সিঙে মুখ্য চৰিত্ৰত অভিনয় কৰিছে। ছবিখনত অক্ষয় খান্না, সঞ্জয় দত্ত, অৰ্জুন ৰামপাল আৰু আৰ মাধৱানৰ দৰে শক্তিশালী তথা জনপ্ৰিয় অভিনেতাৰ এটা দলে গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে।

এই ছবিখনক দুই খণ্ডৰ এটা ফ্ৰেঞ্চাইজি (two-part franchise) হিচাপে পৰিকল্পনা কৰা হৈছে। জানিব পৰা মতে, ছবিখনৰ দ্বিতীয়টো খণ্ড (sequel) ২০২৬ চনৰ ঈদৰ সময়ত মুক্তি পোৱাৰ সম্ভাৱনা আছে।

লগতে পঢ়ক: Dhurandhar Movie Review 2025: A Brutal, Addictive Spy Epic That Demands Attention


Advertisement