Assam Gears Up for Bagurumba Dance Record with Over 10,000 Bodo Artists at SarusajaiBagurumba Dance Record Assam: এইবাৰ বড়ো জনগোষ্ঠীৰ বাগুৰুম্বাই গঢ়িব অভিলেখ

গুৱাহাটীঃ অসমৰ বুকুত বসবাস কৰা বিভিন্ন জনজাতিৰ স্বকীয় কৃষ্টি আৰু সংস্কৃতিৰ সুবাসে এই ভূখণ্ডক এক অনন্য মৰ্যাদা প্ৰদান কৰি আহিছে (Bagurumba Dance Record Assam)। বড়ো, মিচিং, কাৰ্বি, ডিমাচা আদি জনগোষ্ঠীৰ লোকসংগীত আৰু লোকনৃত্যই অসমীয়া সংস্কৃতিৰ বিচিত্ৰতাক বিশ্বৰ দৰবাৰত সদায়েই উজ্বলাই ৰাখিছে। এই বাৰেৰহণীয়া সাংস্কৃতিক পৰম্পৰাৰ মাজত বড়ো জনগোষ্ঠীৰ ঐতিহ্যমণ্ডিত বাগুৰুম্বা নৃত্যই এক বিশেষ স্থান দখল কৰি আহিছে—যি কেৱল এটা নৃত্য নহয়, বৰঞ্চ একতা, শান্তি আৰু প্ৰকৃতিৰ সৈতে মানুহৰ নিবিড় সম্পৰ্কৰ ছন্দোময় প্ৰকাশ (Bodo Bagurumba Dance)।

বাগুৰুম্বা নৃত্যৰে অভিলেখ গঢ়িবলৈ সাজু শিল্পী

অসমৰ এই গৌৰৱময় সাংস্কৃতিক ঐতিহ্যক বিশ্বমঞ্চত তুলি ধৰাৰ লক্ষ্যৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে বিহু আৰু ঝুমুৰৰ পাছত এইবাৰ বাগুৰুম্বা নৃত্যৰ এক বৃহৎ আৰু ঐতিহাসিক কাৰ্যসূচীৰ আয়োজন কৰিছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণৰ অংশস্বৰূপে অহা ১৭ জানুৱাৰী তাৰিখে গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পত প্ৰধানমন্ত্ৰীগৰাকীৰ উপস্থিতিত ৰাজ্যখনৰ প্ৰায় ১০ হাজাৰৰো অধিক শিল্পীয়ে একেলগে বড়ো সকলৰ হেঁপাহৰ বাগুৰুম্বা নৃত্য পৰিবেশন কৰিব। ‘বাগুৰুম্বা দহৌ নৃত্য’ শীৰ্ষক এই অনুষ্ঠানটো অসমৰ সাংস্কৃতিক ইতিহাসত এক নতুন অধ্যায় সংযোজন কৰিব বুলি আশা কৰা হৈছে।

বাগুৰুম্বা নৃত্যৰে অভিলেখ গঢ়িবলৈ সাজু শিল্পী

এই বৃহৎ কাৰ্যসূচীৰ সফল ৰূপায়ণৰ বাবে ৰাজ্যজুৰি ব্যাপক প্ৰস্তুতি চলাই থকা হৈছে। ইয়াৰ অংশস্বৰূপে নগাঁও জিলাৰ পৰা নিৰ্বাচিত প্ৰায় ৪০০ গৰাকী নৃত্য শিল্পীৰ অংশগ্ৰহণেৰে বৃহস্পতিবাৰে নগাঁও আৰক্ষী চাউনীৰ খেলপথাৰত এক বিশেষ প্ৰশিক্ষণ কৰ্মশালা অনুষ্ঠিত হয় (Bagurumba Training Workshop)।

বাগুৰুম্বা নৃত্যৰে অভিলেখ গঢ়িবলৈ সাজু শিল্পী

উক্ত কৰ্মশালাত নগাঁও–বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা আৰু নগাঁও জিলাৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা উপস্থিত থাকি শিল্পীসকলক উৎসাহিত কৰে (Assam Tribal Culture)।

বাগুৰুম্বা নৃত্যৰ প্ৰশিক্ষণত ঢুলীয়াৰ ৰূপত নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা

নগাঁৱত অনুষ্ঠিত হোৱা বাগুৰুম্বাৰ প্ৰশিক্ষণ কৰ্মশালাত উপস্থিত থাকি এই ঐতিহাসিক আয়োজনৰ জৰিয়তে অসমৰ বাৰেৰহণীয়া জনজাতীয় সংস্কৃতিয়ে বিশ্বৰ বুকুত এক নতুন মাত্ৰা লাভ কৰিব বুলি মন্তব্য কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই। লগতে বড়ো সংস্কৃতিৰ ঐতিহ্য বিশ্ববাসীৰ আগত অধিক গৌৰৱেৰে প্ৰতিষ্ঠিত হ’ব বুলিও মন্তব্য কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই(Assam Cultural Event)।

নগাঁৱত অনুষ্ঠিত হোৱা বাগুৰুম্বাৰ প্ৰশিক্ষণ কৰ্মশালাত বিধায়ক, জিলা আয়ুক্তৰ উপৰিও জিলা অতিৰিক্ত আয়ুক্ত দেবাহুতি বৰা, সহকাৰী আয়ুক্ত ধৰ্মৰাজ কলিতা আৰু জিলা সাংস্কৃতিক বিষয়া নম্ৰতা বৰাসহ মাষ্টাৰ ট্ৰেইনাৰসকলেও উপস্থিত থাকে।

লগতে পঢ়কঃ PM Narendra Modi Nagaon Visit : নগাঁৱলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, স্থান পৰিদর্শন মন্ত্ৰী, জিলা প্ৰশাসনৰ


Advertisement