নতুন দিল্লী: অহা মাহত ভাৰতত অনুষ্ঠিত হ’বলগীয়া ‘ইণ্ডিয়া এআই ইমপেক্ট ছামিট ২০২৬’ (India AI Impact Summit 2026)-ৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দেশৰ ৰাজধানী নতুন দিল্লীৰ তেওঁৰ চৰকাৰী বাসগৃহত ভাৰতীয় এআই (AI) ষ্টাৰ্ট-আপসমূহৰ সৈতে এখন ঘূৰণীয়া মেজমেলত অধ্যক্ষতা কৰে।- India AI Startups
প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ (PMO) পৰা জাৰি কৰা এক বিবৃতি অনুসৰি, ছামিটৰ ‘এআই ফৰ অল: গ্ল’বেল ইমপেক্ট চেলেঞ্জ’ (AI for ALL: Global Impact Challenge)-ৰ বাবে নিৰ্বাচিত হোৱা ১২ টা ভাৰতীয় এআই ষ্টাৰ্ট-আপে এই বৈঠকত অংশগ্ৰহণ কৰে। এই ষ্টাৰ্ট-আপসমূহে তেওঁলোকৰ উদ্ভাৱনীমূলক চিন্তা আৰু কাম-কাজ প্ৰধানমন্ত্ৰীৰ সন্মুখত উপস্থাপন কৰে।
বিবৃতিটোত জনোৱা হৈছে যে এই ষ্টাৰ্ট-আপসমূহে বিভিন্ন গুৰুত্বপূৰ্ণ ক্ষেত্ৰত কাম কৰি আছে। ইয়াৰ ভিতৰত ভাৰতীয় ভাষাৰ ফাউণ্ডেশ্যন মডেল, বহুভাষিক এলএলএম (LLMs), স্পীচ-টু-টেক্সট, টেক্সট-টু-অডিঅ’ আৰু টেক্সট-টু-ভিডিঅ’ অন্তৰ্ভুক্ত। ইয়াৰ উপৰিও ই-কমাৰ্চ, মাৰ্কেটিং আৰু ব্যক্তিগতকৃত সমল সৃষ্টিৰ বাবে জেনেৰেটিভ এআই (Generative AI) ব্যৱহাৰ কৰি ৩ডি (3D) কণ্টেণ্ট প্ৰস্তুত কৰা; ইঞ্জিনিয়াৰিং চিমুলেচন, মেটেৰিয়েল ৰিচাৰ্ছ আৰু উদ্যোগসমূহৰ তথ্য-চালিত সিদ্ধান্ত গ্ৰহণৰ বাবে উন্নত এনালাইটিক্স; তথা স্বাস্থ্যসেৱা নিদান (Healthcare diagnostics) আৰু চিকিৎসা গৱেষণাৰ দৰে ক্ষেত্ৰসমূহতো এই ষ্টাৰ্ট-আপসমূহে কাম কৰি আছে।
এআই ষ্টাৰ্ট-আপসমূহে দেশৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ (AI) পৰিৱেশ তন্ত্ৰক আগুৱাই নিয়াৰ ক্ষেত্ৰত ভাৰত চৰকাৰৰ দৃঢ় দায়বদ্ধতাৰ শলাগ লয়।
ষ্টাৰ্ট-আপসমূহে এআই খণ্ডৰ দ্ৰুত বিকাশ আৰু ইয়াৰ বিশাল ভৱিষ্যত সম্ভাৱনাক আলোকপাত কৰি কয় যে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ উদ্ভাৱন আৰু ব্যৱহাৰৰ কেন্দ্ৰবিন্দু (Centre of gravity) এতিয়া ক্ৰমান্বয়ে ভাৰতৰ ফালে ঢাল খাইছে। তেওঁলোকে লগতে উল্লেখ কৰে যে ভাৰতে এতিয়া এআই উদ্ভাৱনৰ বাবে এক শক্তিশালী আৰু অনুকূল পৰিৱেশ প্ৰদান কৰিছে, যিয়ে দেশখনক বিশ্বৰ এআই মানচিত্ৰত এক সৱল স্থানত থিয় কৰাইছে।
বৈঠকত প্ৰধানমন্ত্ৰীয়ে সমাজত পৰিৱৰ্তন অনাত আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ বা কৃত্ৰিম বুদ্ধিমত্তাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে। তেওঁ উল্লেখ কৰে যে অহা মাহত ভাৰতে ‘ইণ্ডিয়া এআই ইমপেক্ট ছামিট’ আয়োজন কৰিব, যাৰ জৰিয়তে দেশখনে প্ৰযুক্তি খণ্ডত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব।
প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দি কয় যে ভাৰতে এআই (AI)-ৰ সঠিক ব্যৱহাৰ আৰু প্ৰয়োগেৰে এক যোগান্তকাৰী পৰিৱৰ্তন আনিবলৈ নিৰন্তৰ প্ৰচেষ্টা চলাই আছে।
ষ্টাৰ্ট-আপ আৰু এআই খণ্ডৰ উদ্যমীসকলক ভাৰতৰ ভৱিষ্যতৰ ‘সহ-স্থপতি’ (co-architects) বুলি অভিহিত কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে উদ্ভাৱন আৰু ইয়াক বৃহৎ পৰিসৰত ৰূপায়ণ কৰাৰ ক্ষেত্ৰত দেশৰ অপৰিসীম ক্ষমতা আছে।
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ভাৰতে বিশ্বৰ সন্মুখত এনে এক অনন্য এআই (AI) মডেল উপস্থাপন কৰা উচিত যিয়ে “মেড ইন ইণ্ডিয়া, মেড ফৰ দ্য ৱৰ্ল্ড” (ভাৰতত নিৰ্মিত, বিশ্বৰ বাবে নিৰ্মিত) মনোভাৱক প্ৰতিফলিত কৰে। তেওঁ উল্লেখ কৰে যে ভাৰতৰ প্ৰতি বিশ্বৰ আস্থা আৰু বিশ্বাসেই দেশখনৰ আটাইতকৈ ডাঙৰ শক্তি।
তেওঁ গুৰুত্ব আৰোপ কৰি কয় যে ভাৰতীয় এআই মডেলসমূহ নৈতিক, নিৰপেক্ষ আৰু স্বচ্ছ হোৱাৰ লগতে ডাটা গোপনীয়তাৰ নীতিৰ ওপৰত প্ৰতিষ্ঠিত হোৱাটো নিশ্চিত কৰিব লাগিব। প্ৰধানমন্ত্ৰীৰ মতে, ভাৰতীয় ষ্টাৰ্ট-আপসমূহে ভাৰতৰ পৰা বিশ্বজনীন নেতৃত্ব প্ৰদানৰ দিশত কাম কৰা উচিত। তেওঁ লগতে কয় যে ভাৰতে বিশ্বজুৰি সুলভ এআই (Affordable AI), অন্তৰ্ভুক্তিমূলক এআই (Inclusive AI) আৰু মিতব্যয়ী উদ্ভাৱনক (Frugal innovation) উৎসাহিত কৰিব পাৰে।
ইয়াৰ উপৰিও তেওঁ পৰামৰ্শ দিয়ে যে ভাৰতীয় এআই মডেলসমূহ সুকীয়া হোৱা উচিত আৰু ইয়াৰ জৰিয়তে স্থানীয় তথা খিলঞ্জীয়া সমল আৰু আঞ্চলিক ভাষাসমূহক প্ৰসাৰিত কৰা উচিত।
এই গুৰুত্বপূৰ্ণ বৈঠকত অৱতাৰ (Avataar), ভাৰতজেন (BharatGen), ফ্ৰেক্টেল (Fractal), গান (Gan), জেনলুপ (Genloop), জ্ঞানী (Gnani), ইণ্টেলিহেলথ (Intellihealth), সৰ্বম (Sarvam), শোধ এআই (Shodh AI), চকেট এআই (Soket AI), টেক মহিন্দ্ৰা (Tech Mahindra) আৰু জেণ্টেইক (Zenteiq) আদি ভাৰতীয় এআই ষ্টাৰ্ট-আপৰ মুখ্য কাৰ্যবাহী বিষয়া (CEO), মুৰব্বী তথা প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে।
প্ৰধানমন্ত্ৰীৰ সৈতে হোৱা এই বৈঠকত কেন্দ্ৰীয় ইলেক্ট্ৰনিক্স আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱ আৰু ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদো উপস্থিত থাকে।
লগতে পঢ়ক: LVM3-M6 Mission Success: ইছৰোৱে উৎক্ষেপণ কৰিলে BlueBird Block-2, মহাকাশ সংযোগত নতুন যুগ

