Amit Shah chairs security meeting on Mission Mode Counter Terror operations in Jammu and Kashmirজম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি আৰু বিত্তীয় যোগান বন্ধ কৰিবলৈ মিছন মোডত Counter Terror অভিযান চলাই যাবলৈ নিৰ্দেশ দিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

নতুন দিল্লী: কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বৃহস্পতিবাৰে (৮ জানুৱাৰী, ২০২৬) সকলো নিৰাপত্তা সংস্থাকে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি আৰু সন্ত্ৰাসবাদীৰ বিত্তীয় যোগানক লক্ষ্য কৰি এটা ‘মিছন মোড’ত সন্ত্ৰাসবাদ বিৰোধী অভিযান (Counter Terror operations) অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়ে।

বৃহস্পতিবাৰে সন্ধিয়া নতুন দিল্লীত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনী আৰু অন্যান্য সংস্থাৰ শীৰ্ষ বিষয়াসকলৰ সৈতে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰ্যালোচনা সন্দৰ্ভত এই গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়।

জম্মু-কাশ্মীৰৰ নিৰাপত্তা পৰিস্থিতি শক্তিশালী কৰাৰ বাবে নিৰাপত্তা সংস্থাসমূহৰ প্ৰচেষ্টাক শলাগ লৈ গৃহমন্ত্ৰী শ্বাহে কয় যে, সন্ত্ৰাসবাদীৰ আন্তঃগাঁথনি আৰু বিত্তীয় যোগান ব্যাহত কৰিবলৈ সন্ত্ৰাসবাদ বিৰোধী অভিযান (CT Operations) ‘মিছন মোড’ত অব্যাহত থাকিব লাগে।

তেওঁ লগতে কয়, “প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰত চৰকাৰে জম্মু-কাশ্মীৰত স্থায়ী শান্তি স্থাপন কৰাৰ লগতে সন্ত্ৰাসবাদ সম্পূৰ্ণৰূপে নিৰ্মূল কৰিবলৈ প্ৰতিজ্ঞাবদ্ধ। মোদী চৰকাৰৰ ধাৰাবাহিক আৰু সমন্বিত প্ৰচেষ্টাৰ বাবে জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদী ইকো-ছিষ্টেম বা পৰিৱেশ তন্ত্ৰ পংগু হৈ পৰিছে।”

এই গুৰুত্বপূৰ্ণ বৈঠকত জম্মু-কাশ্মীৰৰ লেফটেনেণ্ট গভৰ্নৰ মনোজ সিনহা, কেন্দ্ৰীয় গৃহ সচিব, আইবিৰ সঞ্চালক (Director IB), জম্মু-কাশ্মীৰৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধান, কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনীৰ (CAPFs) মুৰব্বীসকল আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল উপস্থিত আছিল।

গৃহমন্ত্ৰী শ্বাহে সকলো নিৰাপত্তা সংস্থাকে সতৰ্ক হৈ থাকিবলৈ নিৰ্দেশ দিয়ে। তেওঁ লগতে ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত অৰ্জন কৰা সুবিধাসমূহ যাতে অব্যাহত থাকে আৰু ‘সন্ত্ৰাসবাদ মুক্ত জম্মু-কাশ্মীৰ’ৰ লক্ষ্য যাতে অতি সোনকালে অৰ্জন কৰিব পৰা যায়, তাৰ বাবে সকলোকে একত্ৰিত হৈ কাম কৰিবলৈ আহ্বান জনায়।

লগতে পঢ়ক: মণিপুৰ আৰক্ষীৰ বৃহৎ অভিযান: কাংপোকপিত ৫৩ একৰ ভূমিৰ পপি খেতি ধ্বংস


Advertisement