Drug Peddler Arrested in Nagaon with 7 Containers of Suspected HeroinDrug Peddler Arrested in Nagaon: নিষিদ্ধ ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

নগাঁওঃ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে নগাঁও আৰক্ষীয়ে। বৃহস্পতিবাৰে নিশা নগাঁৱৰ জুৰীয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে চলোৱা অভিযানত সফলতা লাভ কৰিবলৈ সক্ষম হয়। এক গোপন সূত্ৰৰ খবৰৰ ভিত্তিত জুৰীয়া আৰক্ষীয়ে শিঙাৰী অঞ্চলত অভিযান চলায় আৰু অভিযানকালত এটা কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় (Drug Peddler Arrested in Nagaon)।

আৰক্ষীৰ তথ্য অনুসৰি, অভিযানত ৭ টাকৈ সন্দেহযুক্ত হেৰ’ইন ভৰ্তি কন্টেইনাৰ উদ্ধাৰ কৰা হয়। জব্দকৃত সন্দেহযুক্ত হেৰ’ইনৰ মুঠ পৰিমাণ প্ৰায় ৯.৪ গ্ৰাম বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে (Heroin Seizure in Assam)। এই ঘটনাই অঞ্চলটোত ড্ৰাগছ সৰবৰাহৰ বিৰুদ্ধে আৰক্ষীৰ তৎপৰতাক পুনৰ এবাৰ স্পষ্ট কৰি তুলিছে।

আটক কৰা সৰবৰাহকাৰীজনৰ পৰিচয় জুৰীয়া আৰক্ষীয়ে আনছাৰুল ইছলাম বুলি নিশ্চিত কৰিছে। ধৃত ড্ৰাগছসৰবৰাহকাৰীটো জুৰীয়া থানাৰ অন্তৰ্গত বগৰীগুৰি অঞ্চলৰ বাসিন্দা বুলি জানিব পৰা গৈছে। আৰক্ষীৰ মতে, আনছাৰুল ইছলাম পূৰ্বেও ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকাৰ সন্দেহ আছে।

বৰ্তমান জুৰীয়া আৰক্ষীয়ে ধৃত সৰবৰাহকাৰীজনক মাৰাথান জেৰা অব্যাহত ৰাখিছে। এই জেৰা প্ৰক্ৰিয়াৰ জৰিয়তে ড্ৰাগছৰ উৎস, সৰবৰাহৰ নেটৱৰ্ক, আৰু ইয়াৰ সৈতে জড়িত আন লোকসকলৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য লাভ কৰাৰ সম্ভাৱনা আছে। লগতে, এই ঘটনাৰ সৈতে আৰু কোনো ব্যক্তি জড়িত আছে নে নাই সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে (Drug Network Investigation)।

জুৰীয়া আৰক্ষীয়ে জনসাধাৰণক ড্ৰাগছৰ বিৰুদ্ধে সচেতন হ’বলৈ আহ্বান জনোৱাৰ লগতে এনে অসামাজিক কাৰ্যকলাপৰ বিষয়ে কোনো তথ্য থাকিলে আৰক্ষীক অৱগত কৰিবলৈ আহ্বান জনায়।

উল্লেখযোগ্য যে, বিগত বৰ্ষত নগাঁও আৰক্ষীয়ে জব্দ কৰা কেইবাকোটি টকাৰ ড্ৰাগছ নতুন বছৰৰ প্ৰথম ভাগতে দাহ কৰি ড্ৰাগছৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ সকীয়নি প্ৰদান কৰিছিল নগাঁও আৰক্ষীৰ লগতে নগাঁৱৰ জিলা আয়ুক্তই।

লগতে পঢ়কঃ Drug Destruction in Nagaon: নগাঁৱত জ্বলাই ধ্বংস ১৭ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ


Advertisement