গুৱাহাটীঃ ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাৰ নেতৃত্বত গঠন হোৱা ‘জাতীয় দল, অসম’ শুকুৰবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত চামিল হয় (Assam Jatiya Parishad Merger)। তদুপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ লগতে কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁই, সাধাৰণ সম্পাদক জগদীশ ভূঞা, দলটোৰ শীৰ্ষ নেতা চিত্তৰঞ্জন বসুমতাৰী আদি উপস্থিত থাকে।
আজি এটা নতুন অধ্যায় সূচনা হৈছেঃ সাংসদ অজিত কুমাৰ ভূঞা
অসম জাতীয় পৰিষদত জাতীয় দল অসম চামিল হোৱাৰ পিচত সাংবাদিকৰ আগত জাতীয় দল অসমৰ প্ৰতিষ্ঠাতা তথা ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞাই কয়, “অসমৰ আঞ্চলিক ৰাজনীতিত জাতীয়তাবাদৰ প্ৰেক্ষাপটত আজিৰ দিনটো ঐতিহাসিক দিন। যি সময়ত বিজেপিৰ শাসনত, বিজেপিৰ কূটনীতিত চাৰিওফালে ধ্বংস যজ্ঞ চলিছে, ৰাজনৈতিক শক্তি সমূহক দমন কৰিছে, আঞ্চলিকতাবাদী শক্তি বুলি দাবী কৰা কিছুমানে আপোচ কৰিছে সেই প্ৰেক্ষাপটত আজি এটা নতুন অধ্যায় সূচনা হৈছে।”
আঞ্চলিকতাবাদ অবিহনে অসমীয়া খিলঞ্জীয়া মানুহৰ মুক্তি নাই বুলি মন্তব্য কৰি তেওঁ কয়, ” সাংবাদিক হৈ থকা দিনৰে পৰা আঞ্চলিকতাবাদক অগ্ৰাধিকাৰ দি আহিছো। তাৰ বাবে বহু অত্যাচাৰৰো সন্মুখীন হৈছিলো ।”
ভূঞাই লগতে কয়, “অসমীয়া মানুহৰ হাতৰ পৰা মাটি গ’ল। মাটি আজি আম্বানী-আদানীৰ হাতত। মুখ্যমন্ত্ৰীয়ে প্ৰচাৰ যন্ত্ৰ হাতত ৰাখি সমাজখন টুকুৰা টুকুৰ কৰিছে।বিভাজনৰ সৃষ্টি কৰিছে। সাম্প্ৰদায়িক ৰাজনীতিৰে অসমৰ ((Regional Politics of Assam)।ঐতিহ্য ধ্বংস কৰিছে তাৰ বিৰুদ্ধে আঞ্চলিক শক্তি সমূহে আৰু অন্যান্য দল সমূহেও একত্ৰে কাম কৰিব লাগিব।”
সাংসদ ভূঞাই আৰু কয়, “লুৰীণজ্যোতি গগৈ, জগদীশ ভূঞা আদিৰ নেতৃত্বত অসম জাতীয় পৰিষদ এক নতুন আশা হৈ পৰিছে। তেওঁলোকে আপোচহীন ভাবে আঞ্চলিকতাবাদৰ স্থিতি গ্ৰহণ কৰিছে। লুৰীণজ্যোতি গগৈ আঞ্চলিক ৰাজনীতিৰ এক উজ্জ্বল নক্ষত্ৰ (Jatiya Dal Assam)।”

অসমৰ ভাষা-সংস্কৃতি আৰু ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হলে আঞ্চলিকতাবাদৰ বিকল্প নাইঃ লুৰীণজ্যোতি গগৈঃ
ইপিনে, সাংসদ অজিত কুমাৰ ভূঞা আৰু জাতীয় দল অসমৰ সদস্য সকলক আদৰণি জনাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয় , “অসমৰ ভাষা-সংস্কৃতি আৰু ভৱিষ্যত সুৰক্ষিত কৰিবলৈ হলে আঞ্চলিকতাবাদৰ বিকল্প নাই (Lurinjyoti Gogoi)। তাৰ যোগেদিহে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীক ন্যায় দিব পাৰিম। বিভিন্ন সময়ত দিল্লীয়ে কৰি অহা কূটকৌশলৰ বিৰুদ্ধে আঞ্চলিক দল বা জাতীয়তাবাদী দল সমূহেহে যুঁজ দিব পাৰিব”
গগৈয়ে লগতে কয়, “ৰাজ্যসভাৰ সাংসদ, বলিষ্ঠ জাতীয়তাবাদী ব্যক্তিত্ব তথা এসময়ৰ সৎ, সাহসী সাংবাদিক অজিত কুমাৰ ভূঞাই তেখেতসকলৰ ‘জাতীয় দল, অসম’সহ আজি আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত চামিল হোৱা বিষয়টোৱে অসমৰ জাতীয়তাবাদী ৰাজনীতিত এক নতুন অধ্যায়ৰ সূচনা কৰিলে (Ajit Kumar Bhuyan)। এই সংযোজন মাথোঁ এটা দলীয় সংযুক্তি নহয়; এই কথাই অসমৰ স্বাভিমান, অধিকাৰ আৰু অস্তিত্ব ৰক্ষাৰ যুঁজখনক অধিক সংগঠিত আৰু শক্তিশালী কৰি তুলিব।”
অজিত কুমাৰ ভূঞাই দীৰ্ঘদিন ধৰি ক্ষমতাৰ লোভ, আপোচ আৰু সুবিধাবাদৰ বিপৰীত স্থিতি গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰি লুৰীণজ্যোতি গগৈয়ে কয়, ” অজিত কুমাৰ ভূঞাই অসম আৰু অসমীয়া মানুহৰ পক্ষে স্পষ্ট, দৃঢ় আৰু আপোচবিহীন অৱস্থান গ্ৰহণ কৰি আহিছে। সাংবাদিকতাৰ ক্ষেত্ৰতেই হওক বা সংসদৰ মজিয়াতেই হওক, তেখেতে সদায় সত্য, ন্যায় আৰু জাতীয় স্বাৰ্থৰ বাবে বলিষ্ঠকণ্ঠে মাত মাতি আহিছে। এনে এগৰাকী চিন্তাশীল, অভিজ্ঞ আৰু আপোচবিহীন নেতাৰ যোগদানে অসম জাতীয় পৰিষদৰ চিন্তা-চেতনা, সংগ্ৰাম আৰু লক্ষ্যক অধিক বিস্তৃত আৰু শক্তিশালী কৰিব বুলি আমি বিশ্বাস কৰিছোঁ।”
অসম জাতীয় পৰিষদে সদায়েই অসমৰ মাটি, মানুহ, ভাষা-সংস্কৃতি আৰু ভৱিষ্যৎ প্ৰজন্মৰ অধিকাৰ সুৰক্ষাৰ বাবে আপোচবিহীন স্বাভিমানী জাতীয়তাবাদৰ কথা কৈ আহিছে বুলি মন্তব্য কৰি গগৈয়ে কয়, ” আজিৰ এই ঐক্যই সেই লক্ষ্যৰ দিশে আমাৰ যাত্ৰাক অধিক দৃঢ় আৰু আশাবাদী কৰি তুলিছে। সময়ৰ আহ্বান অনুসৰি সকলো জাতীয় শক্তিক একত্ৰিত কৰি অসমক বচোৱা আৰু গঢ়াৰ যুঁজখন আগুৱাই নিবলৈ এই পদক্ষেপ বিশেষভাৱে গুৰুত্বপূৰ্ণ। অসম আৰু অসমীয়াৰ স্বাভিমানৰ যুঁজত একেলগে আগবাঢ়ি যোৱাৰ সংকল্পেৰে অজিত কুমাৰ ভূঞা আৰু তেখেতৰ সহযোদ্ধাসকলক অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চলৈ আন্তৰিক আদৰণি আৰু হৃদয়ী অভিনন্দন জনাইছোঁ।”
লগতে পঢ়কঃ অসমক বিহাৰ বুলি নাভাৱিবলৈ অসম জাতীয় পৰিষদৰ সকীয়নি
