Nagaon Uruka Fish Market special fish sale ahead of Bhogali Bihuভোগালী বিহুৰ উৰুকা উপলক্ষে নগাঁৱত বিশেষ মীন বিপণীৰ আয়োজন

নগাঁও: আগন্তুক ভোগালী বিহুৰ উৰুকা উপলক্ষে নগাঁও জিলাত সমূহ ৰাইজৰ সুবিধাৰ্থে বিশেষ স্থানীয় মীন বিপণীৰ আয়োজন কৰা হৈছে। জনস্বাৰ্থত জাৰি কৰা জাননী অনুসৰি অহা ১৩ জানুৱাৰী ২০২৬ তাৰিখে পুৱা ৬.৩০ বজাৰ পৰা নগাঁৱৰ জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু ফিছফেডৰ প্ৰাংগণত, লগতে পুৱা ৭.০০ বজাৰ পৰা ৰহা জোঙাল বলহু মীন পামত স্থানীয় মীন পালকৰ দ্বাৰা মাছ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে।

ভোগালী বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি আয়োজন কৰা এই বিশেষ মীন বিপণীৰ জৰিয়তে ৰাইজে সুলভ মূল্যত উৎকৃষ্ট গুণগত মানৰ মাছ লাভ কৰিব পাৰিব। এই বিপনীত স্থানীয় মীন পালকসকলে সজীৱ আৰু বিভিন্ন প্ৰজাতিৰ মাছ বিক্ৰী কৰিব।


📊 মাছৰ নাম, পৰিমাণ আৰু মূল্যৰ তালিকা

🐟 বৌ, ৰাই (ডেকা), মিৰিকা, মালী / গ্ৰাছ কাপ্তি, চিলভাৰ কাপ্তি, কমন কাপ্তি

পৰিমাণসাধাৰণ মাছ (₹)কাপ্তি প্ৰজাতি (₹)
১ কেজিৰ তলত150140
১–২ কেজি280180
২–২.৫ কেজি360260
২.৫–৩ কেজি380290
৩–৩.৫ কেজি400340
৩.৫ কেজিৰ ওপৰত440370

🐟 আৰী, বৰালি, চিতল

পৰিমাণমূল্য (₹ প্ৰতি কেজি)
১ কেজিৰ তলত280
১–১.৫ কেজি320
১.৫–২.৫ কেজি470
২.৫–৩ কেজি520
৩–৪ কেজি620
৪–৫ কেজি720
৫–১০ কেজি790
১০ কেজিৰ ওপৰত820

🐟 শাল, শল

পৰিমাণমূল্য (₹)
১ কেজিৰ তলত330
১ কেজিৰ ওপৰত400

🐟 উন্নত পদ্ধতিত পালন কৰা মাছ (Developed Pond)

পৰিমাণবৌ/ৰাই/মিৰিকা/মালী (₹)কাপ্তি প্ৰজাতি (₹)
১ কেজিৰ তলত160150
১–২ কেজি250200
২–৩ কেজি350250
৩–৪ কেজিৰ ওপৰত400300

উল্লেখযোগ্য যে এই মূল্য তালিকা কেৱল নগাঁৱৰ সংৰক্ষিত আৰক্ষী চাউনীৰ সমীপৰ জিলা মীন উন্নয়ন বিষয়াৰ কাৰ্যালয় তথা ফিছফেড প্ৰাংগণ আৰু ৰহাৰ জোঙাল বলহু মীন পামত অনুষ্ঠিত বিশেষ মীন বিপণীৰ বাবেহে প্ৰযোজ্য হ’ব।

ইফালে, নগাঁও জিলা প্ৰশাসনৰ নিৰ্দেশ মৰ্মে জিলাৰ অন্যান্য খুচুৰা মাছ বজাৰসমূহত পাইকাৰী ডাকৰ মূল্যতকৈ গড়ে ৩০–৪০ টকা অধিক দৰতহে মাছ বিক্ৰী কৰিব পাৰিব বুলি জাননীযোগে স্পষ্ট কৰা হৈছে।

এই বিশেষ মীন বিপণীৰ জৰিয়তে ভোগালী বিহুৰ উৰুকাৰ দিনা ৰাইজে সহজে সুলভ মূল্যত মাছ ক্ৰয় কৰাৰ সুবিধা লাভ কৰিব বুলি আশা প্ৰকাশ কৰা হৈছে।

লগতে পঢ়ক: জুবিনৰ মুখাবয়বৰ আৰ্হিত ভেলাঘৰ, ভোগালীত জুবিন ক্ষেত্ৰ


Advertisement