Rezaul Karim joins Congress: Former AAMSU President Set for Assam PoliticsRezaul Karim joins Congress: সদ্য প্ৰাক্তন আমছু সভাপতি ৰেজাউলে যোগদান কৰিব কংগ্ৰেছত

গুৱাহাটীঃ বিগত প্ৰায় ২০ বছৰ কাল সংখ্যলাঘু সংগঠন আমছুৰ সৈতে জড়িত থাকি আমছুৰ কেন্দ্ৰীয় সভাপতিৰ পৰা পদত্যাগ কৰা ৰেজাউল কৰিম চৰকাৰে অৱশেষত সিদ্ধান্ত গ্ৰহণ কৰিছে ৰাজনৈতিক পথাৰত ভৰি দিয়াৰ। সংখ্যালঘু সংগঠনৰ সৈতে জড়িত হৈ সংগ্ৰামী যাত্ৰাৰ পৰা এতিয়া ৰাজনৈতিক যাত্ৰা কৰিবলৈ মন মেলিছে সদ্য প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম চৰকাৰে (Rezaul Karim joins Congress)।

মাত্ৰ কেইদিনমান পূৰ্বে সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ সভাপতি পদৰ পৰা পদত্যাগ কৰি আনুষ্ঠানিকভাৱে বিদায় লৈছিল সংগঠনটোৰ মজিয়াৰ পৰা। কিন্ত বিদায় লোৱা মুহূৰ্তত ৰেজাউল কৰিম চৰকাৰৰ পৰৱৰ্তী যাত্ৰা কি হ’ব সেয়া স্পষ্ট কৰা নাছিল যদিও একমাত্ৰ দ্য নিউজ ছৰ্চত বাতৰি প্ৰকাশ পাইছিল ৰেজাউল কৰিমৰ কংগ্ৰেছত যোগদান কৰাৰ সভাৱনাৰ কথা (Assam Congress Minority Leader)।

অৱশেষত দ্য নিউজ ছৰ্চৰ বাতৰিয়েই সত্য প্ৰমাণিত হোৱাৰ দিশে আগবাঢ়িছে। শনিবাৰে ৰেজাউল কৰিম চৰকাৰৰ এক বিশ্বস্ত সূত্ৰই আমাক জনোৱা মতে, দেওবাৰে কংগ্ৰেছ দলত যোগদান কৰিব সদ্য প্ৰাক্তন আমছু সভাপতি ৰেজাউল কৰিম চৰকাৰে।

সূত্ৰটোৱে জনোৱা মতে, কংগ্ৰেছ দলত যোগদান কৰাৰ বাবে সকলো যোগাযোগ আৰু যাবতীয় ব্যৱস্থা ইতিমধ্যেই গ্ৰহণ কৰিছে ৰেজাউল কৰিম চৰকাৰে।

কংগ্ৰেছ দলত যোগদান কৰি পৰৱৰ্তী সময়ত অৰ্থাৎ ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সম্ভাৱনা আছে বুলিও সূত্ৰটোৱে জানিবলৈ দিয়ে (Asaam Assembly Election 2026)।

অৱশ্যে কোন সমষ্টিৰ পৰা ৰেজাউল কৰিম চৰকাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’ব সেয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই ৰেজাউল কৰিম চৰকাৰে। কংগ্ৰেছ দলত যোগদানৰ পাছত যিকোনো সংখ্যালঘু অধ্যুষিত সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সভাৱনা আছে ৰেজাউল কৰিম চৰকাৰৰ (Minority Constituency)।

লগতে পঢ়কঃ Rezaul Karim AMSU Exit : আৱেগিক পৰিবেশত আমছুৰ পৰা বিদায় ললে ৰেজাউল কৰিমে


Advertisement