Pagla Baba Superstition Assam: অন্ধবিশ্বাস! বাবাৰ দৰবাৰত হাজাৰ হাজাৰ লোকৰ ভিৰ

নগাঁও: টিংকু ডেকা, মালু ফকিৰ, কলিয়াবৰত অভিৰ্ভাৱ ঘটা ভণ্ড বাবাক মনত আছে নে অপোনাৰ? এই যে বেজালিৰ নামত হাজাৰ হাজাৰ লোকক অন্ধবিশ্বাসৰ গ্ৰাসত পেলাইছিল। এনে বাবাৰ আবিৰ্ভাৱ সংখ্যালঘু অধ্যুষিত এলেকাত প্ৰায়েই হৈয়েই আহিছে (Pagla Baba Superstition Assam)। অৱশ্যে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেল হাজোতৰ ভাতো খাইছে।

এইবাৰ পুনৰ আবিৰ্ভাৱ ঘটিছে এন এজন বাবাৰ। বাবা এইজন । এইজন বাবাও হেনো বিখ্যাত হৈ পৰিছে পাগলা বাবা হিচাপে। এইজন পাগলা বাবাৰ গামোচাৰ কোব খালেই হেনো নিৰাময় হয় যিকোনো ৰোগ। ৰোগ নিৰাময়ৰ বাবে অন্ধবিশ্বাসৰ বলি হোৱা হাজাৰ হাজাৰ লোকে এতিয়া ভিৰ কৰে এইজন বাবাৰ গামোচাৰ কোব খাবলৈ (Fake baba in Assam)।

গামোচাৰে কোবাই এইজন বাবাই যিকোনো ৰোগ নিৰাময় কৰে বুলি একাংশই প্ৰচাৰ চলোৱাত দিনক দিনে ভিৰ বাঢ়িছে বাবাৰ দৰবাৰত (Assam blind faith news)।

কি যে, অদ্ভুত বিশ্বাস, চিকিৎসা বিজ্ঞানৰ সমকপ্ৰদ উত্থানৰ সময়ত কোনো ঔষধ নোহোৱাকৈয়ে ৰোগ নিৰাময়ৰ অন্ধ বিশ্বাস বিয়পি পৰাৰ পাছত বহু লোক বলি হৈছে এই অন্ধবিশ্বাসৰ।

একবিংশ শতিকাত আকৌ মানধাতা দিনৰ বেজালিৰে সাধাৰণ লোকক একপ্ৰকাৰ প্ৰৱঞ্চনা কৰা এইজন বেজৰ নাম জহিৰুদ্দিন। নগাঁৱৰ উত্তৰ অঞ্চল জুৰীয়াত এইদৰে বেজালি নামত ঠগ প্ৰৱঞ্চনা কৰি অহা এইজন বাবা এই পৰ্যন্ত চকুত পৰা নাই বিয়াগোম স্বাস্থ্য বিভাগৰ (Health superstition Assam)।

বাবাৰ বেজালিত ক্ষুণ্ণ হৈ পৰিছে সচেতন নাগৰিক। হাজাৰ হাজাৰ লোকক প্ৰৱঞ্চনা কৰি অহা বাবাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰো দাবী উত্থাপন কৰিছে সচেতন নাগৰিকে।

এইজন বাবাৰ বেজালিয়ে স্থানীয় লোককো অতিষ্ঠ কৰি তোলা বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃ Witch Hunting Assam – ভয়ংকৰ: ডাইনী সন্দেহত দম্পতিক জ্বলাই হত্যা


Advertisement