নিউজ ডেস্ক: বৰ্তমান সময়ত ছচিয়েল মিডিয়াত মানসিক স্বাস্থ্য সম্পৰ্কীয় আলোচনা দ্ৰুতগতিত বৃদ্ধি পাইছে। ফেচবুক, ইনষ্টাগ্ৰাম আৰু ইউটিউবত উপলব্ধ চুটি ভিডিঅ’ বা ৰিলছবোৰে এহাতে যেনেকৈ সজাগতা সৃষ্টি কৰিছে, আনহাতে ই এক নতুন সমস্যাৰো জন্ম দিছে। বিশেষকৈ কিশোৰ-কিশোৰীসকলে ছচিয়েল মিডিয়াত মানসিক স্বাস্থ্য সম্পৰ্কীয় (Teen Mental Health Social Media) সম্পৰ্কীয় সমলবোৰ চাই বহু সময়ত নিজকে মানসিকভাৱে অসুস্থ বুলি ভাবিবলৈ লৈছে।
ছচিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰসকলৰ ভিডিঅ’ দেখি বহু কিশোৰ-কিশোৰীয়ে তেওঁলোকৰ নিজৰ আচৰণ আৰু অনুভূতিক সেই ভিডিঅ’বোৰত দেখুওৱা লক্ষণৰ সৈতে মিলাই চাবলৈ আৰম্ভ কৰিছে। ইয়াৰ ফলত, কোনো বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ বা প্ৰকৃত চিকিৎসা পৰীক্ষা অবিহনেই তেওঁলোকে নিজকে হতাশাগ্ৰস্ত (Depression), উদ্বিগ্নতা (Anxiety) বা আন মানসিক ৰোগত আক্ৰান্ত বুলি ধৰি লৈছে। কেৱল ৰোগ চিনাক্ত কৰাই নহয়, আনকি চিকিৎসাৰ বাবেও তেওঁলোকে সেই একেবোৰ অনলাইন প্লেটফৰ্মৰ ওপৰতেই ভৰসা কৰিবলৈ লৈছে, যিটো অত্যন্ত বিপজ্জনক হ’ব পাৰে।
নিজেই নিজৰ ৰোগ নিৰ্ণয় কৰিছে কিশোৰ-কিশোৰীয়ে
আমেৰিকাৰ মনোচিকিৎসক এনি বাৰ্কৰ মতে, বহু কিশোৰ-কিশোৰী আচলতে কোনো মানসিক ৰোগত আক্ৰান্ত নহয়। কিন্তু ছচিয়েল মিডিয়াত Teen Mental Health Social Media সম্পৰ্কীয় ৰিলছ আৰু ভিডিঅ’বোৰত উল্লেখ কৰা লক্ষণসমূহ দেখি তেওঁলোকে নিজকে মানসিক ৰোগী বুলি মানি লয়। আনকি বহুতে চিকিৎসকৰ পৰামৰ্শ অবিহনেই নিজৰ ৰোগৰ নামো নিজেই স্থিৰ কৰি লয়।
এনি বাৰ্কৰ মতে, সমস্যাটো তেতিয়াই বেছি জটিল হয় যেতিয়া কিশোৰ-কিশোৰীয়ে বিশেষজ্ঞ চিকিৎসকৰ ওচৰলৈ যোৱাৰ পৰিৱৰ্তে ‘ইনফ্লুৱেঞ্চাৰ’ৰ ভিডিঅ’বোৰকেই চিকিৎসা হিচাপে গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। একে ধৰণৰ লক্ষণ থাকিলেও সকলোৰে ক্ষেত্ৰত সি মানসিক ৰোগ নহ’বও পাৰে। বয়স আৰু পৰিস্থিতিৰ ওপৰত ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ হয়। বাৰ্কৰ ভাষাত ক’বলৈ গ’লে, “কেতিয়াবা মোৰ এনে লাগে যেন মই ৰোগীৰ চিকিৎসা কৰাতকৈ ছচিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰসকলৰ সৈতেহে প্ৰতিযোগিতা কৰি আছোঁ।”
এলগৰিদমৰ নেতিবাচক প্ৰভাৱ
‘আমেৰিকান চাইক’লজিকেল এছ’চিয়েশ্যন’ৰ মুখ্য বিজ্ঞানী মিক প্ৰিন্সটনৰ মতে, বহু কিশোৰে নিজৰ মানসিক সমস্যাৰ কথা আনৰ আগত খুলি ক’বলৈ সংকোচ কৰে। সেইবাবেই তেওঁলোকে ছচিয়েল মিডিয়াৰ সমলবোৰ চাই নিজেই নিজৰ ৰোগ চিনাক্ত কৰিবলৈ চেষ্টা কৰে।
ছচিয়েল মিডিয়া প্লেটফৰ্মসমূহৰ কাম কৰাৰ পদ্ধতি বা ‘এলগৰিদম’ এনেকুৱা যে আপুনি যি ধৰণৰ ভিডিঅ’ চাব বা চাৰ্চ কৰিব, তেনে ধৰণৰ ভিডিঅ’ই বাৰে বাৰে আপোনাৰ আগত আহি থাকিব। কোনো কিশোৰ-কিশোৰীয়ে যদি এবাৰ মানসিক ৰোগ সম্পৰ্কীয় বিষয় চাৰ্চ কৰে, তেন্তে তেওঁলোকৰ ম’বাইলত কেৱল তেনে ভিডিঅ’ই অধিক দেখা যায়। ইয়াৰ ফলত তেওঁলোকৰ মনত সেই ধাৰণাটো অধিক গভীৰ হৈ পৰে আৰু তেওঁলোক বেছিকৈ প্ৰভাৱিত হয়।
আমি চিকিৎসা পৰামৰ্শ নিদিওঁ, চিকিৎসকৰ ওচৰলৈ যাওক: টিকটক (TikTok)
ছচিয়েল মিডিয়া প্লেটফৰ্ম টিকটকৰ এগৰাকী মুখপাত্ৰই স্পষ্ট কৰি দিছে যে তেওঁলোকৰ প্লেটফৰ্মত থকা সমলসমূহ কেৱল সজাগতা বৃদ্ধিৰ বাবেহে। কোনো ধৰণৰ ৰোগ চিনাক্ত কৰা বা চিকিৎসা প্ৰদান কৰাৰ দাবী তেওঁলোকে নকৰে। তেওঁলোকৰ মতে, ‘ইনফ্লুৱেঞ্চাৰ’সকলে কেৱল নিজৰ অভিজ্ঞতা আৰু জ্ঞানহে শ্বেয়াৰ কৰে। কোনো বিষয়ত সন্দেহ থাকিলে ব্যৱহাৰকাৰীসকলক পোনপটীয়াকৈ বিশেষজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’বলৈ আহ্বান জনোৱা হৈছে।
উল্লেখযোগ্য যে, টিকটক ভাৰতত নিষিদ্ধ যদিও আমেৰিকা আৰু পৃথিৱীৰ বহু দেশত কিশোৰ-কিশোৰীৰ মানসিক স্বাস্থ্য সম্পৰ্কীয় তথ্যৰ বাবে ই অন্যতম জনপ্ৰিয় মাধ্যম হিচাপে পৰিগণিত হৈছে।
সাময়িক মানসিক অস্বস্তিকে ৰোগ বুলি ভুল কৰে কিশোৰসকলে
মনোবিজ্ঞানী মিক প্ৰিন্সটনে কয় যে বহু সময়ত কিশোৰ-কিশোৰীয়ে পঢ়া-শুনাৰ চাপ বা পাৰিবাৰিক সমস্যাৰ পৰা হোৱা সাময়িক মানসিক অস্বস্তি বা চিন্তাকেই স্থায়ী মানসিক ৰোগ বুলি ধৰি লয়। বহু ক্ষেত্ৰত ঘৰৰ ডাঙৰৰ লগত কথা পাতিবলৈ সুযোগ নোপোৱাৰ বাবেও তেওঁলোকে অনলাইন চাৰ্চৰ সহায় লয়।
যোৱাটো বছৰৰ মাৰ্চ মাহত কৰা এটা অধ্যয়নত দেখা গৈছে যে টিকটকত ‘#MentalHealth’ টেগ থকা মাত্ৰ ১০০টা ভিডিঅ’ই ১০০ কোটিৰো অধিক বাৰ ভিউজ লাভ কৰিছে। এই তথ্য অত্যন্ত চিন্তনীয়, কাৰণ বহু দৰ্শকে এই ভিডিঅ’সমূহৰ তথ্যক সম্পূৰ্ণ সত্য বুলি বিশ্বাস কৰে আৰু সেয়া নিজৰ ওপৰত প্ৰয়োগ কৰে। আনকি তেওঁলোকে বিশেষজ্ঞৰ দৰে আনকো পৰামৰ্শ দিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত কিশোৰ-কিশোৰীৰ মনত ছচিয়েল মিডিয়াৰ প্ৰভাৱ অধিক ভয়াবহ হৈ পৰিছে।

