দক্ষিণপাটৰ পৰা দেৱজিৎ হাজৰিকা: নগাঁও জিলাৰ দক্ষিণপাট অঞ্চলৰ কলং নৈৰ পাৰত অৱস্থিত পাখিমৰীয়া–জাগিয়াল মৌজাৰ একমাত্র নাৰী শিক্ষাৰ উচ্চ শিক্ষানুষ্ঠান জাগীয়াল ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত শণিবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে সোণালী জয়ন্তী মহোৎসৱ (Jagiyal Girls Higher Secondary School Golden Jubilee)।
শনিবাৰে পুৱা বিদ্যালয়ৰ ছাত্ৰীসকলৰ দ্বাৰা নিকাকৰণ পৰিবেশনেৰে অনুষ্ঠানৰ শুভাৰম্ভ হয়। ইয়াৰ পিছতেই অনুষ্ঠিত হয় গছপুলি ৰোপণ কাৰ্যসূচী। বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী লক্ষ্যজ্যোতি কাকতি আৰু কৃষ্ণা মজুমদাৰে গছপুলি ৰোপণ কৰে (Jagiyal Girls Higher Secondary School Golden Jubilee)।
পুৱা ৮ বজাত সমাজকৰ্মী তেজা সিং আৰু শ্বহীদ পৰিয়ালবৰ্গৰ উপস্থিতিত শ্বহীদ তৰ্পন অনুষ্ঠান অনুষ্ঠিত হয়।
৯.৩০ বজাত বিশ্ববন্দিত শিল্পী সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু অমৃত কণ্ঠ জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। এই অনুষ্ঠানত মুখ্য তৰ্পক হিচাপে অংশ গ্ৰহণ কৰে শিক্ষাব্ৰতী টংকেশ্বৰ দাস আৰু বিশিষ্ট সমাজকৰ্মী বংশী দাসে।
১০ বজাত সোণালী জয়ন্তীৰ মূল পতাকা উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ট্ৰাষ্টৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰাই।
বিদ্যালয়ৰ পতাকা উত্তোলন কৰে প্ৰধান শিক্ষক তথা উদযাপন সমিতিৰ সম্পাদক পূৰ্ণকান্ত নাথে। লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ বিশিষ্ট ব্যক্তিসকলে ৫০ খন পতাকা উত্তোলন কৰে (Women Education in Assam)।
ইয়াৰ পিছত জাগীয়াল অঞ্চলৰ আই-মাতৃ আৰু বাপ-বান্ধৱসকলৰ দ্বাৰা নাম-প্ৰসংগ অনুষ্ঠিত হয়।
বিদ্যালয়ৰ প্ৰৱেশদ্বাৰত মূল তোৰণ উন্মোচন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পুৰুষোত্তম আঞ্চলিকৰ সভাপতি ৰাজেন শইকীয়াই।
তাৰ পিছত ছাত্ৰী শিবিৰ উন্মোচন কৰে প্ৰাক্তন ছাত্ৰী তথা ধিং পৌৰসভাৰ উপ-পৌৰপতি মাতুমণি বৰুৱাই।
দুপৰীয়া ১২ বজাত মূল মঞ্চ উন্মোচন কৰে বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষয়িত্ৰী কানু হাজৰিকাই।
গুৰু প্ৰণাম আৰু শিক্ষক সম্বৰ্ধনা অনুষ্ঠান উদ্বোধন কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা শিক্ষাবিদ প্ৰফুল্ল চন্দ্ৰ বৰাই। ভাষণত তেওঁ কয়, “৫০ বছৰৰ আগতে যি সকল দূৰদৰ্শী ব্যক্তিয়ে নাৰী শিক্ষাৰ বাবে এই বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল, সময়ৰ সোঁতত আজি সেই সপোন বৌদ্ধিক উত্তৰণলৈ পৰিণত হৈছে। শিক্ষকসকল সমাজ সংস্কাৰক; তেওঁলোকে ছাত্ৰ-ছাত্ৰী আৰু সমাজখনক সঠিক পথ দেখুৱায়।”
তেওঁ ছাত্ৰীসকলক নৈতিক আৰু আধ্যাত্মিক শিক্ষাৰে নিজকে ভাল মানুহ হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনায়।
পৰৱৰ্তী সময়ত প্ৰাক্তন ছাত্ৰীসকলৰ উপস্থিতিত অৱসৰপ্ৰাপ্ত শিক্ষক-শিক্ষয়িত্ৰীসকলৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠান অনুষ্ঠিত হয়। বিদ্যালয়ৰ প্ৰাক্তন প্ৰধান শিক্ষক খৰ্গ লস্কৰে সঞ্চালনা কৰা এই অনুষ্ঠানত শতাধিক প্ৰাক্তন ছাত্ৰীয়ে স্মৃতি ৰোমন্থন কৰি নষ্টালজিক হৈ পৰে।
বিয়লি বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিবেশিত
শংকৰী কলাকৃষ্টি, ভোৰতাল নৃত্য আৰু জনগোষ্ঠীয় নৃত্য অনুষ্ঠানত সমগ্ৰ পৰিবেশ জীপাল হৈ উঠে। সাংস্কৃতিক অনুষ্ঠান উদ্বোধন কৰে কপিলী ব্লক শিক্ষা খণ্ডৰ প্ৰাক্তন পৰিদৰ্শক চন্দ্ৰকান্ত সেনাপতিয়ে। সন্ধিয়া বন্তি প্ৰজ্বলন কৰে সমাজকৰ্মী লোকনাথ বৰাই। ইয়াৰ পিছত সম্বৰ্ধনা অনুষ্ঠান, স্থানীয় শিল্পীৰ গীতৰ শৰাই আৰু নৃত্যানুষ্ঠান অনুষ্ঠিত হয়।
অনুষ্ঠানসমূহৰ আঁত ধৰে বিদ্যালয়ৰ শিক্ষক প্ৰশান্ত বৰুৱা, শৰৎ বৰা আৰু সংস্কৃতিবান যুৱক নৱজোতি বৰাই। এই অনুষ্ঠানত অঞ্চলৰ ডেৰ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত সমগ্ৰ অঞ্চলটো উৎসৱমুখৰ পৰিবেশেৰে মুখৰিত হৈ উঠে।
