নয়নজ্যোতি বৰাঃ
এন্টাৰটেইনমেন্ট ডেস্ক: ১৯৯৮ চনৰ সেই একেই উন্মাদনা, সেই একেই শিহৰণ! সুদীৰ্ঘ ২৭ বছৰৰ পাছত অসমীয়া ছবিজগতত যেন পুনৰ ঘূৰি আহিছে স্মৃতিৰ এক সোণালী অধ্যায়। নতুন বছৰৰ প্ৰথমটো ধুমুহা হৈ বক্স অফিচত এতিয়া দপদপাই আছে ‘যৌৱনে আমনি কৰে ২’। কেৱল গুৱাহাটীতে নহয়, ৰাজ্যৰ চুকে-কোণে থকা ছবিগৃহসমূহত দ্বিতীয় সপ্তাহতো ভিৰ লাগিছে দৰ্শকৰ (Joubaney Amoni Kore 2 Assamese Movie)।
পৰ্দাত প্ৰেমৰ জোৱাৰ, নেপথ্যত বৰষাৰ সাহস!
এই ছবিখনৰ সফলতাই এতিয়া সকলোৰে চকু কপালত তুলিছে। কিন্তু ছবিখনৰ চিকচিকিয়া পৰ্দাৰ আঁৰত লুকাই আছে এক অজান কাহিনী। অভিনেত্ৰী বৰষা ৰাণী বিষয়া, যাৰ যাত্ৰা ১৯৯৮ চনৰ প্ৰথমখন ছবিৰ পৰাই আৰম্ভ হৈছিল, তেওঁ এই ছিকুৱেলখনৰ বাবে নিজকে উচৰ্গা কৰি দিছিল ((Assamese cinema 2026))।
ছবিখনৰ নিৰ্মাণৰ সময়ত অভিনেত্ৰীগৰাকী অন্তঃসত্ত্বা আছিল। কিন্তু সেই শাৰীৰিক প্ৰত্যাহ্বানো তেওঁৰ বাবে বাধা হৈ থিয় দিব নোৱাৰিলে। এগৰাকী দক্ষ অভিনেত্ৰীৰ লগতে সহযোগী পৰিচালিকা হিচাপে তেওঁ দিন-ৰাতি এক কৰি কাম কৰি গৈছিল (Barsha Rani Bishaya film)।
২৭ গৰাকী নতুন মুখৰ চিনাকি
অশোক কুমাৰ বিষয়াৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত কেৱল পুৰণি স্মৃতিক জগাই তোলা হোৱা নাই, বৰঞ্চ আজিৰ প্ৰজন্মৰ প্ৰেমৰ ভাষাকো এক নতুন ৰূপ দিয়া হৈছে। ছবিখনৰ অন্যতম বিশেষত্ব হ’ল পুৰণি শিল্পীসকলৰ লগতে ইয়াত প্ৰায় ২৭ গৰাকী নতুন মুখক অভিনয়ৰ সুযোগ দিয়া হৈছে। ১৯৯৮ চনৰ সেই জনপ্ৰিয় চৰিত্ৰসমূহৰ পৰৱৰ্তী জীৱন আৰু বৰ্তমানৰ কলেজীয়া প্ৰেমৰ কাহিনীৰে ছবিখনত মুঠ তিনিটা প্ৰেম কাহিনীৰ এক সুন্দৰ সমন্বয় ঘটোৱা হৈছে (Joubaney Amoni Kore sequel)।
ভোগালী বিহুৰ পাছতেই ৰাজ্যৰ বাহিৰলৈ সাজু ‘যৌৱনে আমনি কৰে ২’
অসমৰ ৰাইজে যিদৰে ছবিখনক আঁকোৱালি লৈছে, তাৰ দ্বাৰা উৎসাহিত হৈ নিৰ্মাতা গোষ্ঠীয়ে ছবিখনৰ পৰিসৰ বৃদ্ধিৰ পৰিকল্পনা কৰিছে। পৰিচালক অশোক কুমাৰ বিষয়াই জনোৱা মতে, বৰ্তমান স্থানীয় ছবিগৃহসমূহত লাভ কৰা সুন্দৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি ভোগালী বিহুৰ পাছতেই অসমৰ বাহিৰতো ছবিখন মুক্তি দিয়াৰ যো-জা কৰা হৈছে। ইতিমধ্যে এই সন্দৰ্ভত বিভিন্ন পক্ষৰ সৈতে আলোচনা চলি আছে (New Assamese movie release)।
উল্লেখ্য যে, ১৯৯৮ চনত মাত্ৰ ৭ টকাৰ পৰা ১৫ টকাৰ টিকটেৰে ২৫ টা সপ্তাহ ছবিগৃহ কঁপাই থোৱা ‘যৌৱনে আমনি কৰে’ৰ সেই ঐতিহ্য এতিয়া ২০২৬ চনত পুনৰ নতুন ৰূপত দৰ্শকে উপভোগ কৰিবলৈ পাই উৎসাহিত হৈ পৰিছে।
লগতে পঢ়কঃ অসমত নিৰ্মিত ভাৰত-ইজৰাইলৰ যৌথ প্ৰযোজনাৰ ছবিৰ আন্তঃৰাষ্ট্ৰীয় সফলতা
