AGP Faces Internal Turmoil in Raha Over Candidate SelectionAGP Raha constituency split: প্ৰাৰ্থিত্বক লৈ দুটা ভাগত বিভক্ত অগপ

ৰহাঃ নৱগঠিত ৬১ নং অনুসূচিত জাতিৰ বাবে সংৰক্ষিত ৰহা সমষ্টিটো অগপৰ দূৰ্গ হিচাপে জনাজাত । কিন্তু শেহতীয়াকৈ এই সমষ্টিটোৰ অগপ কৰ্মী সকল ক্ষমতা কেন্দ্ৰীক অৰিয়াঅৰিৰ বাবে দুটা ভাগত বিভক্তহৈ পৰিছে (AGP Raha constituency split)।

আনকি সমষ্টিটোৰ পৰা অগপৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী তথা কেন্দ্ৰীয় নেতা বিষ্ণু দাসৰ বিৰুদ্ধে সমষ্টিটোৰ একাংশ নেতা-কৰ্মীয়ে দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তলৈ এখন আবেদন পত্ৰও প্ৰেৰণ কৰিছে (Raha Assembly Constituency)।

অসম গণ পৰিষদৰ ৰহা বিধান সভা সমষ্টি সমিতিৰ পেডত দিয়া আবেদন পত্ৰখনত পূৰ্বৰ ৰহা বিধান সভা সমষ্টি সমিতিৰ সভাপতি প্ৰণৱ দাস, সাধাৰণ সম্পাদক বিশ্বজ্যোতি ভূঞা, সাধাৰণ সম্পাদক ৰুদ্ৰ প্ৰসাদ ডেকা আৰু সাধাৰণ সম্পাদক কেশৱ দাসে স্বাক্ষৰ কৰিছে। অৱশ্যে পত্ৰখনত কাৰ্যকৰী সভাপতি পৱন কুমাৰ বৰাৰ নাম উল্লেখ আছে যদিও তেওঁ স্বাক্ষৰ কৰা নাই।

পত্ৰখনত উল্লেখ থকা মতে সমষ্টি পুনৰ গঠনৰ পিচত ৰহাৰ মহেন্দ্ৰ নাথ হাজৰিকা ৰাজহুৱা ভৱনত কেন্দ্ৰীয় পৰ্যবেক্ষক সুনীল ডেকা, সুনীল ৰাজকোঁৱৰ, জিলা সভাপতি মণিমাধৱ মহন্ত, কেন্দ্ৰীয় উপসভানেত্ৰী মামণি বৰাৰ উপস্থিতিত ৰহা, নগাঁও সদৰ, বটদ্ৰৱা আৰু বঢ়মপুৰৰ কিছু অঞ্চল সংযুক্তহৈ নতুনকৈ গঠিত ৰহা বিধান সভা সমষ্টিৰ এখন সাধাৰণ সভা অনুষ্ঠিত হৈছিল (AGP candidate controversy)।

উক্ত সভাত ৰহাত এখন শক্তিশালী সমষ্টি সমিতি গঠন কৰা হৈছিল। সেই সমিতিখন ০২/০১/২০২৪ তাৰিখে কেন্দ্ৰীয় সমিতিৰ অনোমুদিত হোৱাৰ পাছত ক্রমাগত ভাবে কেন্দ্রীয় সমিতিৰ প্ৰতিটো নিদের্শ পালন কৰাৰ ওপৰিও লোকসভা নির্বাচন আৰু পঞ্চায়ত নির্বাচন সুচাৰুৰূপে পৰিচালনা কৰি বহু কেইজন ৱাৰ্ড সদস্য আৰু এজন আঞ্চলিক সদস্য বিজয় কৰিবলৈ সক্ষম হয়।

পত্ৰখনত উল্লেখ থকামতে পূর্ণ গতিত সাংগঠনিক কাৰ্য্য কলাপ কৰি থকাৰ পিছতো সামান্য অজুহাতত আত্মপক্ষৰ সমর্থন জনাবলৈ সুযোগ নিদি দলীয় গণতান্ত্রিক ব্যৱস্থাক আওঁকান কৰি পৰিকল্পিত ভাৱে শীৰ্ষ নেতৃত্বক বিপথে পৰিচালিত কৰি দলটোৰ এজন নেতা বিষ্ণু দাসে সম্পূর্ণ নিজা ববিয়াকৈ এখন সমষ্টি সমিতি অনুমোদন কৰি আনে। যি কথাত ৰহা বিধান সভা সমষ্টি সমিতি আৰু ৰহাবাসীয়ে আর্চয্য প্রকাশ কৰিছে। এই কাৰ্যই অসমৰ ভিতৰতে সর্বাধিক শ্বহীদ হোৱা “অসম গণ পৰিষদ” ৰ দুৰ্গ স্বৰূপ ৰহা সমষ্টিত দলটোক জন মানসত হেয় প্রতিপন্ন কৰা বুলিও পত্ৰখনত উল্লেখ আছে।

পত্ৰখনত লগতে উল্লেখ আছে যে ৰহা সমষ্টিবাসীৰ বাবে সম্পূর্ণ অপৰিচত ব্যক্তি এজনে ২০২১ চনৰ বিধান সভা নির্বাচনত অসম গণ পৰিষদৰ নামত প্রায় ৭৭ হেজাৰ ভোট লাভ কৰি প্রতিদান স্বৰূপে চাৰি বছৰত তেখেতৰ অভিভাৱক্ত কালত চাৰিখন সমিষ্টি সমিতি গঠন কৰাটো অসমৰ বাজনৈতিক দলৰ বিৰল পৰি ঘটনা বুলি চিহ্নিত হৈছে (Assam regional politics)।

পত্ৰখনত অগপৰ সভাপতি / কাৰ্যকৰী সভাপতিৰ জ্ঞাতাৰ্থে বিষ্ণু দাসৰ বিৰুদ্ধে কেতবোৰ অভিযোগো উত্থাপন কৰিছে।

আনকি ২০২৪ চনৰ লোকসভা নির্বাচনত কেন্দ্রীয় সমিতিৰ পৰা সমষ্টি সমিতিলৈ নির্বাচনী কামত ব্যয় কৰিবলৈ অহা পুঁজিৰ সামান্য অংশহে বিষ্ণু দাসে ব্যয় কৰি গৰিষ্ঠ অংশ বেংকত থোৱা চলেৰে আত্মসাৎ কৰাৰো অভিযোগ উত্থাপন কৰিছে।

ইপিনে বিষ্ণু দাসে অগপৰ ৰহা বিধান সভা সমষ্টিখন অগণতান্ত্ৰিক ভাবে ভংগ কৰি নতুন সমিতি গঠনৰ পিচত ৰহাৰে একাংশ জ্যেষ্ঠ অগপ কৰ্মীয়েও সংবাদ মেল অনুষ্ঠিত কৰি এই সম্পৰ্কত বিষোদ্গাৰ কৰে। আনকি জ্যেষ্ঠ অগপ কৰ্মী সকলে যোৱা ৪ জানুৱাৰীত আয়োজন কৰা সংবাদমেলত উল্লেখ কৰে যে ২০২১ চনৰ বিধান সভা নিৰ্বাচনত পৰাজিত হোৱাৰ পিচত কেন্দ্ৰীয় সমিতিৰ উপসভাপতি তথা ৰহা সমষ্টিৰ তত্বাৱধায়ক বিষ্ণু দাসে বিগত চাৰিবছৰে সমষ্টিবাসীৰ মুখ দেখা নাপালে। এইবাৰ পুনৰ ৰহা বিধান সভা সমষ্টিৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ হোৱাকলৈ তৃণমূল কৰ্মী সকল ক্ষোভিতহৈ পৰিছে। তত্বাৱধায়ক দাসে নিজৰ খেয়ালখুচী মতে বিগত চাৰিবছৰত কেইবাখনো সমিতি ভঙা-পতা কৰা বুলিও অভিযোগ কৰে জ্যেষ্ঠ অগপ কৰ্মী সকলে।

ইয়াৰ বিপৰীতে অৱশ্যে ৰহা অগপ কেতিয়াও দুভাগ হোৱা নাই, দল বাগৰা একাংশই ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিবলৈকে এনে অপপ্ৰচাৰ চাইছে বুলি মন্তব্য কৰে বিষ্ণু দাসৰ সপক্ষে থকা ৰহা সমষ্টি অসম গণ পৰিষদৰ এটা অংশই৷

বিষ্ণু দাস পন্থীৰ মতে অগপ এৰি ৰাইজৰ দলত যোগদান কৰা তথা এতিয়া নিজকে পুনৰ অগপৰ জ্যেষ্ঠকৰ্মী বুলি চিনাকী দিয়া জনৈক ক্ষিতীশ দাস নামৰ ব্যক্তিজনৰ প্ৰৰোচনাতে অগপ দলক একাংশই বিভাজিত কৰাৰ চেষ্টা চলাইছে৷

কিন্তু অগপৰ তৃণমূল পৰ্যায়ৰ নেতা কৰ্মীয়ে অগপৰ কেন্দ্ৰীয় সমিতিৰ উপ-সভাপতি তথা ৰহা সমষ্টিৰ তত্বাৱধায়ক বিষ্ণু দাসৰ বিৰুদ্ধে অনা অভিযোগৰ প্ৰসংগতত বৰ্তমানলৈকে বিষ্ণু দাসে কোনো উত্তৰ দিয়া নাই ।

তাৎপৰ্যপূৰ্ণ যে বিষ্ণু প্ৰসাদ দাসে নিজস্ব মইমতালিৰে অগপৰ ৰহা সমষ্টিখন ভাঙি তেওঁৰ পক্ষত থকা একাংশকলৈ সমষ্টি সমিতি গঠন কৰাৰ বাবে ৰহাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

লগতে পঢ়কঃ অগপক লাগে বঢ়মপুৰ, কি হব বিজেপি বিধায়ক জিতু গোস্বামীৰ ৰাজনৈতিক ভৱিষ্যত?


Advertisement