নগাঁও: মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থানক এক বিশ্বমানৰ আধ্যাত্মিক আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ অসম চৰকাৰে গ্ৰহণ কৰা অন্যতম অভিলাসী প্ৰকল্প হৈছে “বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্প” । উক্ত নিৰ্মীয়মান বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পটি চলিত মাহৰ শেষৰ ফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত উদ্বোধন কৰিব।

উল্লেখযোগ্য যে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিবলগীয়া বটদ্ৰৱা প্ৰকল্পৰ এই ভৱ্য উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৫০ হাজাৰৰো অধিক ভকত-বৈষ্ণৱৰ সমাগম হ’ব।
লগতে, একেলগে ২০০০ গায়ন-বায়ন আৰু সহস্ৰাধিক শিল্পীয়ে সত্ৰীয়া সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিব ।তাৰে পৰিপ্ৰেক্ষিতত আজি অসম চৰকাৰৰ মুখ্য সচিব ডঃ ৰবি কোটা, অসম আৰক্ষী আই. জি. পি. অখিলেশ কুমাৰ সিং আৰু শ্ৰীমন্ত শংকৰদেৱৰ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰে নিৰ্মীয়মান উক্ত প্ৰকল্পস্থলী পৰিদৰ্শন কৰি কামৰ অগ্ৰগতি তথা সামগ্ৰিক পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ লগতে গৃহমন্ত্ৰীৰ আগমনৰ বাবে চলি থকা প্ৰস্তুতিৰ বুজ লয়।

এই পৰিদৰ্শন কালত তেওঁলোকৰ লগত নগাঁও- বটদ্ৰৱা বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক ৰূপক শৰ্মা, জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাকে প্ৰমুখ্য কৰি জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, থান পৰিচালনা সমিতিৰ সদস্যসকল আৰু সংশ্লিষ্ট বিভাগ সমূহৰ বিষয়াসকল উপস্থিত থাকে।
লগতে পঢ়ক: বিশ্ববিজয়ী চিমু দাসৰ পৰিয়ালৰ বিষয়ে জানিলে আপোনাৰো নিগৰিব অশ্ৰু

