Morigaon Congress clash between supporters of ticket aspirantsকংগ্ৰেছৰ দুই প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমৰ্থকৰ সংঘাতত উত্তাল মৰিগাঁও জিলা কংগ্ৰেছৰ কাৰ্যালয়

মৰিগাঁও: মৰিগাঁও জিলা কংগ্ৰেছত উত্তপ্ত পৰিস্থিতি। দুই প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকৰ মাজত প্ৰচণ্ড মাৰপিট(Morigaon Congress Clash)। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত লাহৰীঘাটত হঠাৎ ভূমুকি চিকিৎসকৰ।

সোমবাৰে কংগ্ৰেছ দলৰেই দুই ফৈদৰ সংঘাতত উত্তাল হৈ পৰে মৰিগাওঁ জিলা কংগ্ৰেছ কাৰ্যালয়। কংগ্ৰেছৰ দুগৰাকী প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সমৰ্থকৰ মাজৰ সংঘাতে ৰজহুৱা স্থানতে ৰূপ ললে মাৰপিটলৈ। দুগৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশী হৈছে বৰ্তমানৰ বিধায়ক আছিফ নাজাৰ আৰু ডাঃ ফৰিদুল হুছেইন।

সোমাবাৰে মৰিগাওঁ জিলা কংগ্ৰেছৰ কাৰ্যালয়ত অনুষ্ঠিত হৈছিল কংগ্ৰেছ দলৰ এক বিশাল কৰ্মী সভা। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈসহ দলীয় নেতৃত্বই অংশগ্ৰহন কৰে সভাখনত। কিন্তু সভাখনত গৌৰৱ গগৈ উপস্থিত হোৱাৰ পূৰ্বেই লাহৰীঘাট সমষ্টিৰ দুই প্ৰাৰ্থীত্ব প্ৰত্যাশী ডাঃ আছিফ নাজাৰ আৰু ফৰিদুল হুছেইনৰ সমৰ্থকৰ মাজত সৃ্ষ্টি হয় সংঘাতৰ।

পৰৱৰ্তী সময়ত দুই কংগ্ৰেছ নেতাৰ সমৰ্থকৰ মাজৰ সংঘাতে মাৰপিটৰ ৰূপ লয়। দুই প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমৰ্থকৰ মাৰপিটে উত্তাল কৰি তোলে মৰিগাওঁ জিলা কংগ্ৰেছ কাৰ্য্যালয় চৌহদ। দুই প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ সমৰ্থকৰ মাজত সংঘটিত হোৱা মাৰপিটৰ ঘটনাত জিলা কংগ্ৰেছৰ প্ৰশাসনিক সম্পাদক আজিজ আহমেদকে ধৰি কেবাজনো আহট হয় । আহত সকলক মৰিগাঁও অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰা হয়।

এগৰাকী টিকট প্ৰত্যাশীৰ বেনাৰ ফলাক কেন্দ্ৰ কৰি এই সংঘাতৰ সৃ্ষ্টি হোৱা বুলি কংগ্ৰেছৰ এক সূত্ৰে জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত মৰিগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰা হৈছে।

প্ৰাক্তন মন্ত্ৰী প্ৰয়াত ডাঃ নজৰুল ইছলামে দীৰ্ঘ সময় প্ৰতিনিধিত্ব কৰা মৰিগাওঁ জিলাৰ লাহৰীঘাট সমষ্টিৰ পৰা বিজেপিৰ ব্যাপক উত্থাপনৰ মাজত বিগত নিৰ্বাচনত বিধায়ক হিচাপে নিৰ্বাচিত হোৱা নজৰুল ইছলামৰ পুত্ৰ ডাঃ আছিফ নাজাৰৰ বিৰুদ্ধে হঠাৎ নিৰ্বাচনৰ প্ৰাকমহূৰ্তত প্ৰাৰ্থিত্ব বিচাৰি কুচকাৱাজ আৰম্ভ কৰিছে ডাঃ ফৰিদুল হুছেইনে। যাক লৈ সমষ্টিটোৰ প্ৰবীণ কংগ্ৰেছ নেতা কৰ্মীসকলো ক্ষুণ্ণ হৈ পৰা বুলিও জানিব পৰা গৈছে।

লগতে পঢ়ক: প্ৰাৰ্থীত্বক লৈ দুটা ভাগত বিভক্ত অগপ


Advertisement