Nowgong Bhogali Bihu Festival Lights Up Kolong Bakori with 113 Years of Traditionকলঙৰ বাকৰিত ৰংঘৰ!

চন্দনজ্যোতি বৰাঃ নগাঁৱৰ কলঙৰ বাকৰি নেহৰুবালিত প্ৰতিকী ৰূপত উজ্বলি উঠিছে ৰংঘৰ, ম’হযুঁজকে ধৰি বহু পৰম্পৰা। এনে এক পৰিৱেশ গঢ়ি উঠিছে ভোগালী উৎসৱ উপলক্ষে। ১১৩ বছৰীয়া সোণালী ইতিহাসেৰে সমৃদ্ধ সদৌ নগাঁও ভোগালী উৎসৱ সমিতিয়ে কলঙৰ বাকৰিত গঢ়ি তুলিছে এই সুন্দৰ পৰিৱেশ (Nowgong Bhogali Bihu Festival)।

এক সম্ভ্ৰান্ত ইতিহাসৰে পুষ্ট নগাঁও নেহৰুবালিৰ সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ বয়স এইবাৰ ১১৩ বছৰ। নগাঁও কলঙৰ বাকৰি নেহৰুবালিৰ ভোগালী বিহু উৎসৱৰ ঐতিহ্যৰ বিষয়ে জানিবলৈ হ’লে আমি ১৯১২ চনলৈ উভতি যাব লাগিব।

সোণালী ঐতিহ্যত এভূমূকিঃ

১৯১২ চনত নিস্তৰংগ কলঙৰ বাকৰি তথা পৰৱৰ্তী সময়ৰ নগাঁও নেহৰুবালিত আৰম্ভ হৈছিল ভোগালী বিহু উৎসৱ। বিভিন্ন জাতি-জনগোষ্ঠী, ধৰ্মাৱলম্বী লোকৰ মিলনভূমিলৈ ৰূপান্তৰিত হোৱা নগাঁও নেহৰুবালিৰ ভোগালী বিহু উৎসৱে আজিও সেই ঐতিহ্য, তথা সাৰ্বজনীন ৰূপ বৰ্তাই ৰাখিছে। ১৯১২ চনৰ সেই সময়ৰ নগাঁৱৰ একাংশ পথিকৃৎ লোকৰ প্ৰচেষ্টাতে গঠন হৈছিল নগাঁও কলঙৰ বাকৰিৰ সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতি।

সেই সকল বিশিষ্ট ব্যক্তিৰ ভিতৰত আছিল লোকসেৱক হলধৰ ভূঞা, বিশিষ্ট শিক্ষাবিদ তথা বিহলঙনীৰ ওজা হিচাপে খ্যাত মহেশ চন্দ্ৰ দেৱগোস্বামী, অসমীয়া চুটিগল্পৰ বাটকটীয়া মহীচন্দ্ৰ বৰা, পূৰ্ণকান্ত শৰ্মা, গোলোক বৰুৱা, টংকেশ্বৰ শৰ্মা, লক্ষেশ্বৰ হাজৰিকা, ৰেণুকা আলি আকবৰ, প্ৰতাপ শৰ্মা, ডাঃ ললিত বৰুৱা, নাট্যপ্ৰৱৰ সাৰদাকান্ত বৰদলৈ, লুটফুৰ ৰহমান, ক্ষীৰ বৰুৱা, শিৱকান্ত বৰুৱা, দ্বিজেন্দ্ৰ মোহন গোস্বামী, নুৰুল আমিন, চন্দ্ৰ বৰঠাকুৰ, ডাঃ ক্ষীৰেণ ৰয়, কাশীপ্ৰসাদ বিহানী, জিতেন শইকীয়া, লক্ষীপ্ৰসাদ গোস্বামী, অৰুণ গাংগুলী, মুকুট শৰ্মা, নৰেশ বেজবৰুৱা, শৰৎ বৰুৱা, প্ৰৱোধ কটকী,খিলকান্ত শৰ্মা আদি ব্যক্তি সকল।

উল্লেখযোগ্য যে আৰম্ভণি সময়তে ৰসৰ মেলা, ৰঙালী চৰা আদি অনুষ্ঠান অনুষ্ঠিত হৈছিল। ১৯৬২ চনত বিহু উদযাপন সমিতিৰ সভাপতি আছিল তদানীন্তন কৃষি মন্ত্ৰী লক্ষ্মীপ্ৰসাদ গোস্বামী। প্ৰদৰ্শনীৰ দ্বাৰ উদ্ঘাটন কৰিছিল তেতিয়াৰ ৰাজ্যপাল বি কে নেহৰুৱে।

সদৌ নগাঁও ভোগালী বিহু উৎসৱত জাৰ্মানৰ নৃত্য শিল্পী এৰিকা নন্দী, ডঃ ভূপেন হাজৰিকা, পশ্চিম বংগৰ মুখ্যমন্ত্ৰী ডঃ সিদ্ধাৰ্থ শংকৰ ৰায়ৰ দৰে বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰিছিল। যদিও বিহু নাচক পথাৰ তথা গছৰ তলৰ পৰা নি মঞ্চত উপস্থাপন কৰাৰ ক্ষেত্ৰত লতাশিলৰ বিহু মঞ্চকে ধৰি বিভিন্ন অনুষ্ঠানে বাটকটীয়াৰ দাবী কৰি আহিছে দৰাচলতে ১৯১২ চনতে সদৌ নগাঁও ভোগালী বিহু উৎসৱতে বিহু নাচ, বিহু নামক মঞ্চলৈ অনা হয়। বিভিন্ন তথ্যত উল্লেখ থকামতে নগাঁৱৰ বীনাপানী নাট্য মন্দিৰত মঞ্চস্থ হোৱা ‘হেমপ্ৰভা’ নামৰ নাটকখনত কেইবাটাও বিহু নাচৰ দৃশ্য আছিল।

ইয়াকলৈ বিতৰ্কৰো সূত্ৰপাত হৈছিল। একাংশ লোকে এই দৃশ্য সমূহ আতৰাই দিবৰ বাবে হেঁচা দিছিল। কিন্তু নাটখন পৰিচালনা তথা ৰচনাৰ দায়িত্বত থকা সকলে এই দৃশ্য বাতিল কৰিবলৈ অসন্মতি প্ৰকাশ কৰে। এই পৰিপ্ৰেক্ষিততে পৰৱৰ্তী সময়ত ১৯১২ চনত নগাঁৱৰ কলঙৰ বাকৰিত অনুষ্ঠিত ভোগালী বিহু উৎসৱতে বিহু নাচ আৰু বিহু নামক মঞ্চত উপস্থাপন কৰা হয়।

আধুনিকতাৰ মাজতো উজলি আছে ভোগালীৰ পৰম্পৰাঃ

বিভিন্ন জটিল পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নগাঁও কলঙৰ বাকৰিৰ ভোগালী বিহু উৎসৱ মাজে সময়ে দুই-এবছৰ অনুষ্ঠিত হোৱা নাই যদিও নগঞা ৰাইজে ইয়াৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ বাবে সদায় চেষ্টা কৰি আহিছে। সদৌ নগাঁও ভোগালী বিহু উৎসৱৰ লগত পৰৱৰ্তী সময়ত আন বহু বিশিষ্ট ব্যক্তিও জড়িতহৈ পৰে। সেই সকলৰ ভিতৰত অন্যতম আছিল ইন্দ্ৰেশ্বৰ গোস্বামী, ডাঃ ধীৰেন বৰকাকতি, ডঃ আবু হানিফা, বকুল ভাগৱতী, মিৰজান হাজৰিকা, ডাঃ গিৰীন বৰা আদি।১৯৯৬ চনৰ ১৯৯৯ চনলৈকে নগাঁও ভোগালী বিহু উৎসৱ উদযাপন সমিতিৰ সভাপতিৰ দায়িত্বত আছিল প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱা।

১১৩ বছৰত নগাঁও ভোগালী উৎসৱ

১৯৯৭ চনৰ পৰা ২০০৬ চনলৈকে নগাঁও সদৰ সমষ্টিৰ বিধায়ক গিৰীন্দ্ৰ কুমাৰ বৰুৱাৰ উদ্যোগত নগাঁও ভোগালী বিহু উপলক্ষে এটা বিশাল ৰাজহুৱা ভোজ অনুষ্ঠিত হৈছিল। পৰৱৰ্তী ২০০৭ চনৰ পৰা কেইবাবছৰো সদৌ নগাঁও ভোগালী বিহু উৎসৱ উদযাপনত সমিতিৰ সভাপতি আছিল তদানীন্তন মন্ত্ৰী তথা বৰ্তমানৰ সাংসদ ৰকিবুল হুছেইন। ২০১৬ চনৰ পিচৰ পৰা নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই ভোগালী বিহু উৎসৱ উদযাপনৰ দায়িত্ব লয়।

১১৩ বছৰত নগাঁও ভোগালী উৎসৱ

বিধায়ক শৰ্মাই কাৰ্যকৰী সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি আধুনিকতাৰ ধামখুমীয়াৰ মাজতো পৰম্পৰাক ধৰি ৰখাৰ প্ৰয়াস কৰে। তেওঁৰ তদাৰকতে এইবাৰ ভোগালী বিহুত নেহৰুবালিত ৰংঘৰৰ আৰ্হিত নৰাৰে নিৰ্মিত ৰংঘৰে নিশ্চিত ভাবে সকলোকে আকৰ্ষিত কৰিছে। এই ৰংঘৰৰ সন্মুখত গোনামহে যুঁজি থকাৰ প্ৰতিকী দৃশ্য থাকিব। তদুপৰি মাঘৰ বিহুৰ পৰম্পৰা অনুযায়ী বিল,জলাশয়ত মাছ ধৰাৰ দৃশ্য থাকিব। প্ৰতিকী গোসাঁই ঘৰ, ভেলাঘৰ, পথাৰত ধান ৰখিবলৈ ব্যৱহৃত টঙী ঘৰ, জনগোষ্ঠীয় আদি নিৰ্মাণ কৰা হৈছে। প্ৰতিকী ম’হ, মানুহ আদি ধানৰে নিৰ্মাণ কৰাৰ লগতে ঘৰ সমূহ নৰাৰে নিৰ্মাণ কৰা হৈছে। দেৱব্ৰত বৰা আৰু স্বৰাজ নাথ নামৰ দুজন লোকৰ তদাৰকত বহুকেইজন লোকে নিৰ্মাণ কাৰ্য কৰি আছে। বিশেষকৈ দেৱব্ৰত বৰাই এই নিৰ্মাণ কাৰ্যসমূহ বিশেষভাবে কৰি আছে।

বিশিষ্ট ব্যক্তিৰ মন্তব্যঃ

এই সম্পৰ্কত সদৌ নগাঁও ভোগালী বিহু উৎসৱ সমিতিৰ কাৰ্যকৰী সভাপতি তথা নগাঁও-বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই কয় যে -২০১৬ চনৰ পৰৱৰ্তী সময়ৰ পৰা তেওঁ যেতিয়া এই ভোগালী বিহু উৎসৱ সমিতিৰ দায়িত্ব লয় তেতিয়াৰে পৰা এজন অৰাজনৈতিক লোকক সমিতিৰ সভাপতিৰ দায়িত্ব দিয়া হয়। সেই অনুযায়ী এইবাৰ সমাজসেৱক ৰঞ্জিত তামুলী ফুকনক সভাপতি, জয়ন্ত কুমাৰ বৰা আৰু ৰঞ্জিত বৰা(দাদু)ক সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হয়। আমি কাৰ্যকৰী সভাপতিৰ দায়িত্বলৈ সকলো তদাৰক কৰি আহিছো। পূৰ্বতেও অসমৰ গ্ৰাম্য সংস্কৃতিক এই ভোগালী উৎসৱত নেহৰুবালিত উপস্থাপন কৰা হৈছে। এইবাৰ ৰংঘৰৰ আৰ্হিৰ ঘৰ নিৰ্মাণ কৰা হৈছে।

বিধায়ক ৰূপক শৰ্মাই লগতে কয়,”নগাঁও নেহৰুবালিৰ ভোগালী বিহু উৎসৱ বিগত ১১২ বছৰ ধৰি সাৰ্বজনীন উৎসৱহৈ আহিছে। ভোগালী বিহু উৎসৱৰ ক্ষেত্ৰ সদ্যপ্ৰয়াত জনতাৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত ‘জুবিন ক্ষেত্ৰ’ নামাকৰণ কৰা হৈছে। তদুপৰি ১৫ জানুৱাৰীত জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা, সেইদিনাই নিশা ‘মায়াবিনী ৰাতিৰ বুকুত’ শীৰ্ষক জুবিন গাৰ্গৰ গীতৰ আধাৰত সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।”

অন্যহাতেদি নেহৰুবালিৰ ভোগালী বিহু উৎসৱৰ পূৰ্ৱৰ স্মৃতি সোঁৱৰি নষ্টালজিকহৈ পৰা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয়, “মই এই বিহুৰ লগত জড়িত হৈছিলো অসম আন্দোলনৰ কালত। সেই সময়ত নগা ছাত্র ফেডাৰেচনৰ সভাপতি জহিম লহেক নিমন্ত্ৰণ কৰিবলৈ মই আৰু পৰাণ গোহাঁই কহিমালৈ গৈছিলো। তেখেত নেহৰুবালিৰ ৰাজহুৱা সভালৈ আহি বক্তৃতা দিছিল। এনিশাৰ বাবে নগাঁও মহাবিদ্যালয়ৰ ছাত্র নিবাসত আলহী হৈছিল।”

লগতে আৰু কয়, “১৯৯৬ চনৰ পৰা ১৯৯৯ চনলৈ মই সভাপতি হিচাপে দায়িত্ব লৈছিলো। তেতিয়া অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ নগেন শইকীয়া, হোমেন বৰগোহাঞি আদি বৰেণ্য লোকসকলক বিহু উদযাপন সমিতিয়ে সম্বৰ্ধনা জনাইছিল।অসম সাহিত্য সভাৰ সভাপতি-সম্পাদকক সম্বৰ্ধনা জনোৱাৰ এক পৰম্পৰা আছিল। ১৯৯৭ চনৰ পৰা ২০০৬ চনলৈকে বিহুৰ শেষৰ দিনা ভোগালীৰ শেষৰ দিনা এটা ৰাজহুৱা ভোজ অনুষ্ঠিত হৈছিল। এতিয়াও ভাবি ভাল লাগে যে এই ৰাজহুৱা ভোজত ৫ হাজাৰ পৰ্যপ্ত ব্যক্তিয়ে অংশগ্ৰহণ কৰিছিল। মই ভাবো অসমৰ জাতীয় পৰম্পৰা নেহৰুবালিত পূৰ্বৰ ৰক্ষা কৰি আহিছে।”

তাৎপৰ্যপূৰ্ণ যে বিগত ১১২ বছৰ ধৰি সদৌ নগাঁও ভোগালী বিহু উৎসৱ নগাঁও বাসীৰ আবেগত পৰিণত হৈছে, নগাঁও বাসীৰ স্বাভিমানলৈ ৰূপান্তৰিত হৈছে। আধুনিকতাৰ ধামখুমীয়াৰ মাজতো সদৌ নগাঁও ভোগালী বিহু উৎসৱে স্বকীয় পৰম্পৰাক বৰ্তাই ৰাখিছে। নগাঁওবাসী আশাবাদী অনাগত সময়তো সদৌ নগাঁও ভোগালী বিহু উৎসৱে মৰ্যাদা অক্ষুন্ন ৰাখিব।

লগতে পঢ়কঃ জুবিনৰ মুখাবয়বৰ আৰ্হিত ভেলাঘৰ, ভোগালীত জুবিন ক্ষেত্ৰ


Advertisement