গুৱাহাটীঃ ভোগালীৰ উৎসাহক ম্লান পেলাই অসমীয়া সংগীত জগতলৈ মংগলবাৰে পুৱাতে আহিল এটা দুখৰ খবৰ। বিশিষ্ট সংগীত শিল্পী সমীৰ হাজৰিকা আৰু নাই। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা সংগীত শিল্পীজনে গুৱাহাটীৰ নিজৰাপাৰাস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে। তেওঁ ভাৰতীয় খাদ্য নিগমৰ কৰ্মচাৰী আছিল (Samar Hazarika death)।
বিশিষ্ট সংগীত শিল্পী জনৰ পিতৃৰ নাম নীলকান্ত হাজৰিকা আৰু মাতৃৰ নাম শান্তিপ্ৰিয়া হাজৰিকা। সংগীত সূৰ্য, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু অসমৰ সংগীত জগতৰ আন এক স্বনামধন্য ব্যক্তি জয়ন্ত হাজৰিকা তেওঁৰ জ্যেষ্ঠ ভাতৃ আছিল।
১৯৬০ চনত সংগীত জীৱন আৰম্ভ কৰা হাজৰিকাৰ প্ৰথম শ্ৰব্য সফুৰা উত্তৰ কোঁৱৰ প্ৰতিমা বৰুৱা দেৱী” মুক্তি পাইছিল।
হাজৰিকাই হেমন্ত দত্ত পৰিচালিত অসমীয়া বোলছবি ‘উপপথ’, শিৱপ্ৰসাদ ঠাকুৰ পৰিচালিত ‘বোৱাৰী’, মুনীন বৰুৱা পৰিচালিত ‘প্ৰভাতী পখীৰ গান’ ।
সমৰ হাজৰিকাৰ ‘প্ৰথম মৰমে যদি… ’ আৰু ‘বোৱাৰী’ ছবিৰ ‘ই যে ৰণাংগনৰ কাহিনী…’’গান দুটা শ্ৰোতাৰ ওচৰত অধিক জনপ্ৰিয় হৈ উঠিছিল।
মুখ্যমন্ত্ৰীৰ শোক প্ৰকাশঃ
বিশিষ্ট সংগীত শিল্পীজনৰ মৃত্যুত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এক শোক বাৰ্তাত উল্লেখ কৰে -“আজি উৰুকাৰ দিনটোতে অসমৰ সাংস্কৃতিক জগতৰ প্রসিদ্ধ ব্যক্তিসত্তা, শিল্পী সমৰ হাজৰিকা ডাঙৰীয়াৰ দেহাৱসানৰ খবৰটি পাই মর্মাহত হৈছোঁ। সুধাকণ্ঠ ড° ভূপেন হাজৰিকাদেৱৰ কণিষ্ঠ ভাতৃ হাজৰিকা ডাঙৰীয়াই অনাতাঁৰ কেন্দ্ৰ আৰু এলবামৰ বাবে গীত গোৱাৰ উপৰি বহুকেইখন অসমীয়া চলচ্চিত্ৰৰ নেপথ্য কণ্ঠশিল্পী হিচাপে খ্যাতি অর্জন কৰিছিল। তেখেতৰ কণ্ঠত প্রাণ পাই উঠা ‘প্ৰথম মৰমে যদি’, ‘ই যে ৰণাংগনৰ কাহিনী’ আদি কালজয়ী জনপ্রিয় গীত আজিও অসমৰ শ্রোতাৰ হৃদয়ত সজীৱ হৈ আছে। তেখেতৰ বিয়োগ আমাৰ বাবে এক বুজাব নোৱৰা ক্ষতি। এই শোকার্ত মুহূর্তত মহান শিল্পীগৰাকী স্বর্গগামী আত্মাৰ চিৰশান্তি কামনাৰ লগতে পৰিয়ালবর্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছোঁ।”
সৰ্বানন্দ সোনোৱালৰ শোক প্ৰকাশঃ
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালেও বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ মৃত্যুত শোক প্ৰকাশ কৰিছে। এক শোকবাৰ্তাত তেওঁ উল্লেখ কৰে, ” উৰুকাৰ দিনা পুৱাই যশস্বী কণ্ঠশিল্পী সমৰ হাজৰিকাদেৱৰ বিয়োগৰ খবৰটো পাই অত্যন্ত মৰ্মাহত হৈছোঁ। হৃদয়স্পৰ্শী কণ্ঠেৰে অগণন শ্ৰোতা-দৰ্শকৰ হৃদয়ত গভীৰ সাঁচ বহুৱাই থৈ যোৱা সমৰদাৰ বৰ্ণিল সাংস্কৃতিক অৰিহণা স্মৰণীয় হৈ থাকিব। তেখেতৰ বিদেহ আত্মাৰ সদ্গতি কামনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ তৰফৰপৰা সমবেদনা জনালোঁ।”
বিশিষ্ট সংগীত শিল্পী সমৰ হাজৰিকাৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে বিভিন্নজনে।
লগতে পঢ়কঃ আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা আৰু নাই
