নগাঁওঃ ২০২৬ বৰ্ষৰ অমূল্য মান্না আলোকচিত্ৰ বঁটা আগবঢ়োৱা হৈছে অসমৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী তপন দাসলৈ। অসমৰ এগৰাকী প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিয়ে মংগলবাৰে সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে। – Amulya Manna Photography Award

বিগত ২০২১ বৰ্ষৰ পৰা এই বঁটা প্ৰদান কৰি অহা হৈছে। এই বঁটা ইতিপূৰ্বে প্ৰখ্যাত আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা, সমীৰ চৌধুৰী, মহেন্দ্ৰ বৰুৱা, সুমন দুৱৰা আৰু উৎপল দত্তই লাভ কৰিছে।
আলোকচিত্ৰ শিল্পী অমূল্য মান্নাৰ স্মৃতি যুগমীয়া কৰি ৰক্ষাৰ উদ্দেশ্যে অসমৰ কেইগৰাকীমান বিশিষ্ট সংস্কৃতিবান ব্যক্তিৰ সহযোগত ২০১৫ চনত অমূল্য মান্না স্মৃতি ৰক্ষা সমিতি গঠন কৰা হৈছিল।
১৯ জানুৱাৰী অমূল্য মান্নাৰ মৃত্যু তিথি। শিল্পী গৰাকীৰ মৃত্যু দিৱসৰ লগত সংগতি ৰাখি প্ৰতিবছৰে অসমৰ এগৰাকী বিশিষ্ট আলোকচিত্ৰ শিল্পীক এই বঁটা প্ৰদান কৰি অহা হৈছে। উদ্যোক্তা সমিতি আৰু ইউ বি ফটোজৰ সহযোগত প্ৰদান কৰি অহা এই বঁটাত আছে নগদ ২০ হাজাৰ টকা, মানপত্ৰ আৰু স্মাৰক।

উল্লেখযোগ্য যে, এই বৰ্ষৰ বঁটা প্ৰাপক তপন দাসে ১৯৮৭ চনত অসমীয়া বাতৰি কাকত ‘নতুন দৈনিক’ত ফটো সাংবাদিক হিচাপে কৰ্মৰজীৱন আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও চিত্ৰ সংবাদ, অসম বাণী, শিল্পীৰ পৃথিৱী আদি সংবাদ পত্ৰ আৰু আলোচনীত তেখেতৰ আলোকচিত্ৰ প্ৰকাশ পাইছে। তেখেতে পি ডি টি আই নামৰ এটা ফটোগ্ৰাফী শিক্ষানুষ্ঠান পৰিচালনা কৰি আছে। ইতিমধ্যে তেখেতে ৰূপক বঁটা, নবীন সূৰ্য বঁটা লাভ কৰাৰ লগতে শ্ৰেষ্ঠ আলোকচিত্ৰ বঁটা আৰু তামিলনাডুৰ ফটোগ্ৰাফাৰ চচাইটিয়ে আগবঢ়োৱা বঁটাৰে সন্মানিত হৈছে।
অহা ১৯ জানুৱাৰীত নগাঁৱৰ কল্লোল ভৱনত তেখেতক এই বৰ্ষৰ অমূল্য মান্না আলোকচিত্ৰ বঁটাৰে সন্মানিত কৰা হব বুলি অমূল্য মান্না স্মৃতি ৰক্ষা সমিতিয়ে জনাইছে।
লগতে পঢ়ক: Sailadhar Barua Film Award 2025: অষ্টম শৈলধৰ বৰুৱা চলচ্চিত্ৰ বঁটা ঘোষণা

