Sarbananda Sonowal BJP influence in Assam politicsSarbananda Sonowal BJP Influence: ৰাজ্যিক বিজেপিত প্ৰভাৱ কমিছে নেকি সোণোৱালৰ!

গুৱাহাটীঃ ৰাজ্যৰ ৰাজনীতিত ক্ৰমশঃ একাষৰীয়া হৈ পৰিছে নেকি প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ৰাজ্য চৰকাৰ তথা বিজেপিৰ ভিতৰচৰাত আধিপত্য বিস্তাৰ কৰিব পৰা নাই নেকি কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে9Sarbananda Sonowal BJP Influence)। প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালতৈ অধিক শক্তিশালী তথা প্ৰভাৱশালী নেকি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। সাম্প্ৰতিক ৰাজনৈতিক পৰিস্থিতিত এনে কেতবোৰ প্ৰশ্নই উত্থাপিত হৈছে।

প্ৰাৰ্থিত্ব ঘোষণাৰ ক্ষেত্ৰতো সোণোৱালক একাশৰীয়া

উল্লেখযোগ্য যে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল সংসদীয় ব’ৰ্ডৰ অন্যতম দায়িত্বত আছে। স্বাভাৱিকতে সেয়ে ২০২৬ চনৰ বিধান সভা নিৰ্বাচনৰ প্ৰাৰ্থিত্ব বাচনিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো গুৰুত্বপূৰ্ণ ভূমিকা থাকিব। তদুপৰি বিজেপিৰ সাংগঠনিক নিয়ম অনুযায়ী ৰাজ্যিক বিজেপিয়ে প্ৰতিটো সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যশীৰ নাম সংসদীয় ব’ৰ্ডলৈ প্ৰেৰণ কৰিব লাগে। সংসদীয় ব’ৰ্ডৰ সদস্য সকলে আলোচনা মৰ্মে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিব। কিন্তু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই বহু কেইটা সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে। সংসদীয় ব’ৰ্ড তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক প্ৰায় একাশৰীয়া কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নগাঁও-বটদ্ৰৱা, লখিমপুৰ, ঢকুৱাখনা আদি সমষ্টিৰ প্ৰাৰ্থীৰ নাম ঘোষণা কৰাটোৱে তাৎপৰ্য বহন কৰিছে।

সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰকো আওপকীয়াকৈ সমালোচনা মুখ্যমন্ত্ৰীৰ

অন্যহাতেদি অন্যহাতেদি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ এ ডি আৰ ইৰ নিযুক্তি পত্ৰ বিতৰণৰ সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰকো আওপকীয়াকৈ সমালোচনা কৰে। তেওঁ ভাষন প্ৰসংগত কৈছিল, ” ২০২১ চনৰ আগত যি সকলে নিযুক্তি পাইছিল সেই সময়ত ৫০-৫০ আছিল। কিছুমানে দুৰ্নীতি কৰি নিযুক্তি পাইছিল। কিছুমানে দুৰ্নীতি নাইকৰা। কিন্তু দুৰ্নীতি কৰা কেইজনক দিবৰ বাবে বাকী কেইজনকো দিবলৈ বাধ্য হৈছিল। কাংখিত কোন আছিল, যি সকলে ১০-১৫ লাখ অথবা ২০-২৫ লাখ কট দিব পাৰে। আজি অসম চৰকাৰে সিদ্ধান্ত লৈছে যে চৰকাৰী চাকৰিত আমি ধন নলও। “

তাৎপৰ্যপূৰ্ণ যে ২০২১ চনৰ পূৰ্বে ৰাজ্যত বিজেপি নেতৃত্বাধীন চৰকাৰ আছিল। সেই সময়ত ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল বৰ্তমানৰ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। কাৰ্যতঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যই ২০১৬ চনৰ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনকো আওপকীয়াকৈ অভিযোগৰ কাঠগড়াত থিয় কৰিলে।

ৰূপজ্যোতি কুৰ্মীৰ কেলেণ্ডাৰত ফটো নাই সৰ্বানন্দ সোণোৱালৰ

শেহতীয়াকৈ আন এক বিষয়েও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা তথা তেওঁৰ ঘনিষ্ঠ সকলে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেওঁৰ ঘনিষ্ঠ সকলক একাশৰীয়া কৰিব যে বিচাৰিছে এই কথা প্ৰতিপন্ন কৰিছে। নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অৰ্থে মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এখন কেলেণ্ডাৰ প্ৰকাশ কৰিছে। তেওঁ এই কেলেণ্ডাৰখন সমষ্টিবাসীৰ ঘৰে ঘৰে দিব বুলিও সামাজিক মাধ্যমত সদৰী কৰিছে। লক্ষ্যণীয় কথা যে এই কেলেণ্ডাৰখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কাৰ্যকৰী সভাপতি নীতিন নবীন, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, আন এজন কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ ফটো সন্নিবিষ্ট কৰা হৈছে। আশ্চৰ্যকৰ কথা যে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী হোৱাৰ লগতে বিজেপিৰ উজনিৰ প্ৰভাৱশালী নেতা হোৱাৰ পিচতো কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফটো নাই কেলেণ্ডাৰখনত।

সেয়ে প্ৰশ্ন উত্থাপিত হৈছে ৰাজ্যিক বিজেপিত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰভাৱ পূৰ্বতকৈ হ্ৰাস পাইছে নেকি ? নে ক্ষমতাৰ স্বাৰ্থতেই তেওঁক একাশৰীয়া কৰাৰ কৌশল ৰচনা কৰিছে বিজেপিৰ এটা অংশই ।অৱশ্যে এইক্ষেত্ৰত কেন্দ্ৰীয় সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ বিপৰীতে স্থিতপ্ৰজ্ঞ হৈ আছে।

লগতে পঢ়ক: Assam Assembly Election 2026 BJP : ২০২৬ ৰ নিৰ্বাচন: নতুন যুৱমুখ, মহিলাই অগ্ৰাধিকাৰ পাব বিজেপিৰ প্ৰাৰ্থী তালিকাত


Advertisement