Piyush Hazarika Claims Gaurav Gogoi Is Popular in Pakistan and Bangladeshগৌৰৱ গগৈ পাকিস্তান, বাংলাদেশত জনপ্ৰিয়: বিস্ফোৰণ মন্ত্ৰী পিয়ুষ হাজৰিকাৰ

নগাঁওঃ গৌৰৱ গগৈৰ বিৰুদ্ধে পুনৰ মহাবিস্ফোৰণ ঘটালে মন্ত্ৰী পিয়ুষ হাজৰিকাই। এইবাৰ গৌৰৱ গগৈৰ পাকিস্তান, বাংলাদেশত জনপ্ৰিয়তা থকা কথা কৈ কটাক্ষ কৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই (Gaurav Gogoi Pakistan Bangladesh)। আনকি অসমতো সন্দেহযুক্ত নাগৰিকৰ প্ৰতি গৌৰৱ গগৈৰ দায়িত্ববোধ থকা বুলিও মন্তব্য কৰিলে মন্ত্ৰী পিয়ুষ হাজৰিকাই।

বৃহস্পতিবাৰে নগাঁৱৰ নেহৰুবালি অনুষ্ঠিত হোৱা ভোগালী উৎসৱৰ সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰি মন্ত্ৰী পিয়ুষ হাজৰিকাই আক্ৰমণৰ লক্ষ্য কৰি ললে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক (Piyush Hazarika)। প্ৰাক্তন আমছু নেতাৰ বিতৰ্কিত মন্তব্য আৰু কংগ্ৰেছ ত্যাগ সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী পিয়ুষ হাজৰিকাই কয়, “গৌৰৱ গগৈযয়ে আচলতে আত্মসমৰ্পণ কৰিছে। সন্দেহযুক্ত ব্যক্তিৰ ওচৰত গৌৰৱ গগৈয়ে কেতিয়াবাই আত্মসমৰ্পন কৰিছে। সেইকাৰণে তেওঁৰ পাকিস্তান, বাংলাদেশত বহুত জনপ্ৰিয়তা। সংসদত গৌৰৱ গগৈয়ে যিদিনাই ভাৰতক সমালোচনা কৰে সেইদিনা পাকিস্তানত তেওঁক ধন্যবাদ জনায়। নিউজ চেনেলত আলোচনা অনুষ্ঠিত হয়। বাংলাদেশত ফুৰ্তি কৰে। গৌৰৱ গগৈৰ অসমীয়াৰ ওপৰত দায়িত্ববোধ নাই। তেখেতৰ দায়িত্ববোধ বাংলাদেশী মিঞাৰ ওচৰত আৰু সন্দেহযুক্ত ব্যক্তিৰ ওচৰত। সেইকাৰণে গৌৰৱ গগৈৰ সন্মুখত শিৱসাগৰক ধুবুৰী কৰাৰ কথা কোৱাৰ পাছতো ৰেজাউল কৰিমৰ বিৰুদ্ধে তেওঁ একো কৰিব নোৱাৰিলে। সেইখিনি ব্যক্তিৰ ওচৰত গৌৰৱ গগৈ মেৰুদণ্ডহীন(Doubtful citizen)।”

উল্লেখযোগ্য যে, প্ৰাক্তন আমছু নেতা ৰেজাউল কৰিম সৰকাৰৰ শিৱসাগৰকেন্দ্ৰিক বিতৰ্কিত মন্তব্যক লৈ সম্প্ৰতি জোকাৰণিৰ সৃষ্টি হৈছে ৰাজ্যৰ ৰাজনীতিত। আনকি কংগ্ৰেছ দলৰ ভিতৰচ’ৰাতো সৃষ্টি হৈছে ধুমুহাৰ। অৱশেষত ৰেজাউল কৰিম সৰকাৰে কংগ্ৰেছ দলৰ পৰাও পদত্যাগ কৰিবলৈ বাধ্য হৈছে (Rejaul Karim sarkar Controversy)।

ৰেজাউল কৰিম সৰকাৰ প্ৰসংগত মন্ত্ৰী পিয়ুষ হাজৰিকাই গৌৰৱ গগৈক কৰা আক্ৰমণৰ প্ৰত্যুত্তৰ গৌৰৱ গগৈয়ে কিদৰে দিয়ে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ’ব।

লগতে পঢ়কঃ Gaurav Gogoi Pakistan Link: পাকিস্তানৰ সৈতে গৌৰৱ গগৈৰ পৰিয়ালৰ আছে গভীৰ সম্পৰ্ক: মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ


Advertisement