Rokibul Hussain Alleges Electoral Roll Manipulation in Assam, Living Voters Declared Deadজীৱিত লোকক মৃত সজাই নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ শুনানিৰ বাবে জাননী জাৰিৰ অভিযোগ

নগাঁওঃ ভূৱা আৰু ভিত্তিহীন অভিযোগেৰে এটা দুষ্ট চক্ৰ‌ই ভোটাৰ তালিকাৰ পৰা নাম কৰ্তনৰ ব্যাপক তৎপৰতা আৰম্ভ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে সাংসদ ৰকিবুল হুছেইনে। বৃহস্পতিবাৰে এক সংবাদ মেল যোগে SR ত সংঘটিত হোৱা খেলিমেলিৰ তথ্য ৰাজহুৱা কৰি প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ ধুবুৰী সংসদীয় সমষ্টিৰ সাংসদ ৰকিবুল হুছেইনে উত্থাপন কৰে ভয়ংকৰ অভিযোগ (Electoral Roll Manipulation Assam)।

সংবাদ মেলৰ আয়োজন কৰি ৰকিবুল হুছেইনে কয়, “ইমান দিনে ভোট চোৰ ভোট চোৰ কথাবোৰ ৰাইজে বিশ্বাস কৰিবলৈ টান পাইছিল (SR voter verification Assam)। কিন্তু এতিয়া সেইবোৰ কথা স্পষ্ট ৰূপত সত্য প্ৰমাণিত হ’বলৈ গৈ আছে। কিন্তু বৰ্তমানৰ বিজেপি চৰকাৰখনে এছ আৰৰ নামত ভোট চুৰিৰ নতুন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে। ভোট চুৰিৰ নামত আজি এনে কিছুমান তথ্য পোহৰলৈ আহিছে, যিবোৰ তথ্য‌ই সৰ্বসাধাৰণ ৰাইজক সতচকিত কৰি তুলিছে।”

সাংসদ ৰকিবুল হুছেইনে সংবাদ মেলত কেতবোৰ তথ্য দাঙি ধৰি কয়,”নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বহু জীৱিত লোকক মৃত সজাই স্থানীয় নিৰ্বাচনী পঞ্জীয়ন বিষয়া চমুকৈ ই আৰ অ’ই শুনানিৰ বাবে জাননী জাৰি কৰিছে (Rokibul Hussain allegation)। ইতিমধ্যে নগাঁও পৌৰসভা এলেকাৰ ১২ নং ৱাৰ্ডৰ ৬৪ গৰাকী লোকলৈ এনে জাননী জাৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।”

উল্লেখ্য যে, এই আটাই কেইজন লোক মৃত্যু হোৱাৰ অভিযোগ কৰিছে এগৰাকী অচিনাকি লোকে (Living voters declared dead)। যাৰ অভিযোগৰ ভিত্তিতে সমষ্টিটোৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই এই জাননী প্ৰেৰণ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, হাফিজ উদ্দিন আহমেদ, জাকিৰ হুছেইনকে ধৰি কেবাগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী উচ্চ পদস্থ বিষয়াৰ নামত মৃত্যু হোৱাৰ অভিযোগ উত্থাপন কৰি শুনানিত উপস্থিত হ’বলৈ জাননী প্ৰেৰণ কৰিছে।

আনহাতে, আজিৰ উদ্দিন, আব্দুল লতিফ মজুমদাৰ, হামিদা খাতুন নামৰ কেইবাৰাকী ৭০/৮০ উৰ্ধৰ ব্যক্তিৰ নামত অনুৰূপ জাননী প্ৰেৰণ কৰিছে। অকল এনে ব্যক্তিয়েই নহয়, বছৰ বছৰ ধৰি ভোটাৰ তালিকাৰ কামত নিয়োজিত স্বয়ং বি এল অ’কো মৃত সজাই শুনানিৰ বাবে জাননী প্ৰেৰণ কৰিছে। ইয়াৰে নগাঁও চহৰৰ আমিনপট্টি এলেকাৰ নুৰুদ্দিন আহমেদ আৰু ডাকাইপট্টি বৰ্তমানৰ ৰূপকোঁৱৰ চ’ক এলেকাৰ আমিনা খাতুন নামৰ দুগৰাকী বি এল অ’ জাননী লাভ কৰা বুলিও অভিযোগ উত্থাপন হৈছে।

ইয়াৰে নুৰুদ্দিনক মৃত সজোৱাৰ লগতে আমিনাক স্থান সলনিৰ কাৰণ দৰ্শাই জাননী জাৰি কৰা হৈছে বুলি জানিব পৰা গৈছে। এইদৰে নিশাটোৰ ভিতৰত এটা চক্ৰ‌ই নগাঁৱৰ শ শ লোকৰ বিৰুদ্ধে মৃত্যু হোৱা, স্থান সলনি কৰাৰ ভূৱা কাৰণ দৰ্শাই অভিযোগ দাখিল কৰা ঘটনা সন্দৰ্ভত একাংশ ভুক্তভোগীয়ে ইতিমধ্যে জিলা নিৰ্বাচনী বিষয়াক অভিযোগ দাখিল কৰিছে।

লগতে পঢ়কঃ বিজেপিৰ SR-ৰ ফান্দত বিপন্ন খিলঞ্জীয়াৰ ভৱিষ্যতঃ দেৱব্ৰত শইকীয়াৰ অভিযোগ


Advertisement