নগাঁওঃ জীৱিত লোকক মৃত ঘোষণা কৰি ভোটাৰৰ তালিকাৰ পৰা নাম কৰ্তন কৰি দিয়া বুলি প্ৰচাৰিত এক বাতৰি সন্দৰ্ভত স্পষ্ট কৰিছে নগাঁও জিলা প্ৰশাসনে (Voter list deletion Assam)। জিলাখনত কোনো জীৱিত লোকক মৃত ঘোষণা কৰি নাম কৰ্তন কৰা নাই বুলি জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্তই এক প্ৰেছ বিবৃতি যোগে স্পষ্ট কৰি দিছে অই তথ্য।
প্ৰেছ বিবৃতিত উল্লেখ কৰা অনুসৰি, ৬০ নং নগাওঁ-বটদ্রৱা বিধানসভা সমষ্টিৰ কিছুমান জীৱিত ভোটাৰক মৃত বুলি ঘোষণা কৰা হৈছে বুলি একাংশ সংবাদ-মাধ্যমত প্ৰকাশ পোৱা বাতৰি সম্পূৰ্ণৰূপে ভুল আৰু বিভ্রান্তিকৰ।
লগতে প্ৰেছ বিবৃতিতটোত উল্লেখ কৰিছে এইদৰে- এই সন্দৰ্ভত স্পষ্ট কৰি জনোৱা হয় যে, কোনো জীৱিত ভোটাৰক মৃত বুলি ঘোষণা কৰা হোৱা নাই আৰু আইনৰ যথাযথ প্রক্রিয়া অনুসৰণ নকৰাকৈ কোনো ভোটাৰৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হোৱা নাই।
নির্বাচক পঞ্জীয়ন নিয়ম, ১৯৬০ৰ ধাৰা ১৯ অনুসৰি স্বীকৃত ৰাজনৈতিক দলসমূহৰ বুথ লেভেল এজেন্ট (BLA) সকলৰ পৰা ভোটাৰৰ মৃত্যু সন্দৰ্ভত প্র-পত্র নং ৭ত আপত্তি লাভ কৰা হৈছে। এনে আপত্তি লাভ হোৱাৰ পাছত, প্রতিনিধিত্ব আইন, ১৯৫০ৰ ধাৰা ২২ৰ সৈতে পঢ়ি নির্বাচক পঞ্জীয়ন নিয়ম, ১৯৬০ৰ ধাৰা ২০ আৰু ২১ অনুসৰি নিৰ্ধাৰিত প্ৰক্ৰিয়া অনুসৰণ কৰাটো নির্বাচনী পঞ্জীয়ন বিষয়া (ERO)ৰ বাবে আইনীভাৱে বাধ্যতামূলক (Election Commission Assam)।
সেই অনুসাৰে, আপত্তিদাতা আৰু যাৰ বিপৰীতে আপত্তি দাখিল কৰা হৈছে উভয় পক্ষকেই আইনী শুনানিৰ বাবে প্ৰ-পত্র নং ১৩ আৰু প্ৰ-পত্র নং ১৪ যোগেদি জাননী প্ৰেৰণ কৰা হৈছে। এই জাননী প্ৰেৰণ কৰাটো এক বাধ্যতামূলক আইনী সুৰক্ষা ব্যৱস্থা আৰু ইয়াৰ অৰ্থ এই নহয় যে আপত্তিসমূহ গৃহীত কৰা হৈছে বা সংশ্লিষ্ট ভোটাৰক মৃত বুলি ঘোষণা কৰা হৈছে (Assam voter update)।
আইনৰ বিধান অনুসৰি চূড়ান্ত সিদ্ধান্ত গ্রহণ নকৰালৈকে সংশ্লিষ্ট ভোটাৰসকলৰ নাম ভোটাৰ তালিকাত বহাল থাকিব।
জিলা নির্বাচনী কার্যালয়ে ভোটাৰ তালিকাৰ শুদ্ধতা, স্বচ্ছতা আৰু সততা সংৰক্ষণ কৰাৰ প্ৰতি দৃঢ়ভাৱে অংগীকাৰবদ্ধ হৈ আছে, যাতে কোনো যোগ্য ভোটাৰ বঞ্চিত নহয় আৰু কোনো অযোগ্য নাম তালিকাত বহাল নাথাকে।”
উল্লেখযোগ্য যে, জীৱিত লোকক মৃত ঘোষণা কৰা সন্দৰ্ভত বৃহস্পতিবাৰে সংবাদ মেল আয়োজন কৰি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল কংগ্ৰেছৰ সাংসদ ৰকিবুল হুছেইনে।
লগতে পঢ়কঃ জীৱিত লোকক মৃত সজাই নিৰ্বাচনী পঞ্জীয়ন বিষয়াৰ শুনানিৰ বাবে জাননী জাৰিৰ অভিযোগ
