নিউজ ডেস্কঃ মধ্যপ্ৰদেশৰ অনুপ্পুৰ জিলাৰ আমৰকণ্টকত অৱস্থিত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় জনজাতি বিশ্ববিদ্যালয়ৰ (IGNTU)-ৰ এটা হোষ্টেলত অসমৰ এগৰাকী ২২ বছৰীয়া স্নাতকোত্তৰ ছাত্ৰক আক্ৰমণ কৰাৰ অভিযোগত পাঁচজন ছাত্ৰক বহিষ্কাৰ কৰাৰ লগতে তেওঁলোকৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে (Assam student attack Madhya Pradesh)।মধ্যপ্ৰদেশৰ আৰক্ষী সূত্ৰে এই কথা প্ৰকাশ। সংবাদ প্ৰতিষ্ঠান PTI য়ে উল্লেখ কৰা মতে অভিযুক্ত ছাত্র কেইজন ক্ৰমে অনুৰাগ পাণ্ডে, যতীন সিং, ৰাজনীশ ত্রিপাঠী, বিশাল যাদৱ আৰু উৎকর্ষ সিঙৰ বিৰুদ্ধে ১১৫ (২), ২৯৬, ৩৫১( ৩) আৰু ৩(৫) ভাৰতীয় ন্যায় সংহিতাৰ ধাৰাত গোচৰ ৰুজু হৈছে (North East students attack)।
কি হৈছিল ঘটনাটো
অসমৰ হিৰোজ দাস নামৰ মধ্যপ্ৰদেশৰ ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় জনজাতি বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্রজনক যোৱা ১৩ জানুৱাৰীত বিশ্ববিদ্যালয়ৰ প্ৰায় ৬-৭ জনীয়া ছাত্রৰ দলে আক্ৰমণ কৰিছিল।হিৰোজক দলটোৱে তেওঁৰ নাম আৰু কোন ঠাইৰ পৰা আহিছে বুলি প্রশ্ন কৰিছিল। উত্তৰত হিৰোজে অসমৰ পৰা আহিছে বুলি কোৱাৰ পিচতে ছাত্ৰৰ দলটোৱে তেওঁক আক্ৰমণ কৰে (IGNTU Assam student assault)।
এই আক্ৰমণত হিৰোজ গুৰুতৰভাৱে আহত হয় । আহত ছাত্রজনক প্ৰথমে প্ৰাথমিক চিকিৎসা প্ৰদানৰ পিছত তেওঁ অৱস্থা গুৰুতৰ হোৱাত গৌৰেলা-পেন্দ্ৰ-মাৰৱাহি জিলা হাস্পতাললৈ উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় (Assam student assaulted outside state)।
ঘটনা সন্দৰ্ভত অৱশ্যে বিশ্ববিদ্যালয়ৰ একাংশ ছাত্র-ছাত্রীয়ে প্ৰতিবাদ সাব্যস্ত কৰাত বিশ্ববিদ্যালয় প্রশাসনে তদন্ত আৰম্ভ কৰি অভিযুক্ত পাঁচজন ছাত্ৰক বহিস্কাৰ কৰে।
তদুপৰি ১৪ জানুৱাৰীত ঘটনা সংক্ৰান্তত অমৰকণ্টক থানাত এজাহাৰ দাখিল কৰা হয়।সেই এজাহাৰ মৰ্মেই অভিযুক্ত ছাত্র কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ।
আক্ৰমণ কাৰ্যক গৰিহণা
সংবাদ প্ৰতিষ্ঠান PTI য়ে উল্লেখ কৰা মতে, এই ঘটনাক লৈ মধ্যপ্ৰদেশ কংগ্ৰেছে শাসকীয় বিজেপিক কঠোৰভাৱে সমালোচনা কৰিছে। ৰাজ্যিক বিধানসভাৰ বিৰোধী দলৰ নেতা উমং সিংহাৰে শাসক দলৰ সৈতে জড়িত কিছুমান যুৱকে বিশ্ববিদ্যালয় চৌহদত ড্ৰাগছ সেৱন কৰে আৰু ছাত্ৰসকলক আক্ৰমণ কৰে বুলি অভিযোগ উত্থাপন কৰিছে।,
ইয়াৰ বিপৰীতে বিজেপিৰ ছাত্র সংগঠন ABVP-এ আক্ৰমণৰ বিৰুদ্ধে প্ৰতিবাদ জনাই অনুপ্পুৰৰ আৰক্ষী অধীক্ষকৰ ওচৰত এখন স্মাৰক পত্ৰ দাখিল কৰিছে। দুসপ্তাহৰ ভিতৰত এই কেন্দ্ৰীয় বিশ্ববিদ্যালয়খনত পৰিস্থিতিৰ উন্নত নহলে, শআন্দোলন আৰম্ভ কৰিব বুলি অনুপ্পুৰ জিলা ABVP-ৰ সংগঠনিক সম্পাদক শিৱেন্দ্ৰ চতুৰ্বেদীয়ে PTI-ক জনায়।
বাৰে বাৰে আক্ৰমণৰ বলি উত্তৰ পূৰ্বাঞ্চলৰ ছাত্রঃ
বহিঃৰাজ্যত বাৰে বাৰে আক্ৰমণৰ বলি হৈছে উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র। ত্ৰিপুৰাৰ এঞ্জেল চাকমা নামৰ যুৱকজনক উত্তৰাখণ্ডৰ ডেৰাডুনত হত্যা কৰা ঘটনাৰ চাঞ্চল্য মাৰ নাযাওঁতেই পুনৰ মধ্যপ্ৰদেশত অসমৰ ছাত্ৰ আক্ৰমণৰ বলি হোৱা ঘটনা সহজ ভাবে লব পৰা নাই অসমৰ জনসাধাৰণে (Racial discrimination North East students)। বহিঃৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্রী এনেদৰে বৰ্ণবৈষম্যৰ বলি হোৱা ঘটনাৰ প্ৰসংগত ৰাজ্য চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে লক্ষ্যণীয় হব।
লগতে পঢ়কঃ Angel Chakma Killing: বহিঃৰাজ্যত উত্তৰ পূৰ্বাঞ্চলৰ ছাত্র-ছাত্রী বৰ্ণবাদৰ বলি হোৱাৰ অভিযোগ
