PM Modi Assam Visit for Kaziranga Elevated Corridor foundation ceremonyদুদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

গুৱাহাটী: শনিবাৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষী কৰি জনগোষ্ঠীয়ে নৃত্য বাগুৰুম্বা প্ৰদৰ্শনেৰে গঢ়িব অভিলেখ। শনিবাৰে দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া কাৰ্যসূচীত অংশগ্ৰহণৰ পাছত দেওবাৰে নগাঁৱৰ কলিয়াবৰত উপস্থিত হৈ কাজিৰঙা এলিভেটেড কৰিড’ৰৰ ভূমি পূজন কৰি মৌচান্দা পথাৰত বিশাল জনসভা সম্বোধন কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। – PM Modi Assam Visit

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসম ভ্ৰমণ সন্দৰ্ভত শুক্ৰবাৰে সংবাদ মাধ্যমৰ সন্মুখত সদৰী কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত উল্লেখ কৰা অনুসৰি, শনিবাৰে গুৱাহাটীত উপস্থিত হৈ গুৱাহাটীৰ ১ নং ৰাজ্যিক অতিথিশালাত কটোৱাৰ পাছত দেওবাৰে পুৱা ১১ বজাত নগাঁৱৰ কলিয়াবৰৰ মৌচান্দা পথাৰত অনুষ্ঠিত হ’বলগীয়া বিশাল জনসভা সম্বোধন কৰিব। মৌচান্দা পথাৰৰ ৰাজহুৱা সভাৰ পৰাই কলিয়াবৰৰ পৰা বোকাখাতলৈ ৩৪.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব। এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে ইউনিয়ন কেবিনেটে ৬,৯৫৭ কোটি টকা অনুমোদন দিছে।

লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে, এলিভেটেড কৰিড’ৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে ভূমি অধিগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন কৰিছে। এলিভেটেড কৰিডৰ নিৰ্মাণৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে নিবিদা প্ৰক্ৰিয়াও প্ৰায় চূড়ান্ত কৰিছে। এই এলিভেটেড কৰিডৰ নিৰ্মাণ হোৱাৰ লগে লগে বানৰ সময়ত দুৰ্ঘটনাত নিহত হোৱা বন্য জীৱ জন্তুৰ মৃত্যুৰ সংখ্যা নোহোৱা হ’ব। লগতে কলিয়াবৰৰ পৰা বোকাখাটলৈ যোৱা সময় ২০ মিনিটলৈ হ্ৰাস পাব। এলিভেটেড কৰিডৰ নিৰ্মাণ হোৱাৰ পাছতো কাজিৰঙাৰ পথটো ব্যক্তিগত বাহন অথৱা যাত্ৰীবাহী বাহনৰ বাবে মুকলি থাকিব।

শনিবাৰে গুৱাহাটীৰ সৰুসজাইত অভিলেখ গঢ়িবলৈ ১০ হাজাৰ নৃত্য শিল্পীয়ে প্ৰদৰ্শন কৰিব লগীয়া অনুষ্ঠানতো অংশগ্ৰহণ কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

লগতে পঢ়ক: নগাঁৱলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, স্থান পৰিদর্শন মন্ত্ৰী, জিলা প্ৰশাসনৰ


Advertisement