নিউজ ডেস্ক: যন্ত্ৰণাৰ মাজতো জীৱনৰ জয়গান গোৱা নৱপ্ৰজন্মৰ বিশিষ্ট লেখক, ওপন্যাসিক, নিৱন্ধকাৰ শৰ্মিষ্ঠা প্ৰীতমলৈ যোৰহাট সাহিত্য বঁটা প্ৰদান কৰিছে। তেওঁৰ নীল সাগৰৰ শংখধ্বনি নামৰ উপন্যাস খনৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে। অহা ২৫ জানুৱাৰীত তৃতীয় যোৰহাট সাহিত্য উৎসৱত এই বঁটা প্ৰদান কৰা হব।
উল্লেখযোগ্য যে ১৯৮৭ চনৰ ১৮ ডিচেম্বৰত নগাঁও জিলাৰ ফুলগুৰিত জন্মগ্ৰহণ কৰা শৰ্মিষ্ঠা প্ৰীতম বৰুৱা সম্প্ৰতি অসমৰ সাহিত্য ক্ষেত্ৰখনৰ এক পৰিচিত নাম। ইতিমধ্যেই বহু কেইখন গ্ৰন্থৰে প্ৰখ্যাতহৈ পৰা শৰ্মিষ্ঠাৰ কেইবাখনো গ্ৰন্থ আন্তৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত হৈছে।
শৰ্মিষ্ঠাৰ প্ৰকাশিত গ্ৰন্থ সমূহ
২০১১ চনত তেওঁৰ আত্মজীৱনীমূলক গ্ৰন্থ ‘আত্মকথা’ প্ৰকাশ হয়। ২০১৪ চনত জীৱনীমূলক আখ্যান ‘অন্তহীন’, ২০১৬ চনত উপন্যাস ‘ৰং’, ২০১৭ চনত উপন্যাস ‘বলুকাত বিয়লি বেলা’, ২০১৯ চনত উপন্যাস ‘পৰাণ নিগৰে’, পৰৱৰ্তী সময়ত শিশু উপন্যাস ‘আলফুলৰ সপোন’ আদি গ্ৰন্থ প্ৰকাশ পায়। শেহতীয়াকৈ শৰ্মিষ্ঠাৰ বিগত বৰ্ষত শৰ্মিষ্ঠাৰ নৱতম উপন্যাস ‘নীল সাগৰৰ শংখধ্বনি’ প্ৰকাশ পাইছে। এই উপন্যাসখনে ইতিমধ্যেই পাঠকৰ সমাদৰ লাভ কৰিছে। শৰ্মিষ্ঠা প্ৰীতমৰ প্ৰায়বোৰ গ্ৰন্থই প্ৰকাশ কৰিছে অসমৰ প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী আলিবাট প্ৰকাশনে। এই প্ৰকাশন গোষ্ঠীটোৰ স্বতাধিকাৰ হৈছে প্ৰাঞ্জল কুমাৰ মহন্ত।
অন্য ভাষালৈ অনুদিত শৰ্মিষ্ঠাৰ গ্ৰন্থ
শৰ্মিষ্ঠা প্ৰীতমৰ “আত্মকথা” গ্ৰন্থখন ‘নেশ্যনেল বুক ট্ৰাষ্ট অৱ ইণ্ডিয়া’ই ভাৰতৰ সংবিধান স্বীকৃত আটাইবোৰ ভাষালৈ অনুবাদ কৰাৰ সিদ্ধান্ত কৰিছে। ইতিমধ্যে গ্ৰন্থখনৰ ইংৰাজী অনুবাদ (Sun On My Face) আৰু হিন্দী অনুবাদ (মেৰা জীৱন মেৰী কহানী) প্ৰকাশ হৈ ওলাইছে। গ্ৰন্থখনৰ বাংলা সংস্কৰণ বাংলাদেশৰ “ভাষা চিত্ৰ” নামৰ অভিজাত প্ৰকাশনৰ পৰা প্ৰকাশ পাইছে।
শৰ্মিষ্ঠা প্ৰীতমৰ ‘ৰং’ নামৰ উপন্যাসখনক ৰঞ্জিতা বিশ্বাসে ইংৰাজী ভাষালৈ ‘Beneath the simolu tree’ নামেৰে অনুবাদ কৰিছে। ২০২৪ চনৰ ১৬ জানুৱাৰীত প্ৰকাশ হোৱা গ্ৰন্থখনৰ প্ৰকাশক Simon & Schuster । নগাঁও জিলাৰ ফুলগুৰিৰ ৰেল ষ্টেচনত থকা এজোপা শিমলু গছে ‘ৰং’ নামৰ উপন্যাস খনৰ এটা চৰিত্ৰহৈ ইয়াৰ ইংৰাজী সংস্কৰণ ‘Beneath the simolu tree’ নামৰে বিশ্বমুখী যাত্ৰা কৰিছে।
বঁটা আৰু সন্মান :
বিশিষ্ট লেখিকা শৰ্মিষ্ঠা প্ৰীতমে বহু কেইটা বঁটা তথা সন্মান লাভ কৰিছে। ইয়াৰ ভিতৰত অন্যতম হৈছে মুনীন বৰকটকী বঁটা । ২০১২ চনত আত্মজীৱনীমূলক গ্ৰন্থ ‘আত্মকথা’ৰ বাবে তেওঁ এই বঁটা লাভ কৰিছিল। তদুপৰি ২০১৭ চনত দেৱচন্স বিশেষ সাহিত্য বঁটা, একেটা বৰ্ষতে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ পৰা ‘নেশ্যনেল ফেল’শ্বিপ’, ৰং উপন্যাসৰ বাবে হোমেন বৰগোহাঞি সাহিত্য বঁটা, ২০২০ চনত ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা, ২০২৩ চনত শিল্পকৰ্মৰ বাবে ভিউফাইণ্ডাৰ বঁটা, ২০২৪ চনত অনন্যা বঁটা, ২০২৫ চনত অসম চৰকাৰৰ যুৱ লেখক সন্মানৰে সন্মানিত হৈছে। কেৱল সেইয়াই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সমাদৃত হোৱা ৰং উপন্যাসৰ ইংৰাজী অনুবাদ Beneath the simolu tree গ্ৰন্থৰ বাবে ক্ৰছৱৰ্ডৰ ২০২৪ চনৰ ‘গ্ৰন্থ বঁটা’ৰ বাবে নিৰ্বাচিত হৈছে। শেহতীয়াকৈ ‘নীল সাগৰৰ শংখধ্বনি’ নামৰ উপন্যাসৰ বাবে লাভ কৰিছে যোৰহাট সাহিত্য বঁটা ।
শৰ্মিষ্ঠাৰ জীৱনৰ ওপৰত বোলছবি
শৰ্মিষ্ঠা প্ৰীতমৰ জীৱনৰ আধাৰত চলচ্চিত্ৰও নিৰ্মাণ হৈছে। চলচ্চিত্ৰ পৰিচালিকা ববী শৰ্মা বৰুৱাই নিৰ্মাণ কৰা এই চলচ্চিত্ৰখনৰ নাম ‘ৰ’দৰ পাখি’ । ‘ইমাজিন মিডিয়া’ৰ বেনাৰত নিৰ্মিত এই চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে বসন্ত কুমাৰ বৰুৱা, ডঃ ববী শৰ্মা বৰুৱা আৰু সুলক্ষণা বৰুৱাই। চলচ্চিত্ৰখনৰ মুখ্য ভূমিকাত অভিনয় কৰিছে সুলক্ষণা বৰুৱা, কমল লোচন, অৰুণ নাথ আৰু বীনা পটংগীয়াই।
মৰণোত্তৰ দেহদান
শৰ্মিষ্ঠা প্ৰীতম ইলোৰা বিজ্ঞান মঞ্চৰ আজীৱন সদস্য। তেওঁ এই মঞ্চৰ জৰিয়তে মৰণোত্তৰ দেহদান কৰিছে। তেওঁ ৰহাৰ “অকণিৰ কবিতা ঘৰ”ৰ (ৰহা) লগতো জড়িত। কেৱল সেইয়া নহয়, ভাৰতজুৰি SMA সম্প্ৰদায়ৰ বাবে কাম কৰা শৰ্মিষ্ঠা প্ৰীতম Cure SMA India Foundation-ৰ উত্তৰ-পূৱৰ সমন্বয়ৰক্ষী।
এই বঁটা মোৰ কাহিনীৰ প্ৰতি অন্তহীন ভালপোৱাৰ এক স্বীকৃতিঃ শৰ্মিষ্ঠা
যোৰহাট সাহিত্য বঁটা লাভ কৰাৰ প্ৰসংগত শৰ্মিষ্ঠা প্ৰীতমে কয়, “নীল সাগৰৰ শংখধ্ববনি” মোৰ এটা কঠিন যাত্ৰাৰ মূৰত ভুমুকি মৰা পোহৰ। পাঠকৰ সঁহাৰিৰ লগতে “যোৰহাট সাহিত্য বঁটা”ৰ প্ৰাপ্তি মোৰ বাবে অন্য এক অনুপ্ৰেৰণা আৰু দায়বদ্ধতাৰ সকীয়নি। আচলতে এয়া মোৰ কাহিনীৰ প্ৰতি অন্তহীন ভালপোৱাৰ এক স্বীকৃতি। মোৰ শব্দবোৰৰ প্ৰতি আস্থাশীল পাঠকসকলৰ লগতে “যোৰহাট সাহিত্য-উৎসৱ”ৰ আয়োজক মণ্ডলী প্ৰমুখ্যে যোৰহাটবাসীলৈ মোৰ কৃতজ্ঞতা জনাইছোঁ।
লগতে পঢ়ক: Sparsha-3 Literary Award লাভ কৰিলে নগাঁৱৰ লেখিকা পিংগলিকা বৰকটকীয়ে

